Current Affairs 2021 in Assamese language

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ “Current Affairs 2021” ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ Assam Police ৰ লিখিত পৰীক্ষা, অসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে। লগতে প্ৰতিদিনে Assamese Free Online Mock Test দিবলৈ এই লিংকত ক্লি’ক কৰক:- JOIN NOW

Current Affairs 2021 in Assamese language

Today Current Affairs 2021 Assamese language

প্ৰশ্ন ১। গুগল প্লেষ্টোৰে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ এপ আৰু শ্ৰেষ্ঠ গেম এপ হিচাপে কাক বাছনি কৰিছে?

উত্তৰ:- গুগল প্লেষ্টোৰে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ এপ বিটক্লাছ (Bitclass) ক আৰু শ্ৰেষ্ঠ গেম এপ হিচাপে বেটেলগ্ৰাউণ্ড ম’বাইল ইণ্ডিয়া (Battleground Mobile India) ক বাছনি কৰিছে।

প্ৰশ্ন ২। হাৰিয়ানাৰ ৩৫ তম মুখ্য সচিব হিচাপে কাক নিযুক্তি দিয়া হৈছে?

উত্তৰ:- হাৰিয়ানাৰ ৩৫ তম মুখ্য সচিব হিচাপে আইএএছ সঞ্জীৱ কৌশলক নিযুক্তি দিয়া হৈছে।

প্ৰশ্ন ৩। পশ্চিমীয়া নৌবাহিনীৰ কমাণ্ডিং-ইন-চীফ হিচাপে কাক নিযুক্তি দিয়া হৈছে?

উত্তৰ:- পশ্চিমীয়া নৌবাহিনীৰ কমাণ্ডিং-ইন-চীফ হিচাপে ভাইচ এডমিৰেল আজেন্দ্ৰ বাহাদুৰ সিংক নিযুক্তি দিয়া হৈছে।

প্ৰশ্ন ৪। কোন জন বিখ্যাত ফুটবলাৰে অভিলেখ গঢ়ি সপ্তমবাৰৰ বাবে শ্ৰেষ্ঠ ফুটবলাৰৰ বাবে “ভালান ডি’অৰ” (Wellon D’Or) বঁটা লাভ কৰিছে?

উত্তৰ:- আৰ্জেণ্টিনা বিখ্যাত ফুটবলাৰ লিয়োনেল মেছিয়ে অভিলেখ গঢ়ি সপ্তমবাৰৰ বাবে শ্ৰেষ্ঠ ফুটবলাৰৰ বাবে “ৱেলন ডি’অৰ” (Wellon D’Or) বঁটা লাভ কৰিছে।

প্ৰশ্ন ৫। কোন গৰাকী মহিলা ফুটবলাৰে শ্ৰেষ্ঠ মহিলা ফুটবলাৰৰ বাবে “ৱেলন ডি’অৰ” (Wellon D’Or) বঁটা লাভ কৰিছে?

উত্তৰ:- ফুটবলাৰ এলেক্সিয়া পুটেলাছে শ্ৰেষ্ঠ মহিলা ফুটবলাৰৰ বাবে “ৱেলন ডি’অৰ” (Wellon D’Or) বঁটা লাভ কৰিছে।

Assamese GK 2021-2022 / APSC Current Affairs in Assamese language

প্ৰশ্ন ৬। আজি অৰ্থাৎ ০১ ডিচেম্বৰ তাৰিখে বিশ্বজুৰি কি দিৱস হিচাপে পালন কৰা হয়?

উত্তৰ:- আজি অৰ্থাৎ ০১ ডিচেম্বৰ তাৰিখে বিশ্বজুৰি বিশ্ব এইডছ দিৱস হিচাপে পালন কৰা হয়।

প্ৰশ্ন ৭। নাগালেণ্ড আৰক্ষীয়ে লোকসকলক তৎক্ষণাৎ সহায় কৰিবলৈ কোনটো এপ মুকলি কৰিছে?

উত্তৰ:- নাগালেণ্ড আৰক্ষীয়ে লোকসকলক তৎক্ষণাৎ সহায় কৰিবলৈ Call Your Cop নামৰ এপ মুকলি কৰিছে।

প্ৰশ্ন ৮। অৰুণাচল প্ৰদেশ চৰকাৰে কোনজন চলচ্চিত্ৰ অভিনেতাক ৰাজ্যখনৰ নতুন ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি দিছে?

উত্তৰ:- অৰুণাচল প্ৰদেশ চৰকাৰে চলচ্চিত্ৰ অভিনেতা সঞ্জয় দত্তক ৰাজ্যখনৰ নতুন ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি দিছে।

প্ৰশ্ন ৯। কোন খন ৰাজ্যই ওমাইক্ৰন কৰোনা ভাইৰাছৰ বাবে ৰাজ্যখনত বিদেশী নাগৰিকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে?

উত্তৰ:- ছিকিম ৰাজ্যখনে ওমাইক্ৰন কৰোনা ভাইৰাছৰ বাবে ৰাজ্যখনত বিদেশী নাগৰিকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে।

প্ৰশ্ন ১০। কোনজন আফগানিস্তান ক্ৰিকেট দলৰ প্ৰশিক্ষকে ৩১ ডিচেম্বৰত তেওঁৰ চুক্তিৰ ম্যাদ উকলি যোৱাৰ পিছত প্ৰশিক্ষণৰ পদ ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে?

উত্তৰ:- দক্ষিণ আফ্ৰিকাৰ অৰ্থাৎ আফগানিস্তান ক্ৰিকেট দলৰ প্ৰশিক্ষক লেন্স ক্লুজনাৰে ৩১ ডিচেম্বৰত তেওঁৰ চুক্তিৰ ম্যাদ উকলি যোৱাৰ পিছত প্ৰশিক্ষণৰ পদ ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে।

লগতে পঢ়ক

অস্বীকাৰ: আমি আপোনালোকৰলৈ প্ৰশ্ন আৰু উত্তৰসমূহ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি প্ৰদান কৰোঁ। কেতিয়াবা যিকোনো প্ৰশ্নোত্তৰৰ ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আপোনালোকক আমাক অৱগত কৰিবলৈ অনুৰোধ জনোৱা হ’ল।