Assamese GK 2022 / অসমীয়া সাধাৰণ জ্ঞান ২০২২
নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজিৰ এই পোষ্টটোত আমি আপোনালোকৰ বাবে লৈ আনিছোঁ Assamese GK 2022 ৰ ওপৰত ভিত্তি কৰি যোৱা কালিৰ Assamese Current Affairs ৰ মুঠ ১০ টা গুৰুত্বপূৰ্ণ অসমীয়া সাধাৰণ জ্ঞান ২০২২ৰ প্ৰশ্নোত্তৰ। আশা কৰোঁ এই অসমীয়া কুইজ ২০২২ কেইটা আপোনালোকৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা যেনেকৈ UPSC, APCS, SSC, APDCL, Assam TET, Assam Police আদিৰ বাবে সহায়ক হ’ব। লগতে আপুনি প্ৰতিদিনে Free Online Assamese Mock Test দিবলৈ আমাৰ টেলিগ্ৰাম গ্ৰুপত Join হৈ ল’ব পাৰে। লিংক বাবে – ইয়াত ক্লি’ক কৰক!

Current Affairs 2021-22 in Assamese language / অসমীয়া সাধাৰণ জ্ঞান ২০২২
প্ৰশ্ন ১। শেহতীয়াকৈ ভূটানে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সন্মানিত কৰা বঁটাটোৰ নাম কি?
উত্তৰ:- শেহতীয়াকৈ ভূটানে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সন্মানিত কৰা বঁটাটোৰ নাম হৈছে সৰ্বোচ্চ নাগৰিক বঁটা।
প্ৰশ্ন ২। শেহতীয়ালৈ ইংলেণ্ডৰ কোনজন খেলুৱৈ ১৫০ খন টেষ্ট মেচ খেলা বিশ্বৰ দশম খেলুৱৈ হৈ পৰিছে?
উত্তৰ:- শেহতীয়ালৈ ইংলেণ্ডৰ খেলুৱৈ ষ্টিৱাৰ্ড ব্ৰড ১৫০ খন টেষ্ট মেচ খেলা বিশ্বৰ দশম খেলুৱৈ হৈ পৰিছে।
প্ৰশ্ন ৩। কোভিডৰ সময়ত অভূতপূৰ্ব পদক্ষেপ আৰু সাহায্য কাৰ্যৰ বাবে কোনটো প্ৰতিষ্ঠানক টাইমছ হায়াৰ এডুকেচন (Times Higher Education) বঁটা এছিয়া ২০২১ প্ৰদান কৰা হৈছে?
উত্তৰ:- কলিঙ্গ ইনষ্টিটিউট অৱ ইণ্ডাষ্ট্ৰিয়েল টেকন’লজী ডিমড টু বি ইউনিভাৰ্চিটিক কোভিডৰ সময়ত অভূতপূৰ্ব পদক্ষেপ আৰু সাহায্য কাৰ্যৰ বাবে টাইমছ হায়াৰ এডুকেচন (Times Higher Education) বঁটা এছিয়া ২০২১ প্ৰদান কৰা হৈছে।
প্ৰশ্ন ৪। ৰাজনীতিৰ পৰা অৱসৰ ঘোষণা কৰা মেট্ৰ’মেন হিচাপে কাক জনা যায়?
উত্তৰ:- ৰাজনীতিৰ পৰা অৱসৰ ঘোষণা কৰা মেট্ৰ’মেন হিচাপে ই-শ্ৰীধৰণক জনা যায়।
প্ৰশ্ন ৫। শেহতীয়াকৈ ফ্ৰান্সৰ কোনজন প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত ভ্ৰমণ কৰি গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছিল?
উত্তৰ:- শেহতীয়াকৈ ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰী ফ্লৰেন্স পাৰ্লিয়ে ভাৰত ভ্ৰমণ কৰি গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছল।
Assamese General Knowledge 2022 / অসমীয়া সাধাৰণ জ্ঞান ২০২২
প্ৰশ্ন ৬। শেহতীয়াকৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে আয়োজন কৰা অনুষ্ঠানটোৰ নাম কি আছিল?
উত্তৰ:- শেহতীয়াকৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে আয়োজন কৰা অনুষ্ঠানটোৰ নাম আছিল “তৃতীয় ভাৰত-মধ্য এছিয়া আলোচনা”।
প্ৰশ্ন ৭। ভাৰতৰ শ্বুটাৰ অৱনী লেখৰাক কোন খিতাপেৰে পেৰালিম্পিক বঁটা ২০২১ প্ৰদান কৰা হৈছে?
উত্তৰ:- ভাৰতৰ শ্বুটাৰ অৱনী লেখৰাক Best Female Debut খিতাপেৰে পেৰালিম্পিক বঁটা ২০২১ প্ৰদান কৰা হৈছে।
প্ৰশ্ন ৮। কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপত কোনে ৮ টা ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰি সোণৰ পদক জিকিছে?
উত্তৰ:- কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপত পূৰ্ণিমা পাণ্ডে ৮ টা ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰি সোণৰ পদক জিকিছে।
প্ৰশ্ন ৯। চাৰিখন দেশৰ উপগ্ৰহ উৎক্ষেপণৰ বাবে ইছৰোৱে কিমান কোটি টকা স্বাক্ষৰ কৰিছে?
উত্তৰ:- চাৰিখন দেশৰ উপগ্ৰহ উৎক্ষেপণৰ বাবে ইছৰোৱে ১,১৪০ কোটি টকা স্বাক্ষৰ কৰিছে।
প্ৰশ্ন ১০। কাক পঞ্জাৱৰ নতুন ডিজিপি হিচাপে নিযুক্তি দিয়া হৈছে?
উত্তৰ:- সিদ্ধাৰ্থ চট্টোপাধ্যায়ক পঞ্জাৱৰ নতুন ডিজিপি হিচাপে নিযুক্তি দিয়া হৈছে।
লগতে পঢ়ক
- অসমীয়া সাধাৰণ জ্ঞান ২০২২ (16 December 2021)
- ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান (Indian Agricultural Research Institute) ৰ চাকৰি নিযুক্তি ২০২১-২২
অস্বীকাৰ: আমি আপোনালোকৰলৈ প্ৰশ্ন আৰু উত্তৰসমূহ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি প্ৰদান কৰোঁ। কেতিয়াবা যিকোনো প্ৰশ্নোত্তৰৰ ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আপোনালোকক আমাক অৱগত কৰিবলৈ অনুৰোধ জনোৱা হ’ল।