অসমীয়াত চাহ খেতিৰ বিষয়ে লিখা – Tea Cultivation Essay in Assamese

নমস্কাৰ মৰমৰ পঢ়ুৱৈসকল, আমাৰ অসমৰ চাহ খেতি ৰচনা ৰ এই তথ্যৰাজিত আপোনালোকে চাহ কি, চাহ পাত কেনেকৈ বনুৱা হয় আদিৰ ওপৰত সঠিকভাৱে পঢ়িবলৈ পাব। আশা কৰোঁ আমাৰ এই তথ্যৰাজি আপোনালোকৰ বাবে যথেষ্ট উপকৃত হ’ব।

ফেচবুক ইয়াত ক্লিক কৰক
টেলিগ্ৰাম ইয়াত ক্লিক কৰক
ইনষ্টাগ্ৰাম ইয়াত ক্লিক কৰক

চাহ খেতি ৰচনা

অসমৰ চাহ শিল্পৰ ৰচনা / নিবন্ধ লিখা – Tea Garden Essay in Assamese

চাহ এবিধ উত্তম পানীয়। চাহ গছৰ পাত কলৰ সহায়েৰে গুড়ি কৰি চাহ পাত তৈয়াৰ কৰা হয়। উতলা গৰম পানীত চাহ পাত দিলেই পানীখিনি ৰঙচুৱা হৈ পৰে আৰু লগে লগে চাকনিৰে ফিকা চাহ পানীখিনি চেকি লৈ জোখমতে গাখীৰ আৰু চেনি মিহলাই এই পানীয় প্ৰস্ত্তত কৰা হয়।

আগেয়ে শীত প্ৰধান লোকেহে ইয়াক ব্যৱহাৰ কৰিছিল। আজি কালি পৃথিৱীৰ সকলোতেই ইয়াক ব্যৱহাত কৰা দেখা যায়। শাৰীৰিক আৰু মানসিক পৰিশ্ৰমৰ অন্তত চাহ একাপ খাবলৈ পালে অৱসাদ দূৰ হয় আৰু নতুন প্ৰেৰণা জন্মে। আজি কালি আমাৰ ইয়াত চাহ মিঠাইৰে আলহীকো সোধা হয়। ৰাতিপুৱা ঘৰে ঘৰে চাহ-জলপান খোৱাটোও নিয়মত পৰিণত হৈছে।

দেশৰ ভিতৰত অসমতেই প্ৰথম চাহ খেতি কৰা হৈছিল। ইউৰোপীয় লোকসকলেহে ইয়াক আমাৰ দেশত প্ৰৱৰ্তন কৰিছিল। ইয়াৰ জন্ম স্হান চীন দেশ বুলি কোৱা হয় যদিও অসমৰ হাবিতো ইয়াক পোৱা গৈছিল। ভাৰতৰ ভিতৰত অসমতে চাহ প্ৰচুৰ পৰিমাণে উৎপন্ন হয়। অসমৰ বাহিৰে দাক্ষিণাত্যৰ নীলগিৰি, কেৰেলা, উত্তৰ প্ৰদেশৰ কোনো কোনো ঠাই, পশ্চিমবংগৰ দাৰ্জিলিং, জলপাইগুড়ি আদিতো কিছু পৰিমাণে চাহ খেতি কৰা হয়।

আদিতে অসমৰ চাহ বাগানবোৰৰ মালিকবোৰ প্ৰায়ে বিদেশী, ঘাইকৈ ইংৰাজ লোক আছিল। আজি-কালি দেশী বাগানো কিছু হৈছে। তথাপিও ইয়াৰ প্ৰধান কাৰ্য্যালয়সমূহ কলিকতাতহে আছে। আনকি চাহৰ নীলাম বজাৰো আজি কেই বছৰমানৰ পৰাহে গুৱাহাটীতো পতা হৈছে। সেইবাবে চাহ খেতি যদিও অসমৰ এবিধ প্ৰধান খেতি, তথাপি অসম চৰকাৰ আৰু অসমীয়া মানুহে ইয়াৰপৰা পাব লগা আয়খিনি পোৱা নাই।

ইয়াত কাম কৰা বনুৱা মজদুৰবোৰো অসমৰ বাহিৰৰ পৰা অহা। ওপৰ চামৰ বিষয়া, মেনেজাৰ আদিও সৰহ সংখ্যক অসমৰ বাহিৰৰ মানুহ। সাধাৰণ কেৰাণী-মহৰী আদিহে অসমীয়া। এই বাহিৰা মানুহখিনিয়েও অসমৰ জনসংখ্যা বৃদ্ধিৰ সমস্যা কিছু জটিল নকৰা নহয়। সুখৰ বিষয় বনুৱা মানুহখিনিয়ে অসমীয়া ভাষা-কৃষ্টি গ্ৰহণ কৰি অসমীয়া মানুহৰ লগত মিলি পৰিছে।

চাহ খেতি হৈছে এবিধ ৰাজসিক খেতি। আমাৰ সৰ্বসাধাৰণ খেতিয়কে ইয়াক কৰিব নোৱাৰে। দৰাচলতে ইয়াক খেতি নুবুলি উদ্যোগহে বুলিব লাগে। ইয়াৰ কাৰণে প্ৰচুৰ মূলধনৰ প্ৰয়োজন। ইয়াত ভালেমান বনুৱা-কৰ্মচাৰীৰ দৰকাৰ, নানান যন্ত্ৰপাতি আৰু সাজ-সঞ্জুকো লাগে। ইয়াৰ কাৰণে বিশেষ প্ৰশিক্ষণ আৰু ব্যৱসায়িক বুদ্ধিৰো প্ৰয়োজন। আগেয়ে গুটিৰপৰা পুলি তৈয়াৰ কৰি চাহ খেতি কৰা হৈছিল। আজি কালি গুটিৰ উপৰিও কলমৰপৰাও গছ কৰা হয়।

