Assamese GK – 4 February 2022 Current Affairs PDF in Assamese language

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “Assamese GK4 February 2022 Current Affairs PDF in Assamese language” ৰ এই তথ্যৰাজিত UPSC, APSC, SSC, Assam Police, TET আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে অসমীয়া কুইজ ২০২২ ৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই প্ৰশ্নোত্তৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

যদি আপোনালোকে আমাৰ এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ সমূহৰ পৰা উপকাৰ পাইছে তথা উপকৃত হৈছে, তেনেহ’লে অনুগ্ৰহ কৰি আপোনালোকে আমৰ Assamesegk.com ৰ বিষয়ে বন্ধু-বান্ধবী তথা পঢ়ুৱৈ সমাজত শ্বেয়াৰ (Share) কৰিব।

 4 February 2022 Current Affairs PDF  in Assamese

ফেচবুক ইয়াত ক্লিক কৰক
টেলিগ্ৰাম ইয়াত ক্লিক কৰক
ইনষ্টাগ্ৰাম ইয়াত ক্লিক কৰক

Assamese GK - 4 February 2022 Current Affairs PDF in Assamese language

অসমীয়া সাধাৰণ জ্ঞান ২০২২ PDF – নতুন অসমীয়া কুইজ ২০২২

প্ৰশ্ন ১। সন্মানীয় লৰিয়াছ বিশ্ব ক্ৰীড়া বঁটাৰ বাবে কোন ভাৰতীয়ক “ব্ৰেকথ্ৰু এৱাৰ্ড”ৰ বাবে মনোনীত কৰা হৈছে?

উত্তৰ:- সন্মানীয় লৰিয়াছ বিশ্ব ক্ৰীড়া বঁটাৰ বাবে ভাৰতীয় নীৰজ চোপ্ৰাক “ব্ৰেকথ্ৰু এৱাৰ্ড“ৰ বাবে মনোনীত কৰা হৈছে।

প্ৰশ্ন ২। ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডৰ কোন পৰিচালনা সঞ্চালকে তেওঁৰ পদৰ পৰা পদত্যাগ কৰিছে?

উত্তৰ:- ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডৰ পৰিচালনা সঞ্চালক এছলে গাইলছে তেওঁৰ পদৰ পৰা পদত্যাগ কৰিছে।

প্ৰশ্ন ৩। ভাৰতীয় প্ৰতিযোগিতা আয়োগে ইজনে সিজনৰ সৈতে মিত্ৰতা কৰি টায়াৰৰ মূল্য ব্যয়বহুল ৰখাৰ বাবে পাঁচটা কোম্পানীৰ ওপৰত কিমান কোটি টকাৰ জৰিমনা আৰোপ কৰিছে?

উত্তৰ:- ভাৰতীয় প্ৰতিযোগিতা আয়োগে ইজনে সিজনৰ সৈতে মিত্ৰতা কৰি টায়াৰৰ মূল্য ব্যয়বহুল ৰখাৰ বাবে পাঁচটা কোম্পানীৰ ওপৰত ১৭৮৮ কোটি টকাৰ জৰিমনা আৰোপ কৰিছে।

প্ৰশ্ন ৪। বন বিভাগে চীনৰ সৈতে চামডো সীমান্তৰ বাবে কোনটো পথ নিৰ্মাণৰ বাবে অনুমোদন জনাইছে?

উত্তৰ:- বন বিভাগে চীনৰ সৈতে চামডো সীমান্তৰ বাবে ভৱ-মুদ পথটো নিৰ্মাণৰ বাবে অনুমোদন জনাইছে।

প্ৰশ্ন ৫। নিউজিলেণ্ডৰ খেলুৱৈ ডেৰিল মিচেলক টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত দেখুওৱা খেলুৱৈৰ মনোভাৱৰ বাবে কোনটো বঁটাৰে সন্মানিত কৰা হৈছে?

উত্তৰ:- নিউজিলেণ্ডৰ খেলুৱৈ ডেৰিল মিচেলক টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত দেখুওৱা খেলুৱৈৰ মনোভাৱৰ বাবে “আইচিচি স্পিৰিট অফ ক্ৰিকেট বঁটা” টোৰে সন্মানিত কৰা হৈছে।

প্ৰশ্ন ৬। পাকিস্তানৰ ২৮ তম মুখ্য ন্যায়াধীশ হিচাপে কোনে শপত গ্ৰহণ কৰিছে?

উত্তৰ:- পাকিস্তানৰ ২৮ তম মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ উমাৰ আতা বান্দিয়ালে শপত গ্ৰহণ কৰিছে।

প্ৰশ্ন ৭। ২০২১-২২ বৰ্ষৰ বাজেট অধিৱেশনত ক্ৰিপ্টোকাৰেন্সীৰ উপাৰ্জনৰ ওপৰত চৰকাৰে কিমান শতাংশ কৰ আৰোপ কৰাৰ কথা ঘোষণা কৰিছে?

উত্তৰ:- ২০২১-২২ বৰ্ষৰ বাজেট অধিৱেশনত ক্ৰিপ্টোকাৰেন্সীৰ উপাৰ্জনৰ ওপৰত চৰকাৰে ৩০ শতাংশ কৰ আৰোপ কৰাৰ কথা ঘোষণা কৰিছে।

প্ৰশ্ন ৮। ৰাষ্ট্ৰীয় ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান (National Institute of Electronics and Information Technology) ৰ নতুন সঞ্চালক প্ৰধান হিচাপে কাক নিযুক্তি দিয়া হৈছে?

উত্তৰ:- ৰাষ্ট্ৰীয় ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান (National Institute of Electronics and Information Technology) ৰ নতুন সঞ্চালক প্ৰধান হিচাপে ডঃ মদন মোহন ত্ৰিপাঠীক নিযুক্তি দিয়া হৈছে।

প্ৰশ্ন ৯। বিশ্বৰ ইস্পাত উৎপাদক দেশসমূহৰ ভিতৰত ভাৰতে কোন স্থান লাভ কৰিছে?

উত্তৰ:- বিশ্বৰ ইস্পাত উৎপাদক দেশসমূহৰ ভিতৰত ভাৰতে দ্বিতীয় স্থান লাভ কৰিছে আৰু চীনে প্ৰথম স্থান লাভ কৰিছে।

প্ৰশ্ন ১০। ব্ৰিটানিয়া ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ অ-কাৰ্যবাহী আৰু স্বতন্ত্ৰ সঞ্চালক পদৰ পৰা পদত্যাগ কৰা সঞ্চালকজনৰ নাম কি?

উত্তৰ:- ব্ৰিটানিয়া ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ অ-কাৰ্যবাহী আৰু স্বতন্ত্ৰ সঞ্চালক পদৰ পৰা পদত্যাগ কৰা সঞ্চালকজনৰ নাম হ’ল উৰ্জিত পেটেল

Assamese GK 2022 PDF Download

লগতে পঢ়ক –

3 February 2022 Current Affairs PDF in Assamese language – Assamese GK 2022 PDF

2 February 2022 Current Affairs in Assamese language PDF – Assamese GK 2022

Assam GK PDF in Assamese language SET – 1