Current Affairs in Assamese (6 January 2022)-নতুন কুইজ ২০২২

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “নতুন কুইজ ২০২২ – Current Affairs in Assamese” ৰ এই তথ্যৰাজিত UPSC, APSC, SSC, Assam Police, TET আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে  অসমীয়া সাধাৰণ জ্ঞান ২০২২ ৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে।

ফেচবুক ইয়াত ক্লিক কৰক
টেলিগ্ৰাম ইয়াত ক্লিক কৰক
ইনষ্টাগ্ৰাম ইয়াত ক্লিক কৰক

নতুন কুইজ ২০২২ - Current Affairs in Assamese

6 January Current Affairs in Assamese language – অসমীয়া সাধাৰণ জ্ঞান ২০২২

প্ৰশ্ন ১। ৰাষ্ট্ৰসংঘৰ সন্ত্ৰাসবাদ বিৰোধী সমিতিৰ অধ্যক্ষ কোন?

উত্তৰ:- ৰাষ্ট্ৰসংঘৰ সন্ত্ৰাসবাদ বিৰোধী সমিতিৰ অধ্যক্ষ ভাৰতৰ টি এছ তিৰুমূৰ্তি

প্ৰশ্ন ২। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন কূটনীতিবিদ অতুল কেশপক আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেম্বাৰ অফ কমাৰ্চে কাৰ মুৰব্বী হিচাপে নিযুক্তি দিছে?

উত্তৰ:- আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন কূটনীতিবিদ অতুল কেশপক আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেম্বাৰ অফ কমাৰ্চে আমেৰিকা যুক্তৰাজ্য-ভাৰত ব্যৱসায় পৰিষদৰ মুৰব্বী হিচাপে নিযুক্তি দিছে।

প্ৰশ্ন ৩। ইউচিঅ’ বেংকৰ নতুন এমডি আৰু চিইঅ’ হিচাপে কোনে দায়িত্ব গ্ৰহণ কৰিছে?

উত্তৰ:- ইউচিঅ’ বেংকৰ নতুন এমডি আৰু চিইঅ’ হিচাপে সোমা শংকৰ প্ৰসাদে দায়িত্ব গ্ৰহণ কৰিছে।

প্ৰশ্ন ৪। তেল গেছ উৎপাদক কোম্পানী অ’এনজিচিৰ প্ৰথম মহিলা চিএমডি হিচাপে কোনে নিযুক্তি লাভ কৰিছে?

উত্তৰ:- তেল গেছ উৎপাদক কোম্পানী অ’এনজিচিৰ প্ৰথম মহিলা চিএমডি হিচাপে অলকা মিত্তালে নিযুক্তি লাভ কৰিছে।

প্ৰশ্ন ৫। কেন্দ্ৰীয় চৰকাৰে অহা ৩১ মাৰ্চৰ ভিতৰত আধাৰ কাৰ্ডৰ সৈতে পেন সংযোগ নকৰাৰ বাবে কিমান হাজাৰ টকা জৰিমনা আৰোপ কৰাৰ কথা ঘোষণা কৰিছে?

উত্তৰ:- কেন্দ্ৰীয় চৰকাৰে অহা ৩১ মাৰ্চৰ ভিতৰত আধাৰ কাৰ্ডৰ সৈতে পেন সংযোগ নকৰাৰ বাবে ১০,০০০ টকা জৰিমনা আৰোপ কৰাৰ কথা ঘোষণা কৰিছে।

প্ৰশ্ন ৬। অকলশৰীয়াকৈ দক্ষিণ মেৰুত উপনীত হোৱা প্ৰথম কৃষ্ণাঙ্গ মহিলা হিচাপে কোনে স্বীকৃতি লাভ কৰিছে?

উত্তৰ:- অকলশৰীয়াকৈ দক্ষিণ মেৰুত উপনীত হোৱা প্ৰথম কৃষ্ণাঙ্গ মহিলা হিচাপে প্ৰীত চান্দিয়ে স্বীকৃতি লাভ কৰিছে।

Current Affairs in Assamese 2022

প্ৰশ্ন ৭। শেহতীয়াকৈ কোন দলে ২১ বছৰৰ পিছত নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম খন টেষ্ট মেচ জিকিছে?

উত্তৰ:- শেহতীয়াকৈ বাংলাদেশ দলে ২১ বছৰৰ পিছত নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম খন টেষ্ট মেচ জিকিছে।

প্ৰশ্ন ৮। কেন্দ্ৰীয় চৰকাৰে কেতিয়ালৈকে ২০২১ চনৰ লোকপিয়ল স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে?

উত্তৰ:- কেন্দ্ৰীয় চৰকাৰে ২০২২ চনৰ ছেপ্টেম্বৰ মাহলৈকে ২০২১ চনৰ লোকপিয়ল স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে।

প্ৰশ্ন ৯। স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ দ্বিতীয় পৰ্যায়ত ২০২১ চনৰ শেষৰ ফালে মুকলি শৌচ মুক্ত গাওঁৰ তালিকাত কোনখন ৰাজ্যক প্ৰথম স্থান দিয়া হৈছে?

উত্তৰ:- স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ দ্বিতীয় পৰ্যায়ত ২০২১ চনৰ শেষৰ ফালে মুকলি শৌচ মুক্ত গাওঁৰ তালিকাত তেলেংগানা ৰাজ্যখনক প্ৰথম স্থান দিয়া হৈছে।

প্ৰশ্ন ১০। কোন গৰাকী খেলুৱৈ দক্ষিণ আফ্ৰিকাত এখন টেষ্ট মেচৰ ইনিংছত ৭ টা উইকেট লোৱা প্ৰথম এছিয়ান খেলুৱৈ হৈ পৰিছে?

উত্তৰ:- খেলুৱৈ শাৰ্দুল ঠাকুৰে দক্ষিণ আফ্ৰিকাত এখন টেষ্ট মেচৰ ইনিংছত ৭ টা উইকেট লোৱা প্ৰথম এছিয়ান খেলুৱৈ হৈ পৰিছে।

লগতে পঢ়ক –