চাহৰ গছ আৰু গুণ উন্নত কৰাৰ কাৰণে টোকোলাইত এটা চাহ গৱেষণা কেন্দ্ৰ স্হাপন কৰা হৈছে। মাটি চহাই শাৰী শাৰীকৈ চাহ গছবোৰ ৰোৱা হয়। ছাঁ দিবৰ কাৰণে চাহ গছৰ মাজে মাজে শিৰিষ জাতীয় গছো পাতল পাতলকৈ ৰুৱ লাগে। চাহ গছবোৰ কিছু ডাঙৰ হ’লে তাৰ কোমল পাতবোৰ তুলি অনা হয়।

একেজোপা চাহ গছৰপৰা বছৰি ৪/৫ বাৰমান চাহ পাত তুলিব পাৰি। চাহ পাত তোলাৰ পিছত গছৰ গুৰিত প্ৰচুৰ সাৰ-পানীৰ আৱশ্যক হয়। ‘এটি কলি দুটি পাত‘ অৰ্থাৎ দুটি পাতেৰে সৈতে চিঙি অনা আগটোৰ চাহ স্বাদ আৰু গুণত উত্তম হয়। পাতবোৰ ছিঙি আনি নিৰ্দিষ্ট ঠাইত বিজুলি পাংখাৰে বা দি লেৰেলিবলৈ দিয়া হয়। তাৰ পাছত কল-ঘৰলৈ নি কলৰ সহায়ত পাতবোৰ গুড়ি কৰি শুকাই আবাই ব্যৱহাৰৰ উপযোগী কৰি বজাৰত উলিয়াই দিয়া হয়।

গুণাগুণ অনুসাৰে চাহৰ দামৰো তাৰতম্য হয়। একোখন চাহ বাগিচা একোখন গাঁৱৰ দৰে। ইয়াত মেনেজাৰ আৰু আন আন কৰ্মচাৰীৰ থকা ঘৰ দুৱাৰৰ বাহিৰেও মজদুৰৰ কাৰণে নিৰ্দিষ্ট বস্তি আছে। মজদুৰৰ ল’ৰা-ছোৱালী পঢ়িবৰ কাৰণে পঢ়াশালি আছে, চিকিৎসাৰ কাৰণে ডাক্তৰখানা আছে। আগেয়ে মজদুৰৰ ওপৰত মালিক-মেনেজাৰ আদিয়ে অত্যাচাৰ আদিও কৰিছিল।

আজি-কালি মজদুৰসকলক যাতে অত্যাচাৰ কৰিব নোৱাৰে, তেওঁলোকক যাতে নিজ প্ৰাপ্যৰপৰা বঞ্চিত কৰিব নোৱাৰে আৰু সৰ্বোপৰি তেওঁলোকৰ যাতে মানৱীয় অধিকাৰ খৰ্ব কৰিব নোৱাৰে, তাৰ কাৰণে নানা বিধি ব্যৱস্হা প্ৰৱৰ্তন কৰা হৈছে। তাৰ উপৰি তেওঁলোকৰ স্বাৰ্থৰ কাৰণে মাত মাতিবলৈ মজদুৰ সংঘ, ট্ৰেড-ইউনিয়নৰ নিচিনা অনুষ্ঠান আদি গঢ়ি উঠিছে। ফলত, এওঁলোকৰ অৱস্হা আগতকৈ ভালেখিনি উন্নত হৈছে।

অসমৰ বিধানসভাত এওঁলোকৰ স্বনিৰ্বাচিত প্ৰতিনিধিও আছে। চাহ-বাগিচাৰ আৰু এটা পৰোক্ষ সুফল আছে। বাগিচাৰ মজদুৰসকলে যেনেকৈ অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰিছে, আনহাতে আকৌ এওঁলোকৰ নিজস্ব সংস্কৃতি আৰু শব্দ সম্ভাৰেৰে আমাৰ সংস্কৃতি আৰু ভাষাকো চহকী কৰিছে।

চাহ-বাগিচাৰ পটভূমিত, চাহ বনুৱা কৰ্মচাৰীৰ জীৱনক লৈ এক শ্ৰেণীৰ সুখপাঠ্য সাহিত্যও সৃষ্টি হৈছে। চাহ বাগিচাৰ জীৱনক লৈ কথাছবিও নিৰ্মাণ কৰা হৈছে। বনুৱাসকলৰ মাজৰপৰা ভাল সাহিত্যিকো ওলাইছে। এই সকলো ফালৰপৰা বিবেচনা কৰি চাহ খেতি তথা চাহ উদ্যোগক অসমৰ এটা গৌৰৱময় খেতি বা উদ্যোগ বুলি কোৱা হয়।

কিন্ত্ত ‘ৰুলোঁ মোৰ মাটিত, বগালে আনৰ টাটীত‘। নিজৰ মাটিত ৰুলেও আনৰ টাটীত বগোৱা লাউ-কোমোৰাৰ ফল গিৰিহঁতে ভোগ কৰিবলৈ নোপোৱাৰ নিচিনা অসমৰ মাটিৰ এই শিল্পটিৰো সাৰভাগ (Lion Share) অসমে ভোগ কৰিবলৈ পোৱা নাই। সেইবাবেই ইয়াক ৰাষ্ট্ৰীয়কৰণৰ কাৰণে জনমত গঢ়ি উঠিছে। চৰকাৰে এই জনমতৰ প্ৰতি সমুচিত সঁহাৰি দিয়া উচিত বুলি আমি বিৱেচনা কৰোঁ।

লগতে পঢ়ক –