Assamese GK 2021 / অসমীয়া সাধাৰণ জ্ঞান ২০২১

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ “Assamese GK 2021” ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ Assam Police ৰ লিখিত পৰীক্ষা, অসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। প্ৰতিদিনে Free Assamese Online Mock Test দিবলৈ এই লিংকত ক্লি’ক কৰক:- JOIN NOW

অসমীয়া নতুন কুইজ ২০২১-২০২২ / Current Affairs 2022 in Assamese language

Assamese GK 2021/ অসমীয়া সাধাৰণ জ্ঞান ২০২১ (14 December)

Assamese GK 2022

Assamese GK 2021/ সাধাৰণ জ্ঞান 2021

প্ৰশ্ন ১। টাইম আলোচনীৰ দ্বাৰা কাক “টাইম পাৰ্ছন অফ দা ইয়েৰ 2021” বঁটা প্ৰদান কৰা হৈছে?

উত্তৰ:- টাইম আলোচনীৰ দ্বাৰা এলান মাস্কক “টাইম পাৰ্ছন অফ দা ইয়েৰ 2021” বঁটা প্ৰদান কৰা হৈছে।

প্ৰশ্ন ২। চাবমেৰিন বিৰোধী যুঁজ ক্ষমতা বৃদ্ধিৰ উদ্দেশ্যৰে উৰিষ্যাৰ বালাচোৰ উপকূলত ডিআৰডিঅ’ৰ দ্বাৰা কোনটো দীঘলীয়া দূৰত্বৰ মিছাইলৰ সফল পৰীক্ষা কৰা হৈছে?

উত্তৰ:- চাবমেৰিন বিৰোধী যুঁজ ক্ষমতা বৃদ্ধিৰ উদ্দেশ্যৰে উৰিষ্যাৰ বালাচোৰ উপকূলত ডিআৰডিঅ’ৰ দ্বাৰা চুপাৰ চনিক মিছাইল টৰ্পেডো (স্মাৰ্ট) নামৰ দীঘলীয়া দূৰত্বৰ মিছাইলৰ সফল পৰীক্ষা কৰা হৈছে।

প্ৰশ্ন ৩। দিল্লী চৰকাৰে মিছকলৰ জৰিয়তে বিনামূলীয়া যোগ শিকোৱাৰ বাবে কোনখন আঁচনি আৰম্ভ কৰিছে?

উত্তৰ:- দিল্লী চৰকাৰে মিছকলৰ জৰিয়তে বিনামূলীয়া যোগ শিকোৱাৰ বাবে “দিল্লীৰ যোগ শালা” নামৰ আঁচনিখন আৰম্ভ কৰিছে।

প্ৰশ্ন ৪। বাৰাণসী ডাক বিভাগে এতিয়া দেশ আৰু বিদেশলৈ প্ৰেৰণ কৰা ডাক পত্ৰত স্বাভাৱিকৰ পৰিৱৰ্তে কোনটো মন্দিৰৰ ফটো ষ্টেম্প লগোৱাৰ কথা ঘোষণা কৰিছে?

উত্তৰ:- বাৰাণসী ডাক বিভাগে এতিয়া দেশ আৰু বিদেশলৈ প্ৰেৰণ কৰা ডাক পত্ৰত স্বাভাৱিকৰ পৰিৱৰ্তে কাশী বিশ্বনাথ মন্দিৰৰ ফটো ষ্টেম্প লগোৱাৰ কথা ঘোষণা কৰিছে।

প্ৰশ্ন ৫। আইচিচিয়ে নৱেম্বৰ ২০২১ মাহৰ শ্ৰেষ্ঠ খেলুৱৈ (মাহৰ খেলুৱৈ) হিচাপে কাক বাছনি কৰিছে?

উত্তৰ:- আইচিচিয়ে নৱেম্বৰ ২০২১ মাহৰ শ্ৰেষ্ঠ খেলুৱৈ (মাহৰ খেলুৱৈ) হিচাপে অষ্ট্ৰেলিয়া খেলুৱৈ ডেভিড ৱাৰ্ণাক বাছনি কৰিছে।

অসমীয়া সাধাৰণ জ্ঞান ২০২২ / নতুন সাধাৰণ জ্ঞানৰ কুইজ ২০২২

প্ৰশ্ন ৬। কমনৱেলথ ভাৰোত্তোলনত ৮১ কিলোগ্ৰাম ওজনৰ শ্ৰেণীত ভাৰতৰ হৈ তৃতীয়টো স্বৰ্ণ পদক কোনে জিকিছে?

উত্তৰ:- কমনৱেলথ ভাৰোত্তোলনত ৮১ কিলোগ্ৰাম ওজনৰ শ্ৰেণীত ভাৰতৰ হৈ তৃতীয়টো স্বৰ্ণ পদক অজয় সিংয়ে জিকিছে।

প্ৰশ্ন ৭। কোন ভাৰতীয় গণিতজ্ঞক ডিএছটি আইচিটিপি আইএমইউ ৰামানুজন বঁটা 2021 বঁটা প্ৰদান কৰা হৈছে?

উত্তৰ:- ভাৰতীয় গণিতজ্ঞ নীনা গুপ্তাক ডিএছটি আইচিটিপি আইএমইউ ৰামানুজন বঁটা 2021 বঁটা প্ৰদান কৰা হৈছে।

প্ৰশ্ন ৮। ভাৰতীয় ছফ্টৱেৰ টেকন’লজী পাৰ্ক (Software Technology Parks of India) ৰ নতুন সঞ্চালক প্ৰধান হিচাপে কাক নিযুক্তি দিয়া হৈছে?

উত্তৰ:- ভাৰতীয় ছফ্টৱেৰ টেকন’লজী পাৰ্ক (Software Technology Parks of India) ৰ নতুন সঞ্চালক প্ৰধান হিচাপে অৰবিন্দ কুমাৰক নিযুক্তি দিয়া হৈছে।

প্ৰশ্ন ৯। কোন খন দেশে ২০২৭ চনৰ ভিতৰত নিজৰ দেশক সম্পূৰ্ণ ধোঁৱামুক্ত দেশ হিচাপে ঘোষণা কৰিছে?

উত্তৰ:- নিউজিলেণ্ড দেশখনে ২০২৭ চনৰ ভিতৰত নিজৰ দেশক সম্পূৰ্ণ ধোঁৱামুক্ত দেশ হিচাপে ঘোষণা কৰিছে।

প্ৰশ্ন ১০। ১৪ ডিচেম্বৰত কি দিৱস হিচাপে পালন কৰা হয়?

উত্তৰ:- ১৪ ডিচেম্বৰত ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱস হিচাপে পালন কৰা হয়।

লগতে পঢ়ক

অস্বীকাৰ: আমি আপোনালোকৰলৈ প্ৰশ্ন আৰু উত্তৰসমূহ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি প্ৰদান কৰোঁ। কেতিয়াবা যিকোনো প্ৰশ্নোত্তৰৰ ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আপোনালোকক আমাক অৱগত কৰিবলৈ অনুৰোধ জনোৱা হ’ল।