Assamese Current Affairs 2021 – 10 August Current Affairs in Assamese language 

Assamese Current Affairs 2021

Assamese Current Affairs 2021 – 10 August

প্ৰশ্ন ১। শেহতীয়াকৈ লোকসভাত সংবিধানৰ কোনখন সংশোধনী বিধেয়ক উত্থাপন কৰা হৈছে?
ক) ২৭ তম
খ) ৫৭ তম
গ) ১২৭ তম
ঘ) ২২৭ তম

উত্তৰ:- গ) ১২৭ তম – শেহতীয়াকৈ লোকসভাত সংবিধানৰ ১২৭ তম সংশোধনী বিধেয়ক উত্থাপন কৰা হৈছে। লোকসভা আৰু ৰাজ্যসভাত সংশোধনী গৃহীত হোৱাৰ পিছত, ৰাজ্যখনে অ’ বি চি (OBC)ৰ তালিকাত নিজৰ ইচ্ছাৰে জাতিৰ তালিকা ভুক্ত কৰাৰ অধিকাৰ লাভ কৰিব৷ Assamese Current Affairs 2021 – 10 August

প্ৰশ্ন ২। বিখ্যাত পৰ্দাৰ শিল্পী অনুপম শ্যামৰ অলপতে কিমান বছৰ বয়সত মৃত্যু হৈছিল?
ক) ৫৩ বছৰ
খ) ৬৩ বছৰ
গ) ৭৩ বছৰ
ঘ) ৮৩ বছৰ

উত্তৰ:- খ) ৬৩ বছৰবিখ্যাত পৰ্দাৰ শিল্পী অনুপম শ্যামৰ অলপতে ৬৩ বছৰ বয়সত মৃত্যু হয়। তেওঁ যোৱা বছৰৰ পৰা বৃক্কৰ ৰোগৰ সৈতে যুঁজি আছিল। অনুপম শ্যামক আই চি ইউ (ICU)ত আছিল আৰু ভেণ্টিলেটৰত ৰখা হৈছিল। উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ৰ বাসিন্দা অনুপম শ্যামে ১৯৯৩ চনত কৰ্মজীৱন আৰম্ভ কৰিছিল।

প্ৰশ্ন ৩। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ১০ আগষ্টত কোন খন ৰাজ্যত উজ্জ্বলা যোজনা ২.০ আৰম্ভ কৰিব?
ক) কেৰালা
খ) গুজৰাট
গ) মহাৰাষ্ট্ৰ
ঘ) উত্তৰ প্ৰদেশ

উত্তৰ:- ঘ) উত্তৰ প্ৰদেশপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ১০ আগষ্টত উত্তৰ প্ৰদেশৰ মহোবা জিলাত নতুন এল পি জি (LPG) সংযোগ হস্তান্তৰ কৰি উজ্জ্বলা যোজনা ২.০ মুকলি কৰিব। আঁচনিখনৰ হিতাধিকাৰীসকলে কোনো জমা মাচুল অবিহনে এল পি জি সংযোগ লাভ কৰিব। প্ৰব্ৰজনকাৰীসকলে আঁচনিখনৰ লাভা লাভ প্ৰাপ্ত কৰিবলৈ ৰেচন কাৰ্ড আৰু ঠিকনাৰ প্ৰমাণ পত্ৰ দাখিল কৰাত প্ৰয়োজন নহ’ব। Assamese Current Affairs 2021 – 10 August

প্ৰশ্ন ৪। ১০ আগষ্টত সমগ্ৰ বিশ্বতে কি দিৱস হিচাপে পালন কৰা হয়?
ক) আন্তৰ্জাতিক ৰেল দিৱস
খ) আন্তৰ্জাতিক বিজ্ঞান দিৱস
গ) আন্তৰ্জাতিক বায়ুডিজেল দিৱস
ঘ) আন্তৰ্জাতিক ডাক সেৱা দিৱস

উত্তৰ:- ঘ) আন্তৰ্জাতিক বায়োডিজেল দিৱস – ১০ আগষ্টত সমগ্ৰ বিশ্বতে আন্তৰ্জাতিক বায়োডিজেল দিৱস হিচাপে পালন কৰা হয়। ইয়াক বিশ্ব জৈৱ ইন্ধন দিৱস বুলিও কোৱা হয়। পৰম্পৰাগত জীৱাশ্ম ইন্ধনৰ বিকল্প হিচাপে অ-জীৱাশ্ম ইন্ধনৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে এই দিনটো ৰখা হৈছে।

প্ৰশ্ন ৫। শেহতীয়াকৈ দিল্লীত কোভিড-19 ৰ কাৰ্যকৰী ব্যৱস্থাপনাৰ বাবে জি আৰ এ পি (GRAP) কাৰ্যকৰী কৰাৰ নিৰ্দেশ কোনে জাৰি কৰিছে?
ক) কেন্দ্ৰীয় চৰকাৰ
খ) নীতি আয়োগ
গ) দিল্লী দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ
ঘ) পৰিকল্পনা আয়োগ

উত্তৰ:- গ) দিল্লী দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ – দিল্লী দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই শেহতীয়াকৈ দিল্লীত কোভিড-19 ৰ কাৰ্যকৰী ব্যৱস্থাপনাৰ বাবে জি আৰ এপি (গ্ৰেডেড ৰেচপন্স একচন প্লেন) কাৰ্যকৰী কৰাৰ নিৰ্দেশ জাৰি কৰিছে। যিটো ৰাজ্যিক পৰ্যায়ৰ বিশেষজ্ঞ সমিতিয়ে প্ৰস্তুত কৰিছিল।

