Current Affairs in Assamese (27 November 2021)
নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ এই Current Affairs in Assamese, অসমীয়া সাধাৰণ জ্ঞান ২০২১ ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে। লগতে আপোনাৰ সাধাৰণ জ্ঞানৰ ফলাফল যদি বৃদ্ধি কৰিবলৈ বিচাৰিছে, তেনেহ’লে এদিনত কমেও এবাৰ হ’লেও আপোনাক আমাৰ ৱেবছাইটলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তলত আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংকো শ্বেয়াৰ কৰা হৈছে। তাতো নিতৌ কুইজ প্ৰচাৰ কৰি থকা হয়, আগ্ৰহী হ’ল যোগদান কৰিব পাৰে।
আমাৰ টেলিগ্ৰাম:- ইয়াত ক্লি’ক কৰক

Today Current Affairs in Assamese 2021
প্ৰশ্ন ১। নিয়ম পালন উপেক্ষা কৰাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে কোনটো বেংকক ১ কোটি টকাৰ জৰিমনা বিহিছে?
উত্তৰ:- নিয়ম পালন উপেক্ষা কৰাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে ভাৰতীয় ষ্টেট বেংক (SBI) ক ১ কোটি টকাৰ জৰিমনা বিহিছে।
প্ৰশ্ন ২। শেহতীয়াকৈ টেষ্ট ক্ৰিকেটৰ প্ৰথমখন খেলত শতক অৰ্জন কৰা দেশৰ ১৬ তম খেলুৱৈ কোন হৈ পৰিছে?
উত্তৰ:- শেহতীয়াকৈ টেষ্ট ক্ৰিকেটৰ প্ৰথমখন খেলত শতক অৰ্জন কৰা দেশৰ ১৬ তম খেলুৱৈ শ্ৰেয়াছ আয়াৰ হৈ পৰিছে।
প্ৰশ্ন ৩। নীতি আয়োগৰ প্ৰথম বহুমুখী দৰিদ্ৰতা সূচক প্ৰতিবেদন অনুসৰি, কোন কেইখন ৰাজ্য আটাইতকৈ দৰিদ্ৰ ৰাজ্যৰ শ্ৰেণীৰ অন্তৰ্গত?
উত্তৰ:- নীতি আয়োগৰ প্ৰথম বহুমুখী দৰিদ্ৰতা সূচক প্ৰতিবেদন অনুসৰি বিহাৰ (প্ৰথম), ঝাৰখণ্ড (দ্বিতীয়) আৰু উত্তৰ প্ৰদেশ (তৃতীয়) আটাইতকৈ দৰিদ্ৰ ৰাজ্যৰ শ্ৰেণীৰ অন্তৰ্গত।
প্ৰশ্ন ৪। মধ্য প্ৰদেশ চৰকাৰে ভূপালৰ ঐতিহাসিক মিণ্টো হলৰ নাম সলনি কৰি কি নাম ৰখা ঘোষণা কৰিছে?
উত্তৰ:- মধ্য প্ৰদেশ চৰকাৰে ভূপালৰ ঐতিহাসিক মিণ্টো হলৰ নাম সলনি কৰি কুশভাই ঠাকৰে হল নামৰে ৰখা ঘোষণা কৰিছে।
প্ৰশ্ন ৫। দেশৰ কোনখন ৰাজ্য চৰকাৰৰ বিধান সভাই অনলাইনত চলচ্চিত্ৰৰ টিকট বিক্ৰী কৰিবলৈ এখন বিধেয়ক গৃহীত কৰিছে?
উত্তৰ:- দেশৰ অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ বিধান সভাই অনলাইনত চলচ্চিত্ৰৰ টিকট বিক্ৰী কৰিবলৈ এখন বিধেয়ক গৃহীত কৰিছে।
প্ৰশ্ন ৬। শেহতীয়াকৈ ৰাষ্ট্ৰ সংঘৰ প্ৰাক্তন মহা সচিবে তেওঁৰ কোনখন আত্মজীৱনী মুকলি কৰিছে?
উত্তৰ:- শেহতীয়াকৈ ৰাষ্ট্ৰ সংঘৰ প্ৰাক্তন মহা সচিবে তেওঁৰ ” Revived United Nations in a Divided World” নামৰ আত্মজীৱনী মুকলি কৰিছে।
প্ৰশ্ন ৭। কলিন্স ডিক্সনাৰীয়ে 2021 বৰ্ষৰ বাবে তেওঁৰ ৱৰ্ড অফ দা ইয়েৰ হিচাপে কাক বাছনি কৰিছে?
উত্তৰ:- কলিন্স ডিক্সনাৰীয়ে 2021 বৰ্ষৰ বাবে তেওঁৰ ৱৰ্ড অফ দা ইয়েৰ হিচাপে এনএফটিক বাছনি কৰিছে।
প্ৰশ্ন ৮। কেন্দ্ৰীয় নীতি আয়োগৰ বহনক্ষম উন্নয়ন লক্ষ্য নগৰ ভাৰত সূচক 2021-22 ত দেশৰ কোনখন চহৰক প্ৰথম স্থান দিয়া হৈছে?
উত্তৰ:- কেন্দ্ৰীয় নীতি আয়োগৰ বহনক্ষম উন্নয়ন লক্ষ্য নগৰ ভাৰত সূচক 2021-22 ত দেশৰ চিমলা চহৰক প্ৰথম স্থান দিয়া হৈছে।
প্ৰশ্ন ৯। কৰোনাৰ বাবে আন্তৰ্জাতিক হকী ফেডাৰেশ্যনে দক্ষিণ আফ্ৰিকাৰ কোনখন প্ৰতিযোগিতা পিছুৱাই দিছে?
উত্তৰ:- কৰোনাৰ বাবে আন্তৰ্জাতিক হকী ফেডাৰেশ্যনে