Concepts and Needs of Political Parties

ৰাজনৈতিক দল বুলিলে কি বুজা? ৰাজনৈতিক দলৰ ধাৰণা আৰু প্ৰয়োজনীতা সৰ্ম্পকে লিখা।

নমস্কাৰ মৰমৰ পঢ়ুৱৈ সকল, আজি আমাৰ এই তথ্যৰাজিত আপোনালোকে ৰাজনৈতিক দলৰ ধাৰণা আৰু প্ৰয়োজনীতাৰ সৰ্ম্পকে পঢ়িবলৈ পাব। আশা কৰোঁ আমাৰ এই তথ্যৰাজিৰ পৰা আপোনালোকে কিবা এটা নজনা কথা জানি অলপ হ’লেওঁ উপকৃত হ’ব। আমাৰ সামাজিক মাধ্যমসমূহ –

ফেচবুক ইয়াত ক্লিক কৰক
টেলিগ্ৰাম ইয়াত ক্লিক কৰক
ইনষ্টাগ্ৰাম ইয়াত ক্লিক কৰক

 

Concepts and Needs of Political Parties Class 9

ৰাজনৈতিক দলৰ ধাৰণা আৰু প্ৰয়োজনীতা

ৰাজনৈতিক দলৰ ধাৰণা আৰু প্ৰয়োজনীতা/ Concepts and Needs of Political Parties Class 9

প্ৰকৃতাৰ্থত ৰাজনৈতিক দলৰ ধাৰণাই গুৰুত্ব লাভ কৰে গণতান্ত্ৰিক ধ্যান-ধাৰণাৰ জন্মৰ লগে লগে। ৰাষ্ট্ৰ পৰিচালনাৰ পুৰণি ৰীতি ৰাজতন্ত্ৰৰ দিনত ৰজা আছিল একচত্ৰী শাসক আৰু তেওঁৰ মুখৰ কথাই আছিল আইন। কিন্ত্ত পৰৱৰ্তী কালত সমগ্ৰ বিশ্বতে ৰাজতন্ত্ৰ ক্ৰমাৎ বিলোপ হ’ল আৰু তাৰ পৰিৱৰ্তে গণতন্ত্ৰৰ ধাৰণাই বিশেষ গুৰুত্ব লাভ কৰিলে। গণতন্ত্ৰৰ জন্মৰ লগে লগেই ৰাজনৈতিক দলেও আত্মপ্ৰকাশ কৰিলে আৰু ই গণতান্ত্ৰিক শাসন ব্যৱস্হাৰ অংগ হৈ পৰিল।

বৰ্তমান সময়ত গণতন্ত্ৰ আৰু ৰাজনৈতিক দল দুয়োটাই এটা আনটোৰ পৰিপূৰক। ৰাজনৈতিক দল অবিহনে যেনেকৈ গণতন্ত্ৰ অচল, ঠিক একেদৰে গণতন্ত্ৰৰ অবিহনে ৰাজনৈতিক দল অৰ্থহীন। ৰাজনৈতিক দল হৈছে শাসক আৰু জনসাধাৰণৰ মাজৰ এক যোগসূত্ৰ। ই সৰ্বসাধাৰণক প্ৰশাসনৰ ওচৰ চপাই নিয়ে।

concepts and needs of Political Parties

পৃথিৱীৰ প্ৰত্যেকখন গণতান্ত্ৰিত ৰাষ্ট্ৰতে ৰাজনৈতিক দল অথবা দলীয় প্ৰথাৰ ব্যৱস্হা আছে। এই দলীয় প্ৰথা হয়তো ক’ৰবাত একদলীয়, ক’ৰবাত দ্বিদলীয় আৰু ক’ৰবাত বহুদলীয়। বৰ্তমান সময়ত চীনকে ধৰি কেইবাখনো সাম্যবাদী ৰাষ্ট্ৰত এক দলীয় ব্যৱস্হা অথবা এটা ৰাজনৈতিক দল (সাম্যবাদী দল) থকাৰ বিপৰীতে ইংলেণ্ড, আমেৰিকা আদি দেশত দ্বিদলীয় আৰু ভাৰতবৰ্ষ, বাংলাদেশ, পাকিস্তান আদি দেশত বহুদলীয় ব্যৱস্হা আছে।

