14 February 2022 Current Affairs – Assamese GK in Assamese Language

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “14 February 2022 Current Affairs” ৰ এই তথ্যৰাজিত UPSC, APSC, SSC, Assam Police, TET আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে অসমীয়া কুইজ ২০২২ ৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই প্ৰশ্নোত্তৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

যদি আপোনালোকে আমাৰ এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ সমূহৰ পৰা উপকাৰ পাইছে তথা উপকৃত হৈছে, তেনেহ’লে অনুগ্ৰহ কৰি আপোনালোকে আমৰ Assamesegk.com ৰ বিষয়ে বন্ধু-বান্ধবী তথা পঢ়ুৱৈ সমাজত শ্বেয়াৰ (Share) কৰিব।

14 February 2022 Current Affairs in Assamese

ফেচবুক ইয়াত ক্লিক কৰক
টেলিগ্ৰাম ইয়াত ক্লিক কৰক
ইনষ্টাগ্ৰাম ইয়াত ক্লিক কৰক
14 February 2022 Current Affairs-Assamese GK 

14 February 2022 Current Affairs-Assamese GK 

অসমীয়া সাধাৰণ জ্ঞান ২০২২ – অসমীয়া কুইজ ২০২২

প্ৰশ্ন ১। কাক পুনৰ পৰৱৰ্তী পাঁচ বছৰৰ বাবে টাটা সন্চৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে?

উত্তৰ:- এন. চন্দ্ৰশেখৰণক পুনৰ পৰৱৰ্তী পাঁচ বছৰৰ বাবে টাটা সন্চৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে।

প্ৰশ্ন ২। শেহতীয়াকৈ কোনে ইনষ্টিটিউট অৱ চাৰ্টাৰ্ড একাউণ্টেণ্টছ অৱ ইণ্ডিয়া (Institute of Chartered Accountants of India) গোল্ড শ্বিল্ড বঁটা লাভ কৰিছে?

উত্তৰ:- শেহতীয়াকৈ গেইল ইণ্ডিয়া লিমিটেডে ইনষ্টিটিউট অৱ চাৰ্টাৰ্ড একাউণ্টেণ্টছ অৱ ইণ্ডিয়া (Institute of Chartered Accountants of India) গোল্ড শ্বিল্ড বঁটা লাভ কৰিছে।

প্ৰশ্ন ৩। এইচ. আই. ভি. (HIV) ভাইৰাছ আৱিষ্কাৰক তথা নবেল বিজয়ী ভাইৰোলজিষ্টজনৰ শেহতীয়াকৈ ৮৯ বছৰ বয়সত মৃত্যু হৈছে। তেওঁৰ নাম কি আছিল?

নাইবা, এইচ. আই. ভি. (HIV) ভাইৰাছ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰ:- এইচ.আই.ভি. (HIV) ভাইৰাছ আৱিষ্কাৰ লূক মানটাইনিয়াৰে কৰিছিল।

প্ৰশ্ন ৪। সমগ্ৰ দেশতে চিকিৎসক হিপক্ৰেটিক শপতৰ ঠাইত ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে কোনটো শপত কাৰ্যকৰী কৰাৰ পৰামৰ্শ দিছে?

উত্তৰ:- সমগ্ৰ দেশতে চিকিৎসক হিপক্ৰেটিক শপতৰ ঠাইত ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে চৰক শপত কাৰ্যকৰী কৰাৰ পৰামৰ্শ দিছে।

প্ৰশ্ন ৫। শেহতীয়াকৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে মুম্বাইত উদ্বোধন কৰা হলটোৰ নাম কি?

উত্তৰ:- শেহতীয়াকৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে মুম্বাইত উদ্বোধন কৰা হলটোৰ নাম হৈছে ৰাজভৱনৰ নতুন দৰবাৰ হল।

প্ৰশ্ন ৬। কাক বছৰটোৰ ইএচপিএন ক্ৰিকইনফো বঁটাত কেপ্টেইন আৰু টেষ্ট বেটছমেন অফ দা ইয়েৰ বঁটা প্ৰদান কৰা হৈছে?

উত্তৰ:- ক্ৰমে কেন উইলিয়ামচন আৰু ঋষভ পন্তক বছৰটোৰ ইএচপিএন ক্ৰিকইনফো বঁটাত কেপ্টেইন আৰু টেষ্ট বেটছমেন অফ দা ইয়েৰ বঁটা প্ৰদান কৰা হৈছে।

প্ৰশ্ন ৭। কোনটো বেংকে বিশ্বৰ কেন্দ্ৰীয় বেংকসমূহৰ মাজত সোণ ক্ৰয় কৰাৰ ক্ষেত্ৰত প্ৰথম স্থান লাভ কৰিছে?

উত্তৰ:- থাইলেণ্ডৰ কেন্দ্ৰীয় বেংকে বিশ্বৰ কেন্দ্ৰীয় বেংকসমূহৰ মাজত সোণ ক্ৰয় কৰাৰ ক্ষেত্ৰত প্ৰথম স্থান লাভ কৰিছে। তাৰপিছত ভাৰতীয় ৰিজাৰ্ভ বেংকে দ্বিতীয় স্হান লাভ কৰিছে।

প্ৰশ্ন ৮। কাক শেহতীয়াকৈ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ নতুন ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে?

উত্তৰ:- মুনীশ্বৰ নাথ ভাণ্ডাৰীক শেহতীয়াকৈ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ নতুন ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে।

প্ৰশ্ন ৯। শিখ সৈনিকসকলৰ বাবে তৈয়াৰ কৰা হেলমেটটোৰ নাম কি?

উত্তৰ:- শিখ সৈনিকসকলৰ বাবে তৈয়াৰ কৰা হেলমেটটোৰ নাম হৈছে যুঁজাৰু হেলমেট (Combat Helmet)।

প্ৰশ্ন ১০। ২০২২ ত কোন খন দেশে চেলচফৰ্চ গ্লোবেল ডিজিটেল স্কিলচ ইণ্ডেক্সত শীৰ্ষস্থান দখল কৰিছে?

উত্তৰ:- ২০২২ ত ভাৰতে চেলচফৰ্চ গ্লোবেল ডিজিটেল স্কিলচ ইণ্ডেক্সত শীৰ্ষস্থান দখল কৰিছে।

লগতে পঢ়ক –

Assam GK PDF in Assamese language SET – 1

সাধাৰণ বিজ্ঞান কুইজ – General Science Mock Test in Assamese language PDF SET – 1