Assam GK 2022 /অসমীয়া সাধাৰণ জ্ঞান 2022

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ Assam GK 2022 ৰ এই তথ্যৰাজিত অসমৰ সাধাৰণ জ্ঞান কুইজৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ সকলো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে  আগবঢ়োৱা হৈছে।

ফেচবুক ইয়াত ক্লিক কৰক
টেলিগ্ৰাম ইয়াত ক্লিক কৰক
ইনষ্টাগ্ৰাম ইয়াত ক্লিক কৰক

Assam GK 2022/অসমৰ অসমীয়া কুইজ 2022

অসমীয়া সাধাৰণ জ্ঞান ২০২১(PDF) / Assam GK 2021 in Assamese language(PDF) 

অসমৰ অসমীয়া কুইজ 2022 / Assam GK 2022 in Assamese

প্ৰশ্ন ১। ‘জোনাকী’ কাকতৰ প্রথম সম্পাদক কোন আছিল?

উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালা।

প্ৰশ্ন ২। জোনাকী যুগৰ ত্রিমূর্তি বুলিলে কাক কাক কোৱা হয়?

উত্তৰ:- চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক।

প্ৰশ্ন ৩। ‘বিজুলী’ কাকতখন কোন চনত প্ৰকাশ পাইছিল?

উত্তৰ:- ১৮৯০ চনত।

প্ৰশ্ন ৪। ‘বিজুলী’ কাকতৰ প্রথম সম্পাদক কোন আছিল?

উত্তৰ:- কৃষ্ণপ্ৰসাদ দুৱৰা।

প্ৰশ্ন ৫। ‘ঊষা’ আলোচনীখন কেতিয়া প্রকাশিত হৈছিল?

উত্তৰ:- ১৯০৭ চনত।

প্ৰশ্ন ৬। ‘ঊষা’ আলোচনীখন কোনে সম্পাদনা কৰিছিল?

উত্তৰ:- পদ্মনাথ গোহাঞি বৰুৱাই।

প্ৰশ্ন ৭। ‘বাঁহী’ আলোচনীখন কোন চনত প্ৰকাশ পাইছিল?

উত্তৰ:- ১৯০৯ চনৰ ডিচেম্বৰ মাহত।

প্ৰশ্ন ৮। ‘বাঁহী’ আলোচনীখন কোনে সম্পাদনা কৰিছিল?

উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱাই।

প্ৰশ্ন ৯। ‘আৱাহন’ কাকতখন কোন চনত প্রকাশ পাইছি?

উত্তৰ:- ১৯২৯ চনত।

প্ৰশ্ন ১০। ‘আৱাহন’ কাকতখন ক’ৰ পৰা ওলাইছিল?

উত্তৰ:- কলিকতাৰ পৰা।

প্ৰশ্ন ১৪। ‘আৱাহন’ কাকতৰ প্ৰথম সম্পাদক কোন আছিল?

উত্তৰ:- দীননাথ শৰ্মা।

প্ৰশ্ন ১৫। ‘আৱাহন’ কাকতৰ পৃষ্ঠপোষকতা কোনে কৰিছিল?

উত্তৰ:- নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে।

প্ৰশ্ন ১৬। অসমীয়া সাহিত্যত গীতি-কবিতাৰ প্রকৃত প্রৱর্তক কোন?

উত্তৰ:- চন্দ্ৰকুমাৰ আগৰৱালা।

প্ৰশ্ন ১৭। প্রথম অসমীয়া আধুনিক কবিতাটোৰ নাম কি?

উত্তৰ: বনকুঁৱৰী।

প্ৰশ্ন ১৮। প্রথম অসমীয়া ৰোমাণ্টিক কবিজনৰ নাম কি?

উত্তৰ:- চন্দ্ৰকুমাৰ আগৰৱালা।

প্ৰশ্ন ১৯। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ পুথি দুখনৰ নাম কি কি?

উত্তৰ:- প্রতিমা আৰু বীণ বৰাগী।

প্ৰশ্ন ২০। চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘প্রতিমা’ কিমান চনত প্ৰকাশ পাইছিল?

উত্তৰ:- ১৯১৪ চনত।

প্ৰশ্ন ২১। চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কবিতাৰ পুথি ‘প্রতিমা’ ক’ত প্রকাশ পাইছিল?

উত্তৰ:- জোনাকীত।

প্ৰশ্ন ২২। চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘প্রতিমা’ কবিতা পুথিখনত সবৰ্মুঠ কেইটা কবিতা সন্নিৱিষ্ট কৰা হৈছে?

উত্তৰ:- ২৫ টা।

প্ৰশ্ন ২৩। ‘প্রতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ’ বুলি কোনে কৈছিল?

উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱাই।

প্ৰশ্ন ২৪। চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বিতীয় কবিতাৰ পুথি ‘বীণ বৰাগী’ ক’ত প্ৰকাশ পাইছিল?

উত্তৰ:- বাঁহীত।

প্ৰশ্ন ২৫। চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘বীণ বৰাগী’ কবিতা পুথিখনত সবৰ্মুঠ কেইটা কবিতা সন্নিৱিষ্ট কৰা হৈছে?

উত্তৰ:- ১২ টা।

নতুন কুইজ 2022 /Assam GK 2022 in Assamese

প্ৰশ্ন ২৬। লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক জীৱন ক’ৰ পৰা আৰম্ভ হয়?

উত্তৰ:- লিতিকাই নাটকৰ পৰা।

প্ৰশ্ন ২৬। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা প্ৰথম নাটখনৰ নাম কি?

উত্তৰ:- লিতিকাই।

প্ৰশ্ন ২৭। লক্ষ্মীনাথ বেজবৰুৱাৰ ‘লিতিকাই’ কোন শ্ৰেণীৰ নাটক?

