Assamese GK 2021 – অসমীয়া সাধাৰণ জ্ঞান ২০২১ – ২৪ অক্টোবৰ, ২০২১
নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “Assamese GK 2021” এই তথ্যৰাজি আপোনালোকে অসমীয়া সাধাৰণ জ্ঞান ২০২১ ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰসমূহ পঢ়িবলৈ পাব। আশা কৰোঁ আমাৰ এই প্ৰশ্নোত্তৰসমূহ আপোনালোকৰ সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সহায়ক হ’ব।
আমাৰ টেলিগ্ৰামৰ বাবে – ইয়াত ক্লি’ক কৰক।

Current Affairs Questions and Answers 2021 in Assamese language
অসমীয়া সাধাৰণ জ্ঞান 2021
প্ৰশ্ন ১। কোন খন ৰাজ্যই নিবনুৱা যুৱক-যুৱতীসকলক ”মেৰা কাম মেৰা মান’ আঁচনিৰ অধীনত বিনামূলীয়াকৈ হ্ৰস্বম্যাদী দক্ষতা প্ৰশিক্ষণ প্ৰদান কৰিছে?
ক) উৰিষ্যা
খ) ৰাজস্থান
গ) উত্তৰাখণ্ড
ঘ) পাঞ্জাৱ
উত্তৰ:- ঘ) পাঞ্জাৱ – পাঞ্জাৱ চৰকাৰে ইয়াৰ যুৱসকলক ”মেৰা কাম মেৰা মান‘ আঁচনিৰ অধীনত বিনামূলীয়াকৈ হ্ৰস্বম্যাদী দক্ষতা প্ৰশিক্ষণ প্ৰদান কৰিছে।
প্ৰশ্ন ২। শেহতীয়াকৈ ভাৰতৰ কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ‘মিলেট মিছন’ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল?
ক) মনোহৰ লাল খট্টৰ
খ) ভূপেশ বাঘেল
গ) ৱাইএছআৰ জগন মোহন ৰেড্ডী
ঘ) এম কে ষ্টালিন
উত্তৰ:- খ) ভূপেশ বাঘেল – ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ‘মিলেট মিছন‘ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল। যাৰ উদ্দেশ্য হৈছে কৃষকসকলক সৰু খাদ্য শস্যৰ বাবে সঠিক মূল্য হাৰ প্ৰদান কৰা।
প্ৰশ্ন ৩। গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হিচাপে কাক বাছনি কৰা হৈছে?
ক) পুৰশোতম ৰূপালা
খ) ভূপেন্দ্ৰ পেটেল
গ) বিজয় ৰুপানি
ঘ) ভূপেন্দ্ৰ চুদাচামা
উত্তৰ:- খ) ভূপেন্দ্ৰ পেটেল – বিজেপিৰ আইনসভাৰ বৈঠকত ভূপেন্দ্ৰ পেটেলক গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হিচাপে বাছনি কৰা হৈছে। তেওঁ আহমেদাবাদৰ ঘাটলোডিয়া বিধানসভা আসনৰ এজন বিজেপি বিধায়ক।
প্ৰশ্ন ৪। তেলেংগানাত কোনে এনে ধৰণৰ প্ৰথম “মেডিচিন ফ্ৰম দ্য স্কাই” প্ৰকল্প আৰম্ভ কৰিছে?
ক) জ্যোতিৰাডতীয়া সিন্ধিয়া
খ) কে চন্দ্ৰশেখৰ ৰাও
গ) হৰদীপ সিং পুৰী
ঘ) মনসুখ মাণ্ডৱিয়া
উত্তৰ:- ক) জ্যোতিৰাডতীয়া সিন্ধিয়া – অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাডতিয়া সিন্ধিয়াই তেলেংগানাত এনে ধৰণৰ প্ৰথম “মেডিচিন ফ্ৰম দ্য স্কাই” প্ৰকল্প আৰম্ভ কৰিছে।
প্ৰশ্ন ৫। মহাৰাষ্ট্ৰ চৰকাৰে পুনেৰ ওচৰৰ পিম্প্ৰি-চিঞ্চৱাডত এখন বিশ্বমানৰ বিজ্ঞান চহৰ স্থাপন কৰাৰ সিদ্ধান্ত লৈছে যাৰ নাম কাৰ নামেৰে ৰখা হ’ব?
ক) বালাচাহেব থাকাৰী
খ) এ পি জে আব্দুল কালাম
গ) ৰাজীৱ গান্ধী
ঘ) শিৱাজী মহাৰাজ
উত্তৰ:- গ) ৰাজীৱ গান্ধী – মহাৰাষ্ট্ৰ চৰকাৰে ৰাজীৱ গান্ধীৰ নামেৰে পুনেৰ ওচৰৰ পিম্প্ৰি-চিঞ্চৱাডত এখন বিশ্বমানৰ বিজ্ঞান চহৰ স্থাপন কৰাৰ সিদ্ধান্ত লৈছে।
প্ৰশ্ন ৬। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে নাবাৰ্ডৰ দ্বাৰা আৰম্ভ কৰা ‘মাই পেড, মাই ৰাইট’ নামৰ প্ৰকল্পটো নিম্নলিখিত কোন স্থানত উদ্বোধন কৰিছে?
