Today Current Affairs in Assamese language – 19 February 2022 Current Affairs in Assamese

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “19 February 2022 Current Affairs in Assamese” ৰ এই তথ্যৰাজিৰ UPSC, APSC, SSC, Assam Police, TET সাধাৰণ জ্ঞান আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে অসমীয়া কুইজ ২০২২ ৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই প্ৰশ্নোত্তৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

যদি আপোনালোকে আমাৰ এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ সমূহৰ পৰা উপকাৰ পাইছে তথা উপকৃত হৈছে, তেনেহ’লে অনুগ্ৰহ কৰি আপোনালোকে আমৰ Assamesegk.com ৰ বিষয়ে বন্ধু-বান্ধবী তথা পঢ়ুৱৈ সমাজত শ্বেয়াৰ (Share) কৰিব।

 19 February 2022 Current Affairs in Assamese Language

ফেচবুক ইয়াত ক্লিক কৰক
টেলিগ্ৰাম ইয়াত ক্লিক কৰক
ইনষ্টাগ্ৰাম ইয়াত ক্লিক কৰক

19 February 2022 Current Affairs in Assamese

Assamese Current Affairs 2022

প্ৰশ্ন ১। জাৰ্মানীৰ International Photography Award “Bar Tur” 2021 ৰ ছাত্ৰ শ্ৰেণীত কোন ২০ বছৰীয়া ভাৰতীয় ছাত্ৰক এই বঁটা প্ৰদান কৰা হৈছে?

উত্তৰ:- জাৰ্মানীৰ International Photography Award “Bar Tur” 2021 ৰ ছাত্ৰ শ্ৰেণীত ২০ বছৰীয়া ভাৰতীয় ছাত্ৰ সাক্ষম সিনহাক এই বঁটা প্ৰদান কৰা হৈছে।

প্ৰশ্ন ২। মহাকাশত পোৱা আটাইতকৈ ডাঙৰ ৰেডিঅ’ ছায়াপথটোৰ নাম কি, যি দৈৰ্ঘ্যত ১.৬৩ নিযুত আলোক বৰ্ষ দূৰত?

উত্তৰ:- মহাকাশত পোৱা আটাইতকৈ ডাঙৰ ৰেডিঅ’ ছায়াপথটোৰ নাম হ’ল এলচিওনিছ। যি দৈৰ্ঘ্যত ১.৬৩ নিযুত আলোক বৰ্ষ দূৰত।

প্ৰশ্ন ৩। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেডাৰেল এভিয়েচন অথৰিটিৰ কোনজন অধ্যক্ষই তেওঁৰ পদৰ পৰা পদত্যাগ কৰিছে?

উত্তৰ:- আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেডাৰেল এভিয়েচন অথৰিটিৰ ষ্টিফেন ডিকচনে তেওঁৰ পদৰ পৰা পদত্যাগ কৰিছে।

প্ৰশ্ন ৪। শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই মুকলি কৰা এপটো নাম কি?

উত্তৰ:- শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই মুকলি কৰা এপটো নাম হ’ল Quit Tobacco App।

প্ৰশ্ন ৫। প্লাষ্টিকৰ আৱৰ্জনা নিৰপেক্ষ হোৱা প্ৰথম ভাৰতীয় কোম্পানী কোনটো হৈ পৰিছে?

উত্তৰ:- প্লাষ্টিকৰ আৱৰ্জনা নিৰপেক্ষ হোৱা প্ৰথম ভাৰতীয় কোম্পানী ডাবুৰ ইণ্ডিয়া হৈ পৰিছে।

প্ৰশ্ন ৬। শেহতীয়াকৈ দিল্লী আৰক্ষীয়ে কোন প্ৰকাৰৰ অস্ত্ৰ অনুজ্ঞাপত্ৰ প্ৰৱৰ্তন কৰিছে?

উত্তৰ:- শেহতীয়াকৈ দিল্লী আৰক্ষীয় স্মাৰ্ট কাৰ্ড অস্ত্ৰ অনুজ্ঞাপত্ৰ প্ৰৱৰ্তন কৰিছে।

প্ৰশ্ন ৭। কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে মহাৰাষ্ট্ৰ ৰাজ্য চৰকাৰে কোনটো আঁচনি আৰম্ভ কৰিছে?

উত্তৰ:- কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে মহাৰাষ্ট্ৰ ৰাজ্য চৰকাৰে হোপ এক্সপ্ৰেছ নামৰ আঁচনিটো আৰম্ভ কৰিছে।

প্ৰশ্ন ৮। শেহতীয়াকৈ শিক্ষা খণ্ডৰ কোম্পানী বাইজুৱে দেশৰ ২০০ খন চহৰত কিমানটা শিক্ষানুষ্ঠান স্থাপন কৰাৰ কথা ঘোষণা কৰিছে?

উত্তৰ:- শেহতীয়াকৈ শিক্ষা খণ্ডৰ কোম্পানী বাইজুৱে দেশৰ ২০০ খন চহৰত ৫০০ টা শিক্ষানুষ্ঠান স্থাপন কৰাৰ কথা ঘোষণা কৰিছে।

প্ৰশ্ন ৯। শেহতীয়াকৈ হাৰিয়ানাত ব্যক্তিগত খণ্ডৰ চাকৰিত ৭৫ শতাংশ সংৰক্ষণ ৰখা উচ্চ ন্যায়ালয়ৰ আদেশ কোনে বাতিল কৰিছে?

উত্তৰ:- শেহতীয়াকৈ হাৰিয়ানাত ব্যক্তিগত খণ্ডৰ চাকৰিত ৭৫ শতাংশ সংৰক্ষণ ৰখা উচ্চ ন্যায়ালয়ৰ আদেশ উচ্চতম ন্যায়ালয়ে বাতিল কৰিছে।

প্ৰশ্ন ১০। প্ৰাপ্তবয়স্কসকলৰ বাবে কানাডাই কোনটো ভেকছিনক সেউজ সংকেত দিছে?

উত্তৰ:- প্ৰাপ্তবয়স্কসকলৰ বাবে কানাডাই নভাভেক্স নামৰ ভেকছিনটোক সেউজ সংকেত দিছে।

লগতে পঢ়ক –

18 February 2022 Current Affairs in Assamese language