অসমীয়া সাধাৰণ জ্ঞান ২০২২/ Assamese GK
নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ এই প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ অসম আৰক্ষী লিখিত পৰীক্ষা, অসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই অসমীয়া সাধাৰণ জ্ঞান ২০২২ ৰ প্ৰশ্নোত্তৰ কেইটা আপোনাৰ সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে। লগতে প্ৰতিদিনে Online Assamese Mock Test দিবলৈ এই লিংকত ক্লি’ক কৰক:- JOIN NOW

Current Affairs in Assamese language/অসমীয়া সাধাৰণ জ্ঞান
প্ৰশ্ন ১। অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুক কোন ফেডাৰেচনৰ সদস্য হিচাপে নিযুক্তি দিয়া হৈছে?
উত্তৰ:- অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুক বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেচনৰ এথলীট কমিছনৰ সদস্য হিচাপে নিযুক্তি দিয়া হৈছে।
প্ৰশ্ন ২। চীনত ভাৰতৰ নতুন ৰাষ্ট্ৰদূত হিচাপে কাক নিযুক্তি দিয়া হৈছে?
উত্তৰ:- চীনত ভাৰতৰ নতুন ৰাষ্ট্ৰদূত হিচাপে প্ৰদীপ কুমাৰ ৰাৱটক নিযুক্তি দিয়া হৈছে।
প্ৰশ্ন ৩। শেহতীয়াকৈ কোন প্ৰাক্তন সাংসদ, কূটনীতিবিদ, সাংবাদিক আৰু লেখকৰ মৃত্যু হৈছে?
উত্তৰ:- শেহতীয়াকৈ প্ৰাক্তন সাংসদ, কূটনীতিবিদ, সাংবাদিক আৰু লেখক ড. গৌৰীশংকৰ ৰাজহংসৰ মৃত্যু হৈছে।
প্ৰশ্ন ৪। গেব্ৰিয়েল বৰিছ কোন দেশত কনিষ্ঠতম বয়সত ৰাষ্ট্ৰপতি হোৱা প্ৰথম ব্যক্তি হৈ পৰিছে?
উত্তৰ:- গেব্ৰিয়েল বৰিছ চিলি দেশত কনিষ্ঠতম বয়সত (৩৫ বছৰ) ৰাষ্ট্ৰপতি হোৱা প্ৰথম ব্যক্তি হৈ পৰিছে।
প্ৰশ্ন ৫। দেশৰ কোনখন ৰাজ্য ১০০% কোভিড টিকাকৰণৰ লক্ষ্য প্ৰাপ্ত কৰা প্ৰথম কেন্দ্ৰীয় শাসিত অঞ্চল হৈ পৰিছে?
উত্তৰ:- দেশৰ ৰাজ্য আন্দামান আৰু নিকোবৰ ১০০% কোভিড টিকাকৰণৰ লক্ষ্য প্ৰাপ্ত কৰা প্ৰথম কেন্দ্ৰীয় শাসিত অঞ্চল হৈ পৰিছে।
আমাৰ অসম বাতৰি কাকত আজিৰ / Today Amar Asom Newspaper
December Current Affairs in Assamese
প্ৰশ্ন ৬। কাক নতুনকৈ অটোমোবাইল কোম্পানী হুণ্ডাইৰ দ্বাৰা ভাৰতৰ পৰিচালনা সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে?
উত্তৰ:- আনচু কিমক নতুনকৈ অটোমোবাইল কোম্পানী হুণ্ডাইৰ দ্বাৰা ভাৰতৰ পৰিচালনা সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে।
প্ৰশ্ন ৭। ইউনেস্কোৱে হাইতিৰ কোনটো চুপ বিশ্ব সাংস্কৃতিক ঐতিহ্যত অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰিছে?
উত্তৰ:- ইউনেস্কোৱে হাইতিৰ জৌমো চুপ বিশ্ব সাংস্কৃতিক ঐতিহ্যত অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰিছে।
প্ৰশ্ন ৮। কোনজন ক্ৰিকেটাৰ তেওঁৰ টেষ্ট কেৰিয়াৰত ১০০ বাৰ নট আউট হোৱা বিশ্বৰ প্ৰথম জন খেলুৱৈ হৈছে?
উত্তৰ:- ইংলেণ্ডৰ ক্ৰিকেটাৰ জেমছ এণ্ডাৰচন তেওঁৰ টেষ্ট কেৰিয়াৰত ১০০ বাৰ নট আউট হোৱা বিশ্বৰ প্ৰথম জন খেলুৱৈ হৈছে।
প্ৰশ্ন ৯। লোকসভাত কোনখন নতুন বিধেয়ক গৃহীত হৈছে?
উত্তৰ:- লোকসভাত নতুনকৈ গৃহীত হোৱা বিধেয়কখন হৈছে আধাৰ কাৰ্ডৰ সৈতে ভোটাৰ পৰিচয় পত্ৰ সংযোগ কৰা।
প্ৰশ্ন ১০। বিবিচিয়ে কাক ২০২১ বৰ্ষৰ বাবে শ্ৰেষ্ঠ ক্ৰীড়া ব্যক্তিত্ব হিচাপে বাছনি কৰিছে?
উত্তৰ:- বিবিচিয়ে ইউএছ অপেন চেম্পিয়ন এমা ৰাশ্বপাৰুক ২০২১ বৰ্ষৰ বাবে শ্ৰেষ্ঠ ক্ৰীড়া ব্যক্তিত্ব হিচাপে বাছনি কৰিছে।
লগতে পঢ়ক