Assam TET Current Affairs in Assamese language

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ “Assam TET Current Affairs” ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ Assam Police ৰ লিখিত পৰীক্ষা, অসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক।

যদি আমাৰ আজিৰ এই সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে। লগতে আপোনাৰ সাধাৰণ জ্ঞানৰ ফলাফল যদি বৃদ্ধি কৰিবলৈ বিচাৰিছে, তেনেহ’লে এদিনত কমেও এবাৰ হ’লেও আপোনাক আমাৰ ৱেবছাইটলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তলত আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংকো শ্বেয়াৰ কৰা হৈছে। তাতো নিতৌ কুইজ প্ৰচাৰ কৰি থকা হয়, আগ্ৰহী হ’ল যোগদান কৰিব পাৰে।

প্ৰতিদিনে অসমীয়া Free Online Mock Test দিবলৈ এই লিংকত ক্লি’ক কৰক:- JOIN NOW

Assam TET Current Affairs in Assamese language (5 December 2021)

Today Assamese Current Affairs – অসমীয়া সাধাৰণ জ্ঞান ২০২১

প্ৰশ্ন ১। কেন্দ্ৰীয় চৰকাৰে উত্তৰ প্ৰদেশৰ আমেঠি জিলাত ৰাছিয়াৰ সহযোগত ৫ লাখ টকাৰ কোনটো ৰাইফল নিৰ্মাণৰ অনুমোদন জনাইছে?

উত্তৰ:- কেন্দ্ৰীয় চৰকাৰে উত্তৰ প্ৰদেশৰ আমেঠি জিলাত ৰাছিয়াৰ সহযোগত ৫ লাখ টকাৰ AK 203 এছল্ট নামৰ ৰাইফলটো নিৰ্মাণৰ অনুমোদন জনাইছে।

প্ৰশ্ন ২। নিউজিলেণ্ডৰ কোনজন বলাৰ ইনিংছত ১০ টা উইকেট লোৱা বিশ্বৰ তৃতীয় জন খেলুৱৈ হৈ পৰিছে?

উত্তৰ:- নিউজিলেণ্ডৰ বলাৰ এজাজ পেটেলৰ ইনিংছত ১০ টা উইকেট লোৱা বিশ্বৰ তৃতীয় জন খেলুৱৈ হৈ পৰিছে।

প্ৰশ্ন ৩। জামিয়া মিলিয়া ইছলামিয়াৰ গৱেষক ৰুবিনাক কোনটো ফেলোশ্বিপৰ বাবে বাছনি কৰা হৈছে?

উত্তৰ:- জামিয়া মিলিয়া ইছলামিয়াৰ গৱেষক ৰুবিনাক প্ৰধানমন্ত্ৰীৰ গৱেষণা ফেলোশ্বিপৰ বাবে বাছনি কৰা হৈছে।

প্ৰশ্ন ৪। শেহতীয়াকৈ ৬৭ বছৰ বয়সত মৃত্যু হোৱা দেশৰ জ্যেষ্ঠ সাংবাদিকজনৰ নাম কি আছিল?

উত্তৰ:- শেহতীয়াকৈ ৬৭ বছৰ বয়সত মৃত্যু হোৱা দেশৰ জ্যেষ্ঠ সাংবাদিকজনৰ নাম বিনোদ দুয়া আছিল।

প্ৰশ্ন ৫। শেহতীয়াকৈ অপাৰেটৰ থিয়ৰীত মৌলিক কামৰ বাবে আমেৰিকান মেথমেটিকেল চছাইটিয়ে বিশিষ্ট ভাৰতীয়-আমেৰিকান গণিতজ্ঞ নিখিল শ্ৰীবাস্তৱক ৫,০০০ ডলাৰৰ কোনটো বঁটা প্ৰদান কৰিছে?

উত্তৰ:- শেহতীয়াকৈ অপাৰেটৰ থিয়ৰীত মৌলিক কামৰ বাবে আমেৰিকান মেথমেটিকেল চছাইটিয়ে বিশিষ্ট ভাৰতীয়-আমেৰিকান গণিতজ্ঞ নিখিল শ্ৰীবাস্তৱক ৫,০০০ ডলাৰৰ চিপ্ৰিয়ান ফয়ছ নামৰ বঁটাটো প্ৰদান কৰিছে।

প্ৰশ্ন ৬। ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (National Highways Authority of India) ৰ নতুন অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে?

উত্তৰ:- ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (National Highways Authority of India) ৰ নতুন অধ্যক্ষ হিচাপে অলকা উপাধ্যায়ক নিযুক্তি দিয়া হৈছে।

প্ৰশ্ন ৭। শেহতীয়াকৈ ১১০ বছৰ বয়সত মৃত্যু হোৱা বিশ্বৰ আটাইতকৈ পুৰণি ক্ৰিকেটাৰজনৰ নাম কি আছিল?

উত্তৰ:- শেহতীয়াকৈ ১১০ বছৰ বয়সত মৃত্যু হোৱা বিশ্বৰ আটাইতকৈ পুৰণি ক্ৰিকেটাৰজনৰ নাম ইলিন এছ আছিল।

প্ৰশ্ন ৮। ফেডাৰেল বেংকে মহিলাসকলৰ বাবে কোনটো নতুন আঁচনি আৰম্ভ কৰিছে?

উত্তৰ:- ফেডাৰেল বেংকে মহিলাসকলৰ বাবে “মহিলা মিত্ৰ প্লাছ” নামৰ আঁচনিখন আৰম্ভ কৰিছে।

প্ৰশ্ন ৯। বিশ্বজুৰি আজিৰ দিনটোত অৰ্থাৎ ৫ ডিচেম্বৰত কি দিৱস হিচাপে পালন কৰা হয়?

উত্তৰ:- বিশ্বজুৰি আজিৰ দিনটোত অৰ্থাৎ ৫ ডিচেম্বৰত “বিশ্ব মাটি দিৱস” হিচাপে পালন কৰা হয়।

প্ৰশ্ন ১০। শেহতীয়াকৈ ৮৩ বছৰ বয়সত মৃত্যু হোৱা বিখ্যাত কানাড়া অভিনেতাজনৰ নাম কি আছিল?

উত্তৰ:- শেহতীয়াকৈ ৮৩ বছৰ বয়সত মৃত্যু হোৱা বিখ্যাত কানাড়া অভিনেতাজনৰ নাম এছ শিৱৰাম আছিল।

লগতে পঢ়ক

অস্বীকাৰ: আমি আপোনালোকৰলৈ প্ৰশ্ন আৰু উত্তৰসমূহ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি প্ৰদান কৰোঁ। কেতিয়াবা যিকোনো প্ৰশ্নোত্তৰৰ ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আপোনালোকক আমাক অৱগত কৰিবলৈ অনুৰোধ জনোৱা হ’ল।