ক) নতুন দিল্লী
খ) বেংগালুৰু
গ) চেন্নাই
ঘ) ত্ৰিপুৰা
উত্তৰ:- ঘ) ত্ৰিপুৰা – ত্ৰিপুৰাত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে নাবাৰ্ডৰ দ্বাৰা আৰম্ভ কৰা ‘মাই পেড, মাই ৰাইট‘ নামৰ প্ৰকল্পটো উদ্বোধন কৰিছে।
প্ৰশ্ন ৭। বৰ্তমান উৰিষ্যাৰ ৰাজ্যপাল কোন?
ক) গণেশী লাল
খ) এছ.C জামিৰ
গ) জগদীশ মুখী
ঘ) বিশ্বভূষাণ হৰিচন্দন
উত্তৰ:- ক) গণেশী লাল – বৰ্তমান উৰিষ্যাৰ ৰাজ্যপাল হৈছে গণেশী লাল।
প্ৰশ্ন ৮। Pradhan Mantri Kisan Urja Suraksha Evam Utthan Mahaabhiyaan (PM-KUSUM) ৰ অধীনত অফ-গ্ৰিড সৌৰ পাম্প স্থাপনৰ ক্ষেত্ৰত দেশৰ সকলো ৰাজ্যৰ ভিতৰত কোনখন ৰাজ্য শীৰ্ষ স্থানত আছে?
ক) হাৰিয়ানা
খ) গুজৰাট
গ) কৰ্ণাটক
ঘ) মধ্য প্ৰদেশ
উত্তৰ:- ক) হাৰিয়ানা – প্ৰধানমন্ত্ৰী কিষাণ উৰ্জা সুৰক্ষা ইভাম উৎথান মহাঅভিযান (Pradhan Mantri Kisan Urja Suraksha Evam Utthan Mahaabhiyaan) অৰ্থাৎ চমুকৈ PM-KUSUM ৰ অধীনত অফ-গ্ৰিড সৌৰ পাম্প স্থাপনৰ ক্ষেত্ৰত হাৰিয়ানাই দেশৰ সকলো ৰাজ্যৰ ভিতৰত শীৰ্ষস্থান দখল কৰিছে।
প্ৰশ্ন ৯। কোনখন ৰাজ্য চৰকাৰে COVID-19 ত স্বামী হেৰুওৱা মহিলাসকলক সহায় কৰিবলৈ “মিছন বৎসল্য (Mission Vatsalya)” নামৰ এক বিশেষ অভিযান আৰম্ভ কৰিছিল?
ক) উৰিষ্যা
খ) মহাৰাষ্ট্ৰ
গ) হিমাচল প্ৰদেশ
ঘ) ত্ৰিপুৰা
উত্তৰ:- খ) মহাৰাষ্ট্ৰ – মহাৰাষ্ট্ৰ চৰকাৰে COVID-19 ত স্বামী হেৰুওৱা মহিলাসকলক সহায় কৰাৰ বাবে “মিছন বৎসল্য (Mission Vatsalya)” নামৰ এক বিশেষ অভিযান আৰম্ভ কৰিছিল।
প্ৰশ্ন ১০। কোন খন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে “Shri Dhanwantri Generic Medical Store scheme” নামৰ আঁচনিখন আৰম্ভ কৰিছে?
ক) পশ্চিম বংগ
খ) ঝাৰখণ্ড
গ) ছত্তীশগড়
ঘ) মহাৰাষ্ট্ৰ
উত্তৰ- গ) ছত্তীশগড় – ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে কম খৰচী জেনেৰিক ঔষধ প্ৰদান কৰিবলৈ আৰু ৰাজ্যখনৰ দুৰ্বল লোকসকলক নিৰৱচ্ছিন্ন স্বাস্থ্যসেৱা প্ৰদান কৰিবলৈ “শ্ৰী ধনৱন্তৰী জেনেৰিক মেডিকেল ষ্ট’ৰ আঁচনি (Shri Dhanwantri Generic Medical Store scheme)” নামৰ এক নতুন আঁচনি আৰম্ভ কৰিছে।
লগতে পঢ়ক –
অস্বীকাৰ: আমি আপোনালোকৰলৈ প্ৰশ্ন আৰু উত্তৰসমূহ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি প্ৰদান কৰোঁ। কেতিয়াবা যিকোনো প্ৰশ্নোত্তৰৰ ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আপোনালোকক আমাক অৱগত কৰিবলৈ অনুৰোধ জনোৱা হ’ল।