• Olympics GK Quiz in Assamese language

প্ৰশ্ন ৬। দিল্লীৰ ৰোহিণীত কোনবাৰৰ বাবে পশুৰ ডি এন এ পৰীক্ষাগাৰ স্থাপন কৰা হৈছে?
ক) প্ৰথমবাৰ বাবে
খ) দ্বিতীয়বাৰ বাবে
গ) তৃতীয়বাৰ বাবে
ঘ) চতুৰ্থবাৰ বাবে

উত্তৰ:- ক) প্ৰথমবাৰ বাবেদিল্লীৰ ৰোহিণীত প্ৰথমবাৰ বাবে পশু ডি এন এ (DNA) পৰীক্ষাগাৰ স্থাপন কৰা হৈছে। আগতে পশুৰ নমুনাবোৰ পৰীক্ষাৰ ফলাফলৰ বাবে জন্তুৰ ডি এন এ পৰীক্ষাৰ সুবিধা থকা আন ৰাজ্যলৈ প্ৰেৰণ কৰা হৈছিল। এই পশু ডি এন এ পৰীক্ষাগাৰটো সময়মতে গৰু হত্যা, পশুৰ অবৈধ ব্যৱসায় আৰু এনে ধৰণৰ পশু সম্পৰ্কীয় অন্যান্য ঘটনাৰ বাবে ব্যৱহাৰ কৰা হ’ব। Assamese Current Affairs 2021 – 10 August

প্ৰশ্ন ৭। ভাৰতে ঘোষণা কৰা মতে শীঘ্ৰেই কোনটো বেজী-মুক্ত কোভিড-19 ভেকছিন মজুৰি দিয়া হ’ব?
ক) AstraZeneca
খ) mRNA-1273
গ) BBV154
ঘ) ZyCoV-D

উত্তৰ:- ঘ) জাইকোভি-ডি (ZyCoV-D) – ভাৰতে শীঘ্ৰেই বেজী-মুক্ত জাইকোভি-ডি কোভিড-19 ভেকছিন মজুৰি ঘোষণা কৰিছে। যিটো ফাৰ্মাচিউটিকেল কোম্পানী জায়েডাছ কেডিলাৰ দ্বাৰা সৃষ্টি কৰা হৈছে। বৰ্তমান, চৰকাৰে কোভিড-19 ৰ বাবে ৫ টা ভেকছিন কৰ্তৃত্ব প্ৰদান কৰিছে। যাৰ ভিতৰত আছে কভিশ্বিল্ড, স্পুটনিক বি, কভেক্সিন।

প্ৰশ্ন ৮। ভাৰতৰ স্বাধীনতাৰ কিমান বছৰৰ সফলতাত সীমান্ত পথ সংস্থাই “স্বাধীনতাৰ অমৃত মহোৎসৱ” উদযাপন আৰম্ভ কৰিছে?
ক) ৫৫ বছৰ
খ) ৬৫ বছৰ
গ) ৭৫ বছৰ
ঘ) ৮৫ বছৰ

উত্তৰ:- গ) ৭৫ বছৰসীমান্ত পথ সংস্থাই শেহতীয়াকৈ ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ কৃতিত্বত “স্বাধীনতাৰ অমৃত মহোৎসৱ” উদযাপন আৰম্ভ কৰিছে। এই উপলক্ষে বি আৰ অ‘ (BRO) য়ে দেশজুৰি কল্যাণ আৰু দেশ প্ৰেমমূলক কাৰ্যকলাপ আৰু কাৰ্যসূচী আয়োজন কৰিব। ইয়াৰ ভিতৰত আছে ৭৫ টা চিকিৎসা শিবিৰ, ৭৫ টা স্থানত বৃক্ষৰোপণ অভিযান আৰু ৭৫ খন বিদ্যালয় সংলাপ। Assamese Current Affairs 2021 – 10 August

প্ৰশ্ন ৯। ৰামেশ্বৰ তেলীয়ে স্বাধীনতাৰ অমৃত মহোৎসৱৰ অধীনত কোনটো অ’এনজিচি (ONGC) হস্তশিল্প প্ৰকল্প আৰম্ভ কৰিছে?
ক)প্ৰথম
খ) তৃতীয়
গ) পঞ্চম
ঘ) সপ্তম

উত্তৰ:- খ) তৃতীয়পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ আৰু শ্ৰম আৰু নিযুক্তি ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলীয়ে শেহতীয়াকৈ স্বাধীনতাৰ অমৃত মহোৎসৱৰ অধীনত তৃতীয় অ’এনজিচি হস্তশিল্প প্ৰকল্প আৰম্ভ কৰিছে। এই অসম হস্ততাঁত প্ৰকল্পৰ অধীনত, ১০০ জন শিল্পীক প্ৰশিক্ষণ দিয়া হ’ব আৰু সহায় কৰা হ’ব। ইয়াৰ ফলত স্থানীয় শিপিনীসকল উপকৃত হোৱা লগতে আৰু গ্ৰাম্য অৰ্থনীতিক উৎসাহিত কৰা হ’ব।

• Assamese Current Affairs 2021 – 9 August, 2021

• Assamese Current Affairs – 8 August, 2021

• আমাৰ Telegram Channel:- Click Here