অসমীয়া ৰচনা বানপানী – বানপানী ৰচনা

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “অসমৰ বানপানী ৰচনা – Banpani Essay in Assamese” ৰ এই তথ্যৰাজিত আপোনালোকে বানপানী কি আৰু কিয় হয়, বানপানীৰ ফলত হোৱা অপকাৰ-উপকাৰ, বানপানীৰ প্ৰতিকাৰ আদিৰ বিষয়ে পঢ়িবলৈ পাব। আশা কৰোঁ আমাৰ এই প্ৰাকৃতিক দুৰ্যোগ বানপানীৰ ৰচনা তথ্যৰাজি পঢ়ি আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

ফেচবুক ইয়াত ক্লিক কৰক
টেলিগ্ৰাম ইয়াত ক্লিক কৰক
ইনষ্টাগ্ৰাম ইয়াত ক্লিক কৰক

অসমৰ বানপানী ৰচনা – Banpani Essay in Assamese

Assamese language Class 8, 9, 10, 11, 12

অসমৰ বানপানীৰ সমস্যা ৰচনা – Flood in Assam Essay in Assamese language

বানপানী কি আৰু কিয় হয়?

বানপানী এক ভয়াবহ প্ৰাকৃতিক দুৰ্যোগ। ভাৰত মৌচুমী প্ৰধান দেশ। বৰ্ষাকালত দক্ষিণ পশ্চিম মৌচুমী বতাহে আৰৱ আৰু বংগোপসাগৰৰ পৰা যি জলীয় ভাপ বহন কৰি লৈ আহে, তাৰ প্ৰভাৱত সমগ্ৰ ভাৰতবৰ্ষত ধাৰাসাৰে বৰষুণ দিয়ে। অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, হিমালয়ৰ পৰ্বত মালাত যি বৰষুণ হয়, সেই পানীয়ে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ দুয়োপাৰে থকা উপনৈ সমূহ ফেনে ফুটুকাৰে বাঢ়িবলৈ ধৰে। নদীবিলাকে পানী বহন কৰিব পৰা ক্ষমতা হেৰুৱাই পেলায়। দুয়ো পাৰ ভাগি পানীয়ে বিস্তৃত অঞ্চল বুৰাই বানপানী সৃষ্টি কৰে। ব্ৰহ্মপুত্ৰ, বৰাক নদী আৰু এই দুয়োখনৰ উপনৈ সমূহে প্ৰতিবছৰে চাৰি পাঁচটা বানৰ সৃষ্টি কৰি অসমৰ বিস্তৰ ক্ষতি সাধন কৰে।

বানপানীৰ ফলত হোৱা অপকাৰ

বানপানীয়ে নগৰ-চহৰ, গাওঁ-ভূঁই, ৰাস্তা-পদূলি, ঘৰ-দুৱাৰ, শস্য-পথাৰ সকলো বুৰাই পেলোৱাৰ ফলত অসমৰ সকলো জিলাতে কম বেছি পৰিমাণে ক্ষতি সাধন হয়। ঘৰ-দুৱাৰ বুলিলে ঘৰৰ সকলো সা-সম্পত্তি নষ্ট হোৱাৰ উপৰিও মানুহবোৰে সকলো এৰি থৈ আশ্ৰয় শিবিৰত এক অসুস্হ পৰিৱেশৰ মাজত থাকিব লগা হয়। বাৰীৰ শাক-পাচলি, কল, পাণ, অমিতা সকলো মৰি যায়। ভঁৰালৰ ধান তিতি নষ্ট হয়। গৰু-ছাগলী, হাঁহ-কুকুৰা পানীত উটি যায়। থকা কেইটাও খাদ্যৰ অভাৱত শুকাই ক্ষীণাই হাড়ে-ছালে লাগে। পথাৰৰ ধান গছবোৰ বানে মাৰে। ৰাস্তাবোৰ বানে বুৰাই পেলোৱাৰ ফলত যাতায়াতৰ অসুবিধা হয়। ঠায়ে ঠায়ে দলং ৰাস্তা-পদূলি ভাঙি যোগাযোগ বিচ্ছিন্ন কৰে। গাড়ী-মটৰ, ৰেল-গাড়ী আদিৰ চলাচল বন্ধ হৈ পৰাৰ কাৰণে খাদ্য বস্ত্তৰ নাটনি ঘটে।

