Assamese GK 2022 / অসমীয়া সাধাৰণ জ্ঞান ২০২২

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজিৰ এই পোষ্টটোত আমি আপোনালোকৰ বাবে লৈ আনিছোঁ Assamese GK 2022 ৰ ওপৰত ভিত্তি কৰি যোৱা কালিৰ Assamese Current Affairs   ৰ মুঠ ১১ টা গুৰুত্বপূৰ্ণ অসমীয়া সাধাৰণ জ্ঞান ২০২২ ৰ প্ৰশ্নোত্তৰ। আশা কৰোঁ এই অসমীয়া কুইজ ২০২২ কেইটা আপোনালোকৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা যেনেকৈ UPSC, APCS, SSC, APDCL, Assam TET, Assam Police আদিৰ বাবে সহায়ক হ’ব। লগতে আপুনি প্ৰতিদিনে Free Online Assamese Mock Test দিবলৈ আমাৰ টেলিগ্ৰাম গ্ৰুপত Join হৈ ল’ব পাৰে। লিংক বাবে – ইয়াত ক্লি’ক কৰক!

Assamese GK 2022

Current Affairs in Assamese language / Assamese GK 2022

প্ৰশ্ন ১। কেন্দ্ৰীয় কেবিনেটে বিবাহৰ বাবে মহিলাৰ বয়স ১৮ বছৰৰ পৰা কিমান বছৰলৈ বৃদ্ধি কৰাৰ অনুমোদন জনাইছে?

উত্তৰ:- কেন্দ্ৰীয় কেবিনেটে বিবাহৰ বাবে মহিলাৰ বয়স ১৮ বছৰৰ পৰা ২১ বছৰলৈ বৃদ্ধি কৰাৰ অনুমোদন জনাইছে।

প্ৰশ্ন ২। স্বাস্থ্যজনিত কাৰণত বাৰ্চিলোনাৰ কোন ষ্ট্ৰাইকাৰে ফুটবলৰ পৰা অৱসৰ ঘোষণা কৰিছে?

উত্তৰ:- স্বাস্থ্যজনিত কাৰণত বাৰ্চিলোনাৰ ষ্ট্ৰাইকাৰ চাৰ্জিও আগুয়েৰোয়ে ফুটবলৰ পৰা অৱসৰ ঘোষণা কৰিছে।

প্ৰশ্ন ৩। পশ্চিম বংগৰ দুৰ্গা পূজাক কোনে সাংস্কৃতিক ঐতিহ্যৰ মৰ্যাদা দিছে?

উত্তৰ:- পশ্চিম বংগৰ দুৰ্গা পূজাক ইউনেস্কোয়ে সাংস্কৃতিক ঐতিহ্যৰ মৰ্যাদা দিছে।

প্ৰশ্ন ৪। সেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰৱানেক কিহৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে?

উত্তৰ:- সেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰৱানেক চিএছচি (CSC) ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে।

প্ৰশ্ন ৫। কোনটো বিমানবন্দৰ শীঘ্ৰেই দেশৰ প্ৰথম বিমানবন্দৰ হ’ব য’ত চাৰিটা ৰানৱে থাকিব?

উত্তৰ:- ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ শীঘ্ৰেই দেশৰ প্ৰথম বিমানবন্দৰ হ’ব য’ত চাৰিটা ৰানৱে থাকিব।

GK Quiz 2022 in Assamese / নতুন অসমীয়া সাধাৰণ জ্ঞান ২০২২

প্ৰশ্ন ৬। বজাৰ নিয়ন্ত্ৰক ছেবিয়ে নিয়ম উলংঘনৰ বাবে কোনটো কোম্পানীৰ ওপৰত ৭২ কোটি টকাৰ জৰিমনা আৰোপ কৰিছে?

উত্তৰ:- বজাৰ নিয়ন্ত্ৰক ছেবিয়ে নিয়ম উলংঘনৰ বাবে উইনচম টেক্সটাইল নামৰ কোম্পানীটোৰ ওপৰত ৭২ কোটি টকাৰ জৰিমনা আৰোপ কৰিছে।

প্ৰশ্ন ৭। নেপালী কংগ্ৰেছ দলে কাক দলৰ সভাপতি হিচাপে নিৰ্বাচিত কৰিছে?

উত্তৰ:- নেপালী কংগ্ৰেছ দলে শ্বেৰ বাহাদুৰ দেউবাক দলৰ সভাপতি হিচাপে নিৰ্বাচিত কৰিছে।

প্ৰশ্ন ৮। ম্যানমাৰৰ ৰাষ্ট্ৰীয় একতা চৰকাৰে কোনটো ক্ৰিপ্টোকাৰেন্সী অনুমোদন কৰিছে?

উত্তৰ:- ম্যানমাৰৰ ৰাষ্ট্ৰীয় একতা চৰকাৰে টেডাৰ নামৰ ক্ৰিপ্টোকাৰেন্সীটো অনুমোদন কৰিছে।

প্ৰশ্ন ৯। ইউগভ (YouGov) ৰ এক জৰীপ অনুসৰি বিশ্বৰ ২০ জন আটাইতকৈ প্ৰশংসনীয় লোকৰ ভিতৰত কোনজন প্ৰথম স্থানত আছে?

উত্তৰ:- ইউগভ (YouGov) ৰ এক জৰীপ অনুসৰি বিশ্বৰ ২০ জন আটাইতকৈ প্ৰশংসনীয় লোকৰ ভিতৰত বাৰাক অবামা প্ৰথম স্থানত আছে।

প্ৰশ্ন ১০। সমগ্ৰ দেশতে ১৬ ডিচেম্বৰত কি দিৱস হিচাপে পালন কৰা হয়?

উত্তৰ:- সমগ্ৰ দেশতে ১৬ ডিচেম্বৰত বিজয় দিৱস হিচাপে পালন কৰা হয়। এই বাৰৰ বিজয় দিৱস ৫০ তম বাৰ্ষিকীক আছিল।

প্ৰশ্ন ১১। শেহতীয়াকৈ ফৰ্মুলা ৱান ৰেচাৰ লুইজ হেম্পটনক প্ৰিন্স চাৰ্লছে কি সন্মানেৰে সন্মানিত কৰিছিল?

উত্তৰ:- শেহতীয়াকৈ ফৰ্মুলা ৱান ৰেচাৰ লুইজ হেম্পটনক প্ৰিন্স চাৰ্লছে নাইটহুড সন্মানেৰে সন্মানিত কৰিছিল।

লগতে পঢ়ক

অস্বীকাৰ: আমি আপোনালোকৰলৈ প্ৰশ্ন আৰু উত্তৰসমূহ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি প্ৰদান কৰোঁ। কেতিয়াবা যিকোনো প্ৰশ্নোত্তৰৰ ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আপোনালোকক আমাক অৱগত কৰিবলৈ অনুৰোধ জনোৱা হ’ল।