অসমীয়া সাধাৰণ জ্ঞান 2022 / Assamese GK 2022

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ “অসমীয়া সাধাৰণ জ্ঞান 2022” ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ Assam Police ৰ লিখিত পৰীক্ষা, অসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে। লগতে প্ৰতিদিনে Free Assamese Online Mock Test দিবলৈ এই লিংকত ক্লি’ক কৰক:- JOIN NOW

অসমীয়া সাধাৰণ জ্ঞান ২০২২ / Assamese GK 2022

অসমীয়া কুইজ 2022 / Assamese Quiz 2022

প্ৰশ্ন ১। চীনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত কোন হ’ব?

উত্তৰ:- চীনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত নিকোলাছ বাৰ্ণছ হ’ব।

প্ৰশ্ন ২। ভাৰতৰ ১২ বছৰীয়া হংসিনী মথান ৰাজনে চিৰিয়ান অলিম্পিয়ান হেণ্ড জাজাক পৰাস্ত কৰি কোনটো খিতাপ জিকিছে?

উত্তৰ:- ভাৰতৰ ১২ বছৰীয়া হংসিনী মথান ৰাজনে চিৰিয়ান অলিম্পিয়ান হেণ্ড জাজাক পৰাস্ত কৰি ITTF Hopes and Challenge Table Tennis Tournament খিতাপ জিকিছে।

প্ৰশ্ন ৩। ট্ৰুকলাৰে প্ৰকাশ কৰা শেহতীয়া প্ৰতিবেদন অনুসৰি, স্পাম কলৰ দ্বাৰা প্ৰভাৱিত বিশ্বৰ শীৰ্ষ ২০ খন দেশৰ ভিতৰত ভাৰতে কোনটো স্থান লাভ কৰিছে?

উত্তৰ:- ট্ৰুকলাৰে প্ৰকাশ কৰা শেহতীয়া প্ৰতিবেদন অনুসৰি, স্পাম কলৰ দ্বাৰা প্ৰভাৱিত বিশ্বৰ শীৰ্ষ ২০ খন দেশৰ ভিতৰত ভাৰতে চতুৰ্থ স্থান লাভ কৰিছে।

প্ৰশ্ন ৪। ১৯৭১ চনৰ যুদ্ধত পাকিস্তানী সেনাই বাংলাদেশত ভাঙি পেলোৱা কোনটো মন্দিৰ পুনৰুদ্ধাৰৰ পিছত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে উদ্বোধন কৰিছে?

উত্তৰ:- ১৯৭১ চনৰ যুদ্ধত পাকিস্তানী সেনাই বাংলাদেশত ভাঙি পেলোৱা শ্ৰী ৰামনা কালী মন্দিৰ পুনৰুদ্ধাৰৰ পিছত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে উদ্বোধন কৰিছে। বৰ্তমান এই মন্দিৰটো বাংলাদেশত অৱস্হিত।

প্ৰশ্ন ৫। ২০২০ বৰ্ষৰ বাবে বিখ্যাত সাহিত্য প্ৰতিষ্ঠান “মিডিয়াম”ৰ দ্বাৰা কাক সন্মানীয় আথাছ পিক বঁটা প্ৰদান কৰা হৈছে?

উত্তৰ:- ব্যংগকাৰ প্ৰেম জন্মেজয় আৰু যুৱ সন্মান ব্যংগকাৰ অনুজ খাৰেক ২০২০ বৰ্ষৰ বাবে বিখ্যাত সাহিত্য প্ৰতিষ্ঠান “মিডিয়াম”ৰ দ্বাৰা সন্মানীয় আথাছ পিক বঁটা প্ৰদান কৰা হৈছে।

প্ৰশ্ন ৬। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা কালি অৰ্থাৎ ১৮ ডিচেম্বৰত উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰ ভ্ৰমণৰ সময়ত কোনখন ৫৯৪ কিলোমিটাৰ এক্সপ্ৰেছৱেৰ আধাৰশিলা স্থাপন কৰিছিল?

Current Affairs GK in Assamese language

উত্তৰ:- প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা কালি অৰ্থাৎ ১৯ ডিচেম্বৰত উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰ ভ্ৰমণৰ সময়ত গংগা এক্সপ্ৰেছৱে নামৰ ৫৯৪ কিলোমিটাৰ এক্সপ্ৰেছৱেৰ আধাৰশিলা স্থাপন কৰিছিল।

প্ৰশ্ন ৭। জামিয়া মিলিয়া ইছলামিয়াৰ কোন দুজন অধ্যাপকক উত্তৰ প্ৰদেশ উৰ্দু একাডেমী বঁটা প্ৰদান কৰা হৈছে?

উত্তৰ:- জামিয়া মিলিয়া ইছলামিয়াৰ অধ্যাপকক ডঃ আব্দুল নাছিব আৰু ড° খালিদ জাভেদক উত্তৰ প্ৰদেশ উৰ্দু একাডেমী বঁটা প্ৰদান কৰা হৈছে।

প্ৰশ্ন ৮। বাতৰি কাকত আৰু আলোচনীসমূহৰ শীৰ্ষ সংস্থা ইণ্ডিয়ান নিউজপেপাৰ চছাইটি আইএনএছৰ নতুন সভাপতি হিচাপে কাক নিযুক্তি দিয়া হৈছে?

উত্তৰ:- বাতৰি কাকত আৰু আলোচনীসমূহৰ শীৰ্ষ সংস্থা ইণ্ডিয়ান নিউজপেপাৰ চছাইটি আইএনএছৰ নতুন সভাপতি হিচাপে মোহিত জৈনক নিযুক্তি দিয়া হৈছে।

প্ৰশ্ন ৯। ই-কমাৰ্চ জায়ান্ট আমাজন আৰু ফিউচাৰ কুপনৰ মাজত হোৱা চুক্তি স্থগিত ৰাখি ভাৰতীয় প্ৰতিযোগিতা আয়োগ (Competition Commission of India) য়ে আমাজনৰ ওপৰত কিমান কোটি টকা জৰিমনা আৰোপ কৰিছে?

উত্তৰ:- ই-কমাৰ্চ জায়ান্ট আমাজন আৰু ফিউচাৰ কুপনৰ মাজত হোৱা চুক্তি স্থগিত ৰাখি ভাৰতীয় প্ৰতিযোগিতা আয়োগ (Competition Commission of India) য়ে আমাজনৰ ওপৰত ২০২ কোটি টকা জৰিমনা আৰোপ কৰিছে।

প্ৰশ্ন ১০। কোনটো আই পি এল দলে জিম্বাবোৱেৰ প্ৰাক্তন অধিনায়ক এণ্ডি ফ্লাৱাৰক ইয়াৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে?

উত্তৰ:- লক্ষ্ণৌ আই পি এল দলে জিম্বাবোৱেৰ প্ৰাক্তন অধিনায়ক এণ্ডি ফ্লাৱাৰক ইয়াৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে।

লগতে পঢ়ক

অস্বীকাৰ: আমি আপোনালোকৰলৈ প্ৰশ্ন আৰু উত্তৰসমূহ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি প্ৰদান কৰোঁ। কেতিয়াবা যিকোনো প্ৰশ্নোত্তৰৰ ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আপোনালোকক আমাক অৱগত কৰিবলৈ অনুৰোধ জনোৱা হ’ল।