অসমীয়া সাধাৰণ জ্ঞান ২০২২ – Current Affairs in Assamese language

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ “Assamese Current Affairs” ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ Assam Police ৰ লিখিত পৰীক্ষা, অসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই অসমীয়া সাধাৰণ জ্ঞান ২০২২ ৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে। তলত আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংকো শ্বেয়াৰ কৰা হৈছে। তাতো নিতৌ কুইজ প্ৰচাৰ কৰি থকা হয়, আগ্ৰহী হ’ল যোগদান কৰিব পাৰে।

প্ৰতিদিনে Free Assamese Online Mock Test দিবলৈ এই লিংকত ক্লি’ক কৰক:- JOIN NOW

অসমীয়া সাধাৰণ জ্ঞান ২০২২

Assamese Current Affairs – নতুন কুইজ ২০২১

প্ৰশ্ন ১। কোন ভাৰতীয়ই মিছ ইউনিভাৰ্ছ ২০২১ খিতাপ জিকিছে?

উত্তৰ:- ভাৰতীয় হৰনাজ কৌৰ সান্ধুয়ে মিছ ইউনিভাৰ্ছ ২০২১ খিতাপ জিকিছে।

প্ৰশ্ন ২। গুজৰাটৰ কোন জন বিধায়কৰ শেহতীয়াকৈ ৪৪ বছৰ বয়সত ডেংগুত মৃত্যু হৈছে?

উত্তৰ:- গুজৰাটৰ বিধায়ক আশা পেটেলৰ
শেহতীয়াকৈ ৪৪ বছৰ বয়সত ডেংগুত মৃত্যু হৈছে।

প্ৰশ্ন ৩। লুইছ হেমিল্টনক পৰাস্ত কৰি Abu Dhabi Grand Prix F-1 Race কোনে জিকিছে?

উত্তৰ:- লুইছ হেমিল্টনক পৰাস্ত কৰি Abu Dhabi Grand Prix F-1 Race মেক্স ভাৰ্ষ্টাপেনে জিকিছে।

প্ৰশ্ন ৪। গাখীৰ উৎপাদকসকলৰ বাবে উত্তৰাখণ্ড ৰাজ্য চৰকাৰে কোনটো আঁচনি আৰম্ভ কৰিছে?

উত্তৰ:- গাখীৰ উৎপাদকসকলৰ বাবে উত্তৰাখণ্ড ৰাজ্য চৰকাৰে “Milk Price Incentive Scheme” নামৰ আঁচনিখন আৰম্ভ কৰিছে।

প্ৰশ্ন ৫। আইএমডি ৱৰ্ল্ড কম্পিটিটিভ চেণ্টাৰে প্ৰকাশ কৰা শেহতীয়া প্ৰতিবেদন অনুসৰি, কোন খন দেশক “বিশ্ব প্ৰতিভা ৰেংকিং প্ৰতিবেদন”ত প্ৰথম স্থান দিয়া হৈছে?

উত্তৰ:- আইএমডি ৱৰ্ল্ড কম্পিটিটিভ চেণ্টাৰে প্ৰকাশ কৰা শেহতীয়া প্ৰতিবেদন অনুসৰি, চুইজাৰলেণ্ড দেশক “বিশ্ব প্ৰতিভা ৰেংকিং প্ৰতিবেদন”ত প্ৰথম স্থান দিয়া হৈছে।

অসমীয়া সাধাৰণ জ্ঞান ২০২১-২০২২

প্ৰশ্ন ৬। ৰাষ্ট্ৰসংঘৰ শিশু পুঁজি (United Nations Children’s Fund) ৰ নতুন মুৰব্বী হিচাপে কাক নিযুক্তি দিয়া হৈছে?

উত্তৰ:- ৰাষ্ট্ৰসংঘৰ শিশু পুঁজি (United Nations Children’s Fund) ৰ নতুন মুৰব্বী হিচাপে কেথেৰিন ৰাছেলক নিযুক্তি দিয়া হৈছে।

প্ৰশ্ন ৭। কোন খন দেশৰ চৰকাৰে বিশ্বৰ প্ৰথম ১০০% কাগজবিহীন চৰকাৰ বুলি ঘোষণা কৰিছে?

উত্তৰ:- ইউ.এ.ই. দেশৰ চৰকাৰে বিশ্বৰ প্ৰথম ১০০% কাগজবিহীন চৰকাৰ বুলি ঘোষণা কৰিছে।

প্ৰশ্ন ৮। শিক্ষা খণ্ডৰ কোম্পানী বাইজুচে কাক ইয়াৰ নতুন ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি দিছে?

উত্তৰ:- শিক্ষা খণ্ডৰ কোম্পানী বাইজুচে অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাক ইয়াৰ নতুন ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি দিছে।

প্ৰশ্ন ৯। ভাৰতীয় বায়ু সেনাৰ সহযোগত ডিআৰডিঅ’ৰ দ্বাৰা কোনটো থলুৱা মিছাইলৰ সফল পৰীক্ষা কৰা হৈছে?

উত্তৰ:- ভাৰতীয় বায়ু সেনাৰ সহযোগত ডিআৰডিঅ’ৰ দ্বাৰা এণ্টি টেংক মিছাইলৰ ষ্টেণ্ড সফল পৰীক্ষা কৰা হৈছে।

প্ৰশ্ন ১০। জ্যেষ্ঠ ৰয়িং খেলুৱৈ অৰবিন্দ সিঙৰ দ্বাৰা এছিয়ান ৰোয়িং চেম্পিয়নশ্বিপৰ লাইটৱেট পুৰুষ একক স্কুলছ ইভেণ্টত কোনটো পদক জিকিছে?

উত্তৰ:- জ্যেষ্ঠ ৰয়িং খেলুৱৈ অৰবিন্দ সিঙৰ দ্বাৰা এছিয়ান ৰোয়িং চেম্পিয়নশ্বিপৰ লাইটৱেট পুৰুষ একক স্কুলছ ইভেণ্টত সোণৰ পদক জিকিছে।

লগতে পঢ়ক

অস্বীকাৰ: আমি আপোনালোকৰলৈ প্ৰশ্ন আৰু উত্তৰসমূহ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি প্ৰদান কৰোঁ। কেতিয়াবা যিকোনো প্ৰশ্নোত্তৰৰ ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আপোনালোকক আমাক অৱগত কৰিবলৈ অনুৰোধ জনোৱা হ’ল।