বানপানী হোৱা অঞ্চলৰ মানুহে দূষিত পানীৰ খোৱাৰ ফলত গ্ৰহণী, শন্নিপাত জ্বৰ, ক’লা জ্বৰ, কলেৰা আদিয়ে মহামাৰী ৰূপ ধৰে। বানপানী শুকাই যোৱাৰ পাছত মৰা জীৱ-জন্ত্ত, পোক-পতংগৰ দুৰ্গন্ধই পৰিৱেশ দূষিত কৰি তোলে। ঘৰ-বাৰীত পলস পৰি দীৰ্ঘ দিন ব্যৱহাৰৰ অনুপযোগী হয়। বানাক্ৰান্ত হাজাৰ হাজাৰ লোকক প্ৰতিবছৰে দুই তিনি মান আস্ৰয় শিবিৰত ৰাখি খাদ্যৰ যোগান ধৰোঁতে চৰকাৰৰ লাখ লাখ টকা খৰচ হয়। বানে সকলো দিশতেই অৰ্থনৈতিক উন্নতিত বাধাৰ সৃষ্টি কৰে। গৰু, ম’হ, ছাগলী আদিৰ চবকা নামৰ বেমাৰ হৈ মৃত্যু ঘটে। অসমৰ মাজুলী, লখিমপুম, ধেমাজী আদি অঞ্চলৰ ৰাইজক প্ৰতিবছৰে বানপানীয়ে অপূৰণীয় ক্ষতি কৰি আহিছে। বানৰ তাণ্ডৱ লীলাত আক্ৰান্ত হৈ পেটে-ভাতে খাই থকাও টান হৈ পৰিছে। বানপানী শুকাই যোৱাৰ পাছত নদীবিলাকত যি গঢ়া খহনীয়া হয় তাৰ ফলত বহুতো মাটি নদীৰ গৰ্ভত লীন যায়।

লগতে পঢ়ক –

অসমৰ চাহ খেতি বিষয়ে ৰচনা Class 5, 6, 8, 9, 10, 11, 12

বানপানীৰ ফলত হোৱা উপকাৰ

বানপানীয়ে বিস্তৰ ক্ষতি সাধন কৰাৰ মাজতো দুই-চাৰিটা উপকাৰ সাধন কৰে। নগৰ-চহৰ, গাঁও-ভূঁইবোৰত গোট খাই থাকি প্ৰদূষণ সৃষ্টি কৰা গেলা-পচা আৱৰ্জনা, দূষিত পানী বানৰ পানীয়ে ধুই ঠাইবোৰ নিকা কৰে। খেতি পথাৰত পলস পৰি মাটি সাৰুৱা কৰে। বান-পানীৰ লগতে নদীবিলাকৰ পৰা অহা মাছবোৰ খাল, বিল, পুখুৰী আদিত ৰৈ যোৱাৰ ফলত মাছৰ সংখ্যা বৃদ্ধি পায়। বানৰ সময়ত নদী বিলাকেদি পৰ্বত-পাহাৰৰ পৰা অপৰ্য্যাপ্ত পৰিমাণে বাঁহ-কাঠ উটি আহে। এইবোৰে ভৈয়াম অঞ্চলত খৰিৰ নাটনি কিছু পৰিমাণে হ’লেও দূৰ কৰে।