একদলীয় শাসন ব্যৱস্হা থকা ৰাষ্ট্ৰক বহুতে প্ৰকৃত গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলি ক’ব নোখোজে যদিও তেনে ৰাষ্ট্ৰই কিন্ত্ত গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলিয়েই দাবী কৰে। দ্বিদলীয় ব্যৱস্হাত দেশৰ জনসাধাৰণৰ সন্মুখত দুটা প্ৰধান ৰাজনৈতিক দল থাকে আৰু তেওঁলোকে দলীয় নীতি-আদৰ্শ পচন্দ কৰি যি কোনো এটা দলক সমৰ্থন কৰে বা সদস্য হয়।

ইয়াৰ বিপৰীতে ভাৰতবৰ্ষৰ দৰে দেশত থকা বহুদলীয় ব্যৱস্হাটো প্ৰকৃত গণতান্ত্ৰিক ব্যৱস্হা বুলিব পাৰি। এটা কথা লক্ষ্য কৰা গৈছে যে বহুদলীয় ব্যৱস্হা থকা গণতন্ত্ৰতকৈ দ্বিদলীয় ব্যৱস্হা থকা গণতন্ত্ৰ অধিক সুস্হিৰ আৰু সবল। বহুদলীয় ব্যৱস্হা থকা গণতন্ত্ৰত সঘনাই সৃষ্টি হ’ব পৰা ৰাজনৈতিক সংকট দ্বিদলীয় ব্যৱস্হাত দেখা নাযায়। ইতিমধ্যে উল্লেখ কৰা হৈছে যে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে ৰাজনৈতিক দল অপৰিহাৰ্য্য। ৰাজনৈতিক দল অবিহনে বৰ্তমান গণতন্ত্ৰৰ ধাৰণা অমূলক।

গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত একোটা ৰাজনৈতিক দলৰ বাবে অত্যন্ত প্ৰয়োজনীয় বৈশিষ্ট্য কেইটা হৈছে –

ক) সংগঠন

) নীতি-আদৰ্শ আৰু আঁচনি

গ) ক্ষমতা দখলৰ বাবে আকাংক্ষা

ঘ) জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান

এইকেইটা বৈশিষ্ট্যৰে সৃষ্টি হোৱা ৰাজনৈতিক দলৰ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত প্ৰধান কাম হ’ল এনেধৰণৰ –

ক) জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা।

খ) জনগণৰ মনত ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা।

গ) জনমত গঠন কৰা।

ঘ) জনমতক সু-সংগঠিত ৰূপ দিয়া।

ইয়াৰ উপৰি গণতন্ত্ৰত জনগণে চৰকাৰ গঠন প্ৰক্ৰিয়াত অংশ লোৱাৰ পৰিৱেশ সৃষ্টি কৰাটোও ৰাজনৈতিক দলৰ আন এক দায়িত্ব। নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰা ৰাজনৈতিক দলটোৰ উপৰি বিৰোধীৰ আসনত থকা ৰাজনৈতিক দলেও চৰকাৰৰ কাম-কাজৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখে।

প্ৰয়োজন সাপেক্ষে গঠনমূলক সমালোচনাৰে চৰকাৰক উচিত পথত অগ্ৰসৰ হ’বলৈও আহ্বান জনায়। গতিকে এটা কথা স্পষ্ট যে এখন সুস্হ-সবল গণতান্ত্ৰিক ৰাষ্ট্ৰ গঢ় দিয়াত ৰাজনৈতিক দল হ’ব লাগিব অতন্দ্ৰ প্ৰহৰী।

লগতে পঢ়ক –

Assam Police Rank List – Police Rank List in Assam

বিজ্ঞানৰ অৱদান ৰচনা – Assamese Essay Class 8, 9, 10, 11, 12 PDF Download

অসমৰ বানপানী ৰচনা – Banpani Essay in Assamese language Class 8, 9, 10, 11, 12