ৰাশিফল / অসমীয়া ৰাশিফল/ আজিৰ/ যোৱা কালিৰ ৰাশিফল 2022
আজিৰ দিনটোৰ ৰাশিফল / অসমীয়া ৰাশিফল / আজিৰ ৰাশিফল / যোৱা কালিৰ ৰাশিফল

অসমীয়া ৰাশিফল ২০২২
তলত প্ৰতিখন অসমীয়া বাতৰি কাকতত প্ৰকাশ পোৱা আজি দিনটোৰ ৰাশিফলসমূহৰ লিংক দিয়া হৈছে –
- অসমীয়া প্ৰতিদিন বাতৰি কাকত (Asomiya Pratidin) – http://www.asomiyapratidin.in/
- অসমীয়া খবৰ বাতৰি কাকত (Asomiya Khobor) – http://www.assamiyakhabor.com/
- দৈনিক অগ্ৰদূত বাতৰি কাকত (Dainik Agradoot) – http://dainikagradoot.com/
- আমাৰ অসম বাতৰি কাকত (Amar Asom) – http://amarasom.glpublications.in/
- দৈনিক গণ অধিকাৰ বাতৰি কাকত (Gana Adhikar) – http://www.ganaadhikar.com/
- নিয়মীয়া বাৰ্তা বাতৰি কাকত (Niyamiya Barta) – http://www.niyomiyabarta.org/
- দৈনক জনমভূমি বাতৰি কাকত (Dainik Janambhumi) – http://dainikjanambhumi.co.in/
- সাদিন বাতৰি কাকত (Sadin) – http://sadin.co.in/
- প্ৰতিদিন বাতৰি কাকত (Pratidin Time) – http://pratidintime.com/
- অৰুণোদয় সংবাদ বাতৰি কাকত (Aroonudai Sangbad) – http://www.aroonudaisangbad.com/
জ্যোতিষ কি?
জ্যোতিষ বিভিন্ন হৈছে আধুনিক বিজ্ঞানৰেই এটা শাখা আৰু জ্যোতিষ বিজ্ঞান নামৰ এই শাখাটোত গ্ৰহ, সূৰ্য, চন্দ্ৰ আদিৰ স্হিতিৰ ওপৰত ভিত্তি কৰি ভৱিষ্যতে হ’বলগীয়া ঘটনা ৰাজিৰ বিষয়ে অনুমান, অনুসন্ধান তথা ভৱিষ্যত বাণী কৰা হয়। যদি আপুনি আকাশত থকা গ্ৰহ, নক্ষত্ৰ, চন্দ্ৰ, তৰা আদিৰ বিষয়ে আগ্ৰহী আৰু আকৰ্ষিত তথা এই গ্ৰহ, নক্ষত্ৰ বোৰৰ গতি বিধিৰ ওপৰত অধ্যয়ন কৰি আপুনি পৃথিৱীত সংঘটিত হ’ব লগীয়া ঘটনা বোৰৰ ভৱিষ্যত বাণী কৰাৰ লগতে আপোনাৰ ভৱিষ্যত জীৱনত আহিবলগীয়া বিপদ বিঘিনি সমূহকো খণ্ডন কৰিব বিচাৰে তেন্তে আপুনি জ্যোতিষ বিজ্ঞানক পেচা হিচাপে গ্ৰহণ কৰিব পাৰে।
কিয়নো এগৰাকী প্ৰকৃত জ্যোতিষীয়ে গ্ৰহ নক্ষত্ৰ বোৰৰ মাজত থকা সম্পৰ্ক আৰু ইহঁতৰ গতি বিধিৰ ওপৰত অধ্যয়ন কৰি পৃথিৱীৰ লগতে আপোনাৰ অথবা অইন কোন ব্যক্তিৰ ব্যক্তিগত অথবা সামাজিক বা ৰাজনৈতিক জীৱনত সংঘটিত হ’ব লগীয়া যিকোনো ঘটনাৰ বিষয়ে ভৱিষ্যত বাণী কৰিব পাৰে।
জ্যোতিষী হ’বৰ বাবে কেনেধৰণৰ নিম্নতম যোগ্যতাৰ আৱশ্যক?
জ্যোতিষ বিজ্ঞান বিষয়ক পাঠ্যক্ৰমত অধ্যয়ন কৰিবলৈ আপুনি যি কোনো এটা ষ্ট্ৰীমৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব। অৱশ্যে আপুনি জ্যোতিষ বিজ্ঞান বিষয়ক পাঠ্যক্ৰমত স্হান লাভ কৰিবৰ বাবে গণিত বিষয়ত নিম্নতম ৫০ শতাংশ নম্বৰ লাভ কৰিব লাগিব। আপোনাৰ নিম্নতম বয়স হ’ব লাগিব ১৭ বছৰ। ইয়াৰ উপৰিও আপোনাৰ মাতৃভাষা আৰু হিন্দীৰ লগতে সংস্কৃত বিষয়তো ভাল ভাষা জ্ঞান থকাটো অপৰিহাৰ্য্য।