বানপানীৰ ফলত হোৱা প্ৰতিকাৰ

বানপানী নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে অসম আৰ্থিক আৰু সামাজিক উন্নতিত সদায়ে পিছপৰি থাকিব। অসমত বানপানী নিয়ন্ত্ৰণ কৰিবলৈ হ’লে বহুমুখী পৰিকল্পনা আঁচনিৰ জৰিয়তে ব্ৰহ্মপুত্ৰ নদীত স্হায়ী আৰু মজবুত বান্ধ দিব লাগিব। ব্ৰহ্মপুত্ৰ নিয়ন্ত্ৰণ কৰিব পাৰিলে উপনদীবোৰৰ পানীয়ে অসমবাসীক সিমাব ক্ষতি সাধন কৰিব নোৱাৰে। বহুমুখী পৰিকল্পনাৰ আঁচনি সফল হ’লে এফালে বান নিয়ন্ত্ৰণ হ’ব আৰু আনফালে বিজুলী শক্তি উৎপাদন কৰি দেশত শক্তিৰ নাটনি দূৰ হোৱাৰ লগতে শিল্প উদ্যোগৰো প্ৰসাৰ সাধন কৰিব পৰা যায়। মীন আঁচনিৰ জৰিয়তে মাছৰ নাটনি দূৰ কৰি অসমৰ টকা অসমতে ৰোৱাৰ ব্যৱস্হা কৰিব পৰা হ’ব। খৰাং বতৰত আৱশ্যক মতে পানী যোগান ধৰি ৰবি শস্যৰ উৎপাদন বৃদ্ধি কৰিব পৰা হ’ব।

প্ৰতিখন নদীৰ দুয়োপাৰে থকা মথাউৰিবোৰ খৰালি কালতেই মজবুত কৰি বন্ধাৰ কাম সম্পূৰ্ণ কৰা প্ৰয়োজন। তাকে নকৰি বাৰিষা অহাৰ সময়ত যেনে তেনে কাম শেষ কৰিবলৈ চালে মথাউৰিৰ কোমল মাটি বানৰ পানীয়ে উটুৱাই লৈ যোৱাৰ সম্ভাৱনাই বেছি। তদুপৰি মথাউৰিবোৰৰ কাষে-পাজৰে যিবোৰ গঢ়া খহনীয়া হয় সেইবোৰত শিল জপাৰ (Boulder Spacing) ৰ কাম নৱেম্বৰ মাহৰ পৰা মাৰ্চ মাহৰ ভিতৰত শেষ কৰা প্ৰয়োজন। উল্লেখিত কামবোৰ সহৃদয়তাৰে কাৰ্যকাৰী কৰিব পাৰিলে অসমৰ বানপানীৰ সমস্যা দূৰ কৰিব পৰা হ’ব।

সামৰণি

বানপানীৰ সমস্যা এটা দীৰ্ঘদিনীয়া সমস্যা। এই সমস্যাৰ স্হায়ী সমাধান কৰিবলৈ ৰাইজ আৰু চৰকাৰ উভয়েই সততাৰে চিন্তা কৰিব লাগিব। ক্ষুদ্ৰ স্বাৰ্থ ত্যাগ কৰি অসমৰ বৃহৎ স্বাৰ্থৰ কথা চিন্তা কৰিলে বানপানীৰ সমস্যা নিশ্চয় দূৰ হ’ব। চীন দেশত হোৱাংহো নদীত বান্ধ দি বান নিয়ন্ত্ৰণ কৰিব পাৰিছে যেতিয়া ব্ৰহ্মপুত্ৰ নদীতো এই কাৰ্য নিশ্চয় ফলপ্ৰসু হ’ব। ইয়াৰ ফলত অসমৰ অৰ্থনৈতিক উন্নতিও সাধন কৰিব পৰা হ’ব। তদুপৰি কৃষক সকলে অধিক উৎপাদন কৰি নিজে উপকৃত হোৱাৰ লগতে অসমৰো অৰ্থনৈতিক উন্নতিত সহায় কৰিব পাৰিব।

লগতে পঢ়ক –

বিজ্ঞানৰ অৱদান ৰচনা – Assamese Essay Class 8, 9, 10, 11, 12 PDF Download

Football Game Essay in Assamese language – ফুটবল খেলৰ ৰচনা Class 5, 6, 7, 8, 9, 10, 11, 12

Kaziranga National Park in Assamese / কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৰচনা