Assamese GK 2022 / অসমীয়া সাধাৰণ জ্ঞান ২০২২/ Assamese GK

Assamese GK 2022 / অসমীয়া সাধাৰণ জ্ঞান ২০২২

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ এই Assamese GK 2022 প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ অসম আৰক্ষীৰ লিখিত পৰীক্ষা, অসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা আপোনাৰ সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে। লগতে প্ৰতিদিনে  অসমীয়া Online Mock Test দিবলৈ এই লিংকত ক্লি’ক কৰক:- JOIN NOW

GK Current Affairs in Assamese – Today Current Affairs in Assamese language ( 20 December 2021)

প্ৰশ্ন ১। ২০ ডিচেম্বৰত কি দিৱস হিচাপে পালন কৰা হয়?

উত্তৰ:- ২০ ডিচেম্বৰত আন্তৰ্জাতিক মানৱতা একতা দিৱস হিচাপে পালন কৰা হয়।

প্ৰশ্ন ২। বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ পুৰুষৰ ছিংগলছত কোনে প্ৰথমবাৰৰ বাবে ৰূপৰ পদক জিকিছে?

উত্তৰ:- বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ পুৰুষৰ ছিংগলছত ভাৰতৰ কিদাম্বি শ্ৰীকান্তে প্ৰথমবাৰৰ বাবে ৰূপৰ পদক জিকিছে।

প্ৰশ্ন ৩। সৰ্বভাৰতীয় জাট মহাসভাৰ নতুন ৰাষ্ট্ৰীয় সম্পাদক হিচাপে কাক নিযুক্তি দিয়া হৈছে?

উত্তৰ:- সৰ্বভাৰতীয় জাট মহাসভাৰ নতুন ৰাষ্ট্ৰীয় সম্পাদক হিচাপে ৰবীন্দ্ৰ বালিয়ানক নিযুক্তি দিয়া হৈছে।

প্ৰশ্ন ৪। কোনটো আঁচনি শেহতীয়াকৈ অ-সংযোজিত, অ-অংশীদাৰীত্ব, ব্যক্তিগত সঞ্চয় জীৱনৰ বাবে আৰম্ভ কৰা হৈছে?

উত্তৰ:- মানি লাইন অৰ্থাৎ ধন ৰেখা নামৰ আঁচনিটো শেহতীয়াকৈ অ-সংযোজিত, অ-অংশীদাৰীত্ব, ব্যক্তিগত সঞ্চয় জীৱনৰ বাবে আৰম্ভ কৰা হৈছে।

প্ৰশ্ন ৫। ভাৰতৰ কোন খন চহৰে পৃথিৱীৰ আটাইতকৈ দীঘল বাঁহী বনোৱাৰ অভিলেখ ৰাখিছে?

উত্তৰ:- ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ পিলিভিট নামৰ চহৰখনে পৃথিৱীৰ আটাইতকৈ দীঘল বাঁহী বনোৱাৰ অভিলেখ ৰাখিছে। এই বাঁহীটোৰ মাপ হৈছে প্ৰায় ১৬ ফু Current Affairs in Assamese / নতুন কুইজ

প্ৰশ্ন ৬। ইংলেণ্ডৰ কোন জন বলাৰে দ্ৰুত বলাৰ হিচাপে ৬,০০০ টেষ্ট অভাৰ বল কৰাৰ অভিলেখ গঢ়িছে?

উত্তৰ:- ইংলেণ্ডৰ বলাৰ জেমছ এণ্ডাৰচনে দ্ৰুত বলাৰ হিচাপে ৬,০০০ টেষ্ট অভাৰ বল কৰাৰ অভিলেখ গঢ়িছে।

প্ৰশ্ন ৭। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কাক ৰাজ্যখনৰ ব্ৰেণ্ড এম্বেচেডৰ হ’বলৈ ঘোষণা কৰিছে?

উত্তৰ:- উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ঋষভ পন্তক ৰাজ্যখনৰ ব্ৰেণ্ড এম্বেচেডৰ হ’বলৈ ঘোষণা কৰিছে।

প্ৰশ্ন ৮। পাকিস্তানৰ স্বাত জিলাৰ বাৰিকোট তহচিলৰ বাজিৰা চহৰত খননৰ সময়ত কিমান বছৰ পুৰণি বৌদ্ধ মন্দিৰ পোৱা গৈছে?

উত্তৰ:- পাকিস্তানৰ স্বাত জিলাৰ বাৰিকোট তহচিলৰ বাজিৰা চহৰত খননৰ সময়ত ২,৩০০ বছৰ পুৰণি বৌদ্ধ মন্দিৰ পোৱা গৈছে।

Assamese GK 2022

প্ৰশ্ন ৯। ৱাশ্বিংটন অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোন জন ৰিপাব্লিকান সাংসদৰ শেহতীয়াকৈ ৫২ বছৰ বয়সত কৰোনাত মৃত্যু হৈছে?

উত্তৰ:- ৱাশ্বিংটন অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰিপাব্লিকান সাংসদ ডগ এৰিক্সনৰ শেহতীয়াকৈ ৫২ বছৰ বয়সত কৰোনাত মৃত্যু হৈছে।

প্ৰশ্ন ১০। অনুৰ্ধ-১৯ বিশ্বকাপ ২০২২ ৰ বাবে ভাৰতৰ জুনিয়ৰ বাছনি সমিতিয়ে কাক দলটোৰ অধিনায়ক হিচাপে নিযুক্তি দিছে?

উত্তৰ:- অনুৰ্ধ-১৯ বিশ্বকাপ ২০২২ ৰ বাবে ভাৰতৰ জুনিয়ৰ বাছনি সমিতিয়ে যশ ধুলক দলটোৰ অধিনায়ক হিচাপে নিযুক্তি দিছে।

লগতে পঢ়ক

অস্বীকাৰ: আমি আপোনালোকৰলৈ প্ৰশ্ন আৰু উত্তৰসমূহ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি প্ৰদান কৰোঁ। কেতিয়াবা যিকোনো প্ৰশ্নোত্তৰৰ ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আপোনালোকক আমাক অৱগত কৰিবলৈ অনুৰোধ জনোৱা হ’ল।