Assamese GK 2022 – অসমীয়া সাধাৰণ জ্ঞান ২০২২

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ “Assamese GK 2022” ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ Assam Police ৰ লিখিত পৰীক্ষা, অসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে। লগতে প্ৰতিদিনে Free অসমীয়া Online Mock Test দিবলৈ এই লিংকত ক্লি’ক কৰক:- JOIN NOW

অসমীয়া কুইজ ২০২২ / সাধাৰণ জ্ঞানৰ কুইজ ২০২২

Assamese GK 2022

Current Affairs in Assamese language 2021-2022

প্ৰশ্ন ১। পেটিএম পেমেণ্ট বেংকক আৰবিআই (RBI) য়ে কি স্থিতি প্ৰদান কৰিছে?

উত্তৰ:- পেটিএম পেমেণ্ট বেংকক আৰবিআই (RBI) য়ে অনুসূচীত বেংক স্থিতি প্ৰদান কৰিছে।

প্ৰশ্ন ২। চীনৰ কোনটো ৰিয়েল ইষ্টেট খণ্ডৰ সৰ্ববৃহৎ কোম্পানীটোক ডিফল্টৰ হিচাপে ঘোষণা কৰা হৈছে?

উত্তৰ:- চীনৰ এভাৰগ্ৰাণ্ড নামৰ ৰিয়েল ইষ্টেট খণ্ডৰ সৰ্ববৃহৎ কোম্পানীটোক ডিফল্টৰ হিচাপে ঘোষণা কৰা হৈছে।

প্ৰশ্ন ৩। অনলাইন বজাৰত একচেটিয়া আধিপত্য বিস্তাৰ কৰাৰ বাবে ইটালীয়ে ই-কমাৰ্চ জায়ান্ট আমাজনৰ ওপৰত কিমান কোটি টকা আৰোপ কৰিছে?

উত্তৰ:- অনলাইন বজাৰত একচেটিয়া আধিপত্য বিস্তাৰ কৰাৰ বাবে ইটালীয়ে ই-কমাৰ্চ জায়ান্ট আমাজনৰ ওপৰত ৯৮২৭ কোটি টকা আৰোপ কৰিছে।

প্ৰশ্ন ৪। এছিয়া পাৱাৰ ইণ্ডেক্স ২০২১ ত ভাৰতৰ স্থান কিমান?

উত্তৰ:- এছিয়া পাৱাৰ ইণ্ডেক্স ২০২১ ত ভাৰতৰ স্থান হৈছে চতুৰ্থ।

প্ৰশ্ন ৫। আইআইটি কানপুৰৰ বিজ্ঞানী ৰোচেছ গোৱেলক কোনটো বঁটা প্ৰদান কৰা হৈছে?

উত্তৰ:- আইআইটি কানপুৰৰ বিজ্ঞানী ৰোচেছ গোৱেলক ইয়ং জিঅ’স্পেচিয়েল চাইণ্টিষ্ট এৱাৰ্ড ২০২১ বঁটা প্ৰদান কৰা হৈছে।

World Assamese GK 2022 / কুইজ ২০২২

প্ৰশ্ন ৬। উত্তৰ প্ৰদেশ চৰকাৰে ৰাজ্যখনত কোনখন নতুন উন্নয়ন আঁচনি ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰিছে?

উত্তৰ:- উত্তৰ প্ৰদেশ চৰকাৰে ৰাজ্যখনত স্ব-নিৰ্ভৰশীল কৃষক একত্ৰিত উন্নয়ন নামৰ আঁচনিখন ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰিছে।

প্ৰশ্ন ৭। শেহতীয়াকৈ শিক্ষা মন্ত্ৰালয়ে কোনটো এপ মুকলি কৰিছে?

উত্তৰ:- শেহতীয়াকৈ শিক্ষা মন্ত্ৰালয় সংগম এপ নামৰ এপটো মুকলি কৰিছে।

প্ৰশ্ন ৮। তামিলনাডুয়ে ৰাজ্যখনৰ ১৬ তম পক্ষী অভয়াৰণ্য হিচাপে কাক ঘোষণা কৰিছে?

উত্তৰ:- তামিলনাডুয়ে ৰাজ্যখনৰ ১৬ তম পক্ষী অভয়াৰণ্য হিচাপে কাজুভেলি আৰ্দ্ৰভূমিক ঘোষণা কৰিছে।

প্ৰশ্ন ৯। উত্তৰ প্ৰদেশ চৰকাৰে ভাৰতীয় হকী দলৰ কোনজন সদস্যক আৰক্ষীত বিশেষ টাস্ক অফিচাৰ হিচাপে নিযুক্তি দিছে?

উত্তৰ:- উত্তৰ প্ৰদেশ চৰকাৰে ভাৰতীয় হকী দলৰ ললিত কুমাৰ উপাধ্যায়ক আৰক্ষীত বিশেষ টাস্ক অফিচাৰ হিচাপে নিযুক্তি দিছে।

প্ৰশ্ন ১০। মণিপুৰৰ কোন ভাৰোত্তোলকে উজবেকিস্তানৰ তাচখন্দত ক্লিন এণ্ড জাৰ্কত সোণৰ পদক জিকিছে?

উত্তৰ:- মণিপুৰৰ ভাৰোত্তোলক বিন্দিয়া ৰাণীয়ে উজবেকিস্তানৰ তাচখন্দত ক্লিন এণ্ড জাৰ্কত সোণৰ পদক জিকিছে।

লগতে পঢ়ক

অস্বীকাৰ: আমি আপোনালোকৰলৈ প্ৰশ্ন আৰু উত্তৰসমূহ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি প্ৰদান কৰোঁ। কেতিয়াবা যিকোনো প্ৰশ্নোত্তৰৰ ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আপোনালোকক আমাক অৱগত কৰিবলৈ অনুৰোধ জনোৱা হ’ল।