Current Affairs GK 2022 in Assamese language

আজিৰ আমাৰ “Current Affairs GK 2022 in Assamese language” ৰ এই তথ্যৰাজিত UPSC, APSC, SSC, Assam Police, TET আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে নতুন অসমীয়া সাধাৰণ জ্ঞানৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে।

ফেচবুক ইয়াত ক্লিক কৰক
টেলিগ্ৰাম ইয়াত ক্লিক কৰক
ইনষ্টাগ্ৰাম ইয়াত ক্লিক কৰক

অসমীয়া সাধাৰণ জ্ঞান ২০২২ – Assamese General Knowledge

প্ৰশ্ন ১। কোনটো কোম্পানীয়ে পৰৱৰ্তী দুবছৰৰ বাবে আই পি এল শীৰ্ষক পৃষ্ঠপোষকতাৰ বাবে চুক্তি স্বাক্ষৰ কৰিছে?

উত্তৰ:- টাটা গ্ৰুপ কোম্পানীটোয়ে পৰৱৰ্তী দুবছৰৰ বাবে আই পি এল শীৰ্ষক পৃষ্ঠপোষকতাৰ বাবে চুক্তি স্বাক্ষৰ কৰিছে।

প্ৰশ্ন ২। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা স্বামী বিবেকানন্দৰ জন্ম জয়ন্তীত কোনটো উৎসৱ উদ্বোধন কৰিছিল?

উত্তৰ:- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা স্বামী বিবেকানন্দৰ জন্ম জয়ন্তীত ২৫ তম ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ উদ্বোধন কৰিছিল।

প্ৰশ্ন ৩। জুৰাচিক যুগৰ ইষ্টাৰ্ণ মিডলেণ্ডচ অফ ইংলেণ্ডত পোৱা ১৮ নিযুত বছৰ পুৰণি সামুদ্ৰিক জীৱাশ্ম ড্ৰেগনটোৰ নাম কি?

উত্তৰ:- জুৰাচিক যুগৰ ইষ্টাৰ্ণ মিডলেণ্ডচ অফ ইংলেণ্ডত পোৱা ১৮ নিযুত বছৰ পুৰণি সামুদ্ৰিক জীৱাশ্ম ড্ৰেগনটোৰ নাম হ’ল ইচথিওচাৰ

প্ৰশ্ন ৪। দেশৰ প্ৰথম ষ্টিল্থ গাইডেড ডেষ্ট্ৰোয়াৰ অৰ্থাৎ আইএনএছ বিশাখাপত্তনম (INS Visakhapatnam) ৰ পৰা কোনটো মিছাইল সফলতাৰে পৰীক্ষা কৰা হৈছে?

উত্তৰ:- দেশৰ প্ৰথম ষ্টিল্থ গাইডেড ডেষ্ট্ৰোয়াৰ অৰ্থাৎ আইএনএছ বিশাখাপত্তনম (INS Visakhapatnam) ৰ পৰা ব্ৰহ্ম’ছ চুপাৰচনিক ক্ৰুজ নামৰ মিছাইলটো সফলতাৰে পৰীক্ষা কৰা হৈছে।

প্ৰশ্ন ৫। শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ কোনজন খেলুৱৈয়ে খেলৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে?

উত্তৰ:- শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ ক্ৰিছ মৰিছে খেলৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে।

প্ৰশ্ন ৬। কোন ভাষাত ইউনেস্কো ভাৰতীয় ঐতিহ্যৰ বিৱৰণ মুদ্ৰণ কৰিবলৈ সন্মত হৈছে?

উত্তৰ:- হিন্দী ভাষাত ইউনেস্কো ভাৰতীয় ঐতিহ্যৰ বিৱৰণ মুদ্ৰণ কৰিবলৈ সন্মত হৈছে।

প্ৰশ্ন ৭। ১২ জানুৱাৰীত কি দিৱস হিচাপে পালন কৰা কৰা হয়?

উত্তৰ:- ১২ জানুৱাৰীত ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা কৰা হয়।

প্ৰশ্ন ৮। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে ভাৰতত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতলৈ কাক মনোনীত কৰিছে?

উত্তৰ:- আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে ভাৰতত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতলৈ এৰিক গাৰ্চেটিক মনোনীত কৰিছে।

প্ৰশ্ন ৯। বৰ্তমান নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী কোন? উত্তৰ:- বৰ্তমান নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী হ’ল মাৰ্ক ৰেট। তেওঁ দেশখনৰ চতুৰ্থ প্ৰধানমন্ত্ৰী।

প্ৰশ্ন ১০। শেহতীয়াকৈ ৬৫ বছৰ বয়সত মৃত্যু হোৱা‍ ইউৰোপীয় সংসদৰ ৰাষ্ট্ৰপতিজনৰ নাম কি আছিল?

উত্তৰ:- শেহতীয়াকৈ ৬৫ বছৰ বয়সত মৃত্যু হোৱা‍ ইউৰোপীয় সংসদৰ ৰাষ্ট্ৰপতিজনৰ নাম ডেভিদ চাচোলি আছিল।

লগতে পঢ়িব লগীয়া – Current Affairs in Assamese (12 January 2022)