উত্তৰ:- ধেমেলীয়া (প্ৰহসন)।

প্ৰশ্ন ২৮। লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি?

উত্তৰ:- পদুম কুঁৱৰী।

প্ৰশ্ন ২৯। অসমীয়া চুটিগল্পৰ জন্মদাতা কোন?

উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱা।

প্ৰশ্ন ৩০। প্রথম অসমীয়া চুটিগল্পটোৰ নাম কি?

উত্তৰ:- সেউতী।

প্ৰশ্ন ৩১। লক্ষ্মীনাথ বেজবৰুৱাৰ ‘সেউতী’ গল্পটো ক’ত, কেতিয়া প্ৰকাশ হৈছিল?

উত্তৰ:- জোনাকীৰ চতুৰ্থ বছৰ চতুৰ্থ সংখ্যাত, ১৮৯২ চনৰ মে’ মাহত।

প্ৰশ্ন ৩২। ভদৰী নামৰ অসমীয়া চুটিগল্পটোৰ লেখক কোন?

উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱা।

প্ৰশ্ন ৩৩। অসমীয়া চুটিগল্পই জন্ম লাভ কৰা আলোচনীখনৰ নাম কি?

উত্তৰ:- জোনাকী।

প্ৰশ্ন ৩৪। ফ্রয়েডীয় যৌন মনস্তত্বৰ ব্যাখ্যা দাঙি ধৰা লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পটোৰ নাম কি?

উত্তৰ:- পাটমুগী।

প্ৰশ্ন ৩৫। লক্ষ্মীনাথ বেজবৰুৱাৰ প্রথম গল্পটো কোনখন আলোচনীত প্ৰকাশ পাইছিল?

উত্তৰ:- জোনাকী।

প্ৰশ্ন ৩৬। লক্ষ্মীনাথ বেজবৰুৱাৰ প্রথম গল্প পুথিখনৰ নাম কি?

উত্তৰ:- সুৰভি।

প্ৰশ্ন ৩৭। লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পপুথি কেইখন কি কি?

উত্তৰ:- চাৰিখন আৰু সেই কেইখন হ’ল – সুৰভি, জোনবিৰি, সাধুকথাৰ কুকি আৰু কেহোকলি।

প্ৰশ্ন ৩৮। লক্ষ্মীনাথ বেজবৰুৱাৰ মৰণোত্তৰভাৱে প্ৰকাশিত চুটিগল্প পুথিখনৰ নাম কি?

উত্তৰ:- কেহোকলি।

প্ৰশ্ন ৩৯। কেহোকলি কোনে সম্পাদনা কৰিছিল?

উত্তৰ:- অতুলচন্দ্ৰ হাজৰিকাই।

প্ৰশ্ন ৪০। লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ পুথি কেইখন কি কি?

উত্তৰ:- তিনিখন সেই তিনিখন হ’ল – বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতি ল’ৰা’ আৰু জুনুকা।

প্ৰশ্ন ৪১। লক্ষ্মীনাথ বেজবৰুৱাৰ ধেমেলীয়া নাট কেইখন কি কি?

উত্তৰ:- চাৰিখন আৰু সেই চাৰিখন হ’ল – লিতিকাই, নোমল, পাচনি আৰু চিকৰপতি নিকৰপতি।

প্ৰশ্ন ৪২। লক্ষ্মীনাথ বেজবৰুৱাৰ বুৰঞ্জীমূলক নাট কেইখন কি কি?

উত্তৰ:- তিনিখন আৰু সেই তিনিখন হ’ল – জয়মতী, বেলিমাৰ আৰু চক্ৰধ্বজ সিংহ।

প্ৰশ্ন ৪৩। “কবিতা হয় যদি হওঁক, নহয় যদি নহওঁক” এই কবিতাটোৰ কবি গৰাকী কোন আছিল?

উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱা।

প্ৰশ্ন ৪৪। লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম কি?

উত্তৰ:- কদমকলি।

প্ৰশ্ন ৪৫। লক্ষ্মীনাথ বেজবৰুৱাৰ মৰণোত্তৰভাৱে প্ৰকাশিত কবিতা পুথিখনৰ নাম কি?

উত্তৰ:- পদুমকলি।

প্ৰশ্ন ৪৬। লক্ষ্মীনাথ বেজবৰুৱাই কি ছদ্মনামেৰে ব্যংগ আৰু হাস্য ৰসাত্মক প্রবন্ধ লেখিছিল?

উত্তৰ:- কৃপাবৰ বৰবৰুৱা।

প্ৰশ্ন ৪৭। “কৃপাবৰী হাস্যৰস আৰু ব্যংগৰ প্ৰাধান্য থকা স্বত্বেও বেজবৰুৱা অসমীয়া চুটিগল্পৰ স্ৰষ্টাই নহয়, সার্থক দ্ৰষ্টা।” – কোনে কৈছিল?

উত্তৰ:- ড° নগেন শইকীয়াই।

প্ৰশ্ন ৪৮। প্রথম অসমীয়া আত্মজীৱনীখনৰ নাম কি?

উত্তৰ:- মোৰ জীৱন সোঁৱৰণ।

প্ৰশ্ন ৪৯। লক্ষ্মীনাথ বেজবৰুৱাই ক’ত আৰু কেতিয়া অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল?

উত্তৰ:- ১৯২৪ চনৰ অধিৱেশন গুৱাহাটীত।

প্ৰশ্ন ৫০। ছনেটৰ জন্মদাতা কোন?

উত্তৰ:- ইটালী কবি পেট্রাক।

Assam GK 2022 PDF Download

লগতে পঢ়ক