Assamese GK Quiz 2021 – World GK in Assamese language

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ এই পোষ্টটিত অসমীয়া সাধাৰণ জ্ঞানৰ ওপৰত ভিত্তি কৰি মুঠ ৯ টা  “Assamese GK Quiz 2021” সকলো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ কেইটা আপোনালোকৰ UPSC, APSC, SSC, APDCL, Assam TET পৰীক্ষাসমূহৰ বাবে সহায়ক হ’ব। এনেধৰণৰ অসমীয়া Mock Test আমাৰ টেলিগ্ৰামৰ গ্ৰুপৰটো সময় মতে হৈ থাকে।

যদিহে আপুনি এতিয়ালৈকে আমাৰ টেলিগ্ৰামৰ গ্ৰুপত জৈন হোৱা নাই তেনেহ’লে তলত দিয়া লিংকৰ সহায়ত জৈন হয় ল’ব পাৰে। আমাৰ টেলিগ্ৰাম – ইয়াত ক্লি’ক কৰক।

Assamese GK Quiz 2021 - World GK in Assamese language

Today Current Affairs in Assamese language – 27 October 2021

প্ৰশ্ন ১। সীমান্ত সুৰক্ষা বাহিনী (BSF) ৰ নতুন সঞ্চালক প্ৰধান হিচাপে কোনে দায়িত্ব গ্ৰহণ কৰিছে?

উত্তৰ:- সীমান্ত সুৰক্ষা বাহিনী (BSF) ৰ নতুন সঞ্চালক প্ৰধান হিচাপে পংকজ কুমাৰ সিঙে দায়িত্ব গ্ৰহণ কৰিছে।

প্ৰশ্ন ২। দক্ষিণ আফ্ৰিকাৰ কোনজন খেলুৱৈয়ে ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ লৈছে?

উত্তৰ:- দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটৰ খেলুৱৈ ডেল ষ্টেইনে ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ লৈছে।

প্ৰশ্ন ৩। টকিঅ’ পেৰালিম্পিকত সোণৰ পদক অৰ্জন কৰা অৱনী লাখেৰাক কোন ৰাজ্যৰ দ্বাৰা বেটি বচাও বেটি পঢ়াও প্ৰকল্পৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি দিয়া হৈছে?

উত্তৰ:- টকিঅ’ পেৰালিম্পিকত সোণৰ পদক অৰ্জন কৰা অৱনী লাখেৰাক ৰাজস্থান ৰাজ্য চৰকাৰৰ দ্বাৰা বেটি বচাও বেটি পঢ়াও প্ৰকল্পৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি দিয়া হৈছে।

প্ৰশ্ন ৪। প্ৰ’কাবাডী লীগৰ খেলুৱৈৰ তালিকাত এতিয়ালৈকে আটাইতকৈ কোনজন খেলুৱৈ দামী হৈ পৰিছে?

উত্তৰ:- প্ৰ’কাবাডী লীগৰ খেলুৱৈৰ তালিকাত এতিয়ালৈকে আটাইতকৈ দামী খেলুৱৈ প্ৰদীপ নৰৱাল (১.৬৫ কোটি টকা) হৈ পৰিছে।

প্ৰশ্ন ৫। ইণ্ডিয়ান বেংকৰ নতুন চিইঅ’ আৰু এমডি কোন হৈছে?

উত্তৰ:- ইণ্ডিয়ান বেংকৰ নতুন চিইঅ’ আৰু এমডি হৈছে শান্তিলাল জৈন।

Assamese GK 2022 – অসমীয়া সাধাৰণ জ্ঞান ২০২১-২০২২

প্ৰশ্ন ৬। ৰাজ্যসভা সচিবালয়ৰ নতুন সাধাৰণ সম্পাদক হিচাপে কাক নিযুক্তি দিয়া হৈছে?

উত্তৰ:- ৰাজ্যসভা সচিবালয়ৰ নতুন সাধাৰণ সম্পাদক হিচাপে ড° পি.পি.কে. ৰামচাৰুলুক নিযুক্তি দিয়া হৈছে।

প্ৰশ্ন ৭। ভাৰতৰ কোনখন ৰাজ্যই জনসাধাৰণক বিনামূলীয়া পানী যোগান ধৰা দেশৰ প্ৰথমখন ৰাজ্য হৈ পৰিছে?

উত্তৰ:- ভাৰতৰ গোৱা ৰাজ্যই জনসাধাৰণক বিনামূলীয়া পানী যোগান ধৰা দেশৰ প্ৰথমখন ৰাজ্য হৈ পৰিছে।

প্ৰশ্ন ৮। ইংলেণ্ডৰ কোন জন দ্ৰুত বলাৰে নিজৰ দেশ এৰি মেজৰ ক্ৰিকেট লীগ খেলিবলৈ আমেৰিকালৈ যোৱাৰ সিদ্ধান্ত লৈছে?

উত্তৰ:- ইংলেণ্ডৰ দ্ৰুত বলাৰ লাম প্লাঙ্কেটে নিজৰ দেশ এৰি মেজৰ ক্ৰিকেট লীগ খেলিবলৈ আমেৰিকালৈ যোৱাৰ সিদ্ধান্ত লৈছে।

প্ৰশ্ন ৯। মহাকাশত থকা আৱৰ্জনা পৰিষ্কাৰ কৰিবলৈ চীনে উৎক্ষেপণ কৰা উপগ্ৰহটোৰ নাম কি ?

উত্তৰ:- মহাকাশত থকা আৱৰ্জনা পৰিষ্কাৰ কৰিবলৈ চীনে উৎক্ষেপণ কৰা উপগ্ৰহটোৰ নাম হৈছে শিজিয়ান-২১

• World GK Quiz 2021 in Assamese language – 25 October 2021 Current Affairs

• Science GK Questions in Assamese language

অস্বীকাৰ: আমি আপোনালোকৰলৈ প্ৰশ্ন আৰু উত্তৰসমূহ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি প্ৰদান কৰোঁ। কেতিয়াবা যিকোনো প্ৰশ্নোত্তৰৰ ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আপোনালোকক আমাক অৱগত কৰিবলৈ অনুৰোধ জনোৱা হ’ল।