Assam Current Affairs in Assamese language (11 December 2022)

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ “Assam Current Affairs in Assamese” ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ Assam Police ৰ লিখিত পৰীক্ষা, অসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। প্ৰতিদিনে Free Assamese Online Mock Test দিবলৈ এই লিংকত ক্লি’ক কৰক:- JOIN NOW

Assam Current Affairs in Assamese/ GK 2022 in Assamese language

Assam Current Affairs in Assamese language (11 December 2022)

অসমীয়া সাধাৰণ জ্ঞান ২০২২ – নতুন কুইজ 2021

প্ৰশ্ন ১। অহা বছৰৰ শেষৰ ফালে, ব্যক্তিগত মহাকাশ কোম্পানী স্কাইৰুট এৰোস্পেচে ভাৰতৰ কোনটো প্ৰথম ব্যক্তিগত ৰকেট উৎক্ষেপণ কৰিব?

উত্তৰ:- অহা বছৰৰ শেষৰ ফালে, ব্যক্তিগত মহাকাশ কোম্পানী স্কাইৰুট এৰোস্পেচে ভাৰতৰ বিক্ৰম-১ নামৰ প্ৰথম ব্যক্তিগত ৰকেটটো উৎক্ষেপণ কৰিব।

প্ৰশ্ন ২। কোন নৰৱেৰ দবা মাষ্টাৰে পঞ্চমবাৰৰ বাবে বিশ্ব দবা চেম্পিয়নশ্বিপ জিকিছে?

উত্তৰ:- নৰৱেৰ দবা মাষ্টাৰ মেগনাস কাৰ্লচনে পঞ্চমবাৰৰ বাবে বিশ্ব দবা চেম্পিয়নশ্বিপ জিকিছে।

প্ৰশ্ন ৩। কোন জন বিখ্যাত ভাৰতীয় স্থপতিবিদে ব্ৰিটেইনৰ সন্মানীয় ৰাজকীয় পদক “ৰয়েল গোল্ড মেডেল ২০২২” লাভ কৰিছে?

উত্তৰ:- বিখ্যাত ভাৰতীয় স্থপতিবিদ বালকৃষ্ণ দোশীয়ে ব্ৰিটেইনৰ সন্মানীয় ৰাজকীয় পদক “ৰয়েল গোল্ড মেডেল ২০২২” লাভ কৰিছে।

প্ৰশ্ন ৪। কোনটো প্ৰতিষ্ঠানে ভাৰত নেতৃত্বাধীন বিশ্ব সৌৰ মিত্ৰতাক পৰ্যবেক্ষকৰ মৰ্যাদা প্ৰদান কৰিছে?

উত্তৰ:- ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা (Un General Assembly) প্ৰতিষ্ঠানে ভাৰত নেতৃত্বাধীন বিশ্ব সৌৰ মিত্ৰতাক পৰ্যবেক্ষকৰ মৰ্যাদা প্ৰদান কৰিছে।

প্ৰশ্ন ৫। ফৰ্বছে প্ৰকাশ কৰা বিশ্বৰ ১০০ গৰাকী আটাইতকৈ শক্তিশালী মহিলাৰ তালিকাত কোনে শীৰ্ষস্থান দখল কৰিছে?

উত্তৰ:- ফৰ্বছে প্ৰকাশ কৰা বিশ্বৰ ১০০ গৰাকী আটাইতকৈ শক্তিশালী মহিলাৰ তালিকাত মেককেনজি স্কটয়ে শীৰ্ষস্থান দখল কৰিছে।

অসমীয়া সাধাৰণ জ্ঞান ২০২২ / অসমীয়া কুইজ ২০২২

প্ৰশ্ন ৬। ৰাষ্ট্ৰীয় মহিলা আয়োগে কোনটো অভিযান আৰম্ভ কৰিছে?

উত্তৰ:- ৰাষ্ট্ৰীয় মহিলা আয়োগে “She is a Changemaker” নামৰ অভিযানটো আৰম্ভ কৰিছে।

প্ৰশ্ন ৭। মধ্য প্ৰদেশ ৰাজ্য চৰকাৰে নিজৰ কোন দুখন জিলাত আয়ুক্তাগাৰ ব্যৱস্থা ৰূপায়ণৰ কথা ঘোষণা কৰিছে?

উত্তৰ:- মধ্য প্ৰদেশ ৰাজ্য চৰকাৰে নিজৰ ভূপাল আৰু ইন্দোৰ নামৰ দুখন জিলাত আয়ুক্তাগাৰ ব্যৱস্থা ৰূপায়ণৰ কথা ঘোষণা কৰিছে।

প্ৰশ্ন ৮। নীলি বেণ্ডাপুদি কোনখন বিশ্ববিদ্যালয়ৰ প্ৰথম মহিলা সভাপতি হৈছে?

উত্তৰ:- নীলি বেণ্ডাপুদি “পেনচিলভেনিয়া ষ্টেট ইউনিভাৰ্চিটি” নামৰ বিশ্ববিদ্যালয়খনৰ প্ৰথম মহিলা সভাপতি হৈছে।

প্ৰশ্ন ৯। শেহতীয়াকৈ কোনখন ৰাজ্য চৰকাৰে RE-HAB (Reducing Elephant-Human Attacks using Bees) প্ৰকল্প আৰম্ভ কৰিছে?

উত্তৰ:- শেহতীয়াকৈ অসম ৰাজ্য চৰকাৰে RE-HAB (Reducing Elephant-Human Attacks using Bees) প্ৰকল্প আৰম্ভ কৰিছে।

প্ৰশ্ন ১০। শেহতীয়াকৈ কোন অষ্ট্ৰেলিয়ান অফ স্পিনাৰে টেষ্ট ক্ৰিকেটত তেওঁৰ কেৰিয়াৰৰ ৪০০ টা উইকেট সম্পূৰ্ণ কৰিছে?

উত্তৰ:- শেহতীয়াকৈ অষ্ট্ৰেলিয়ান অফ স্পিনাৰ নাথন লিয়নে তেওঁৰ কেৰিয়াৰৰ ৪০০ টা উইকেট সম্পূৰ্ণ কৰিছে।

লগতে পঢ়ক –

অস্বীকাৰ: আমি আপোনালোকৰলৈ প্ৰশ্ন আৰু উত্তৰসমূহ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি প্ৰদান কৰোঁ। কেতিয়াবা যিকোনো প্ৰশ্নোত্তৰৰ ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আপোনালোকক আমাক অৱগত কৰিবলৈ অনুৰোধ জনোৱা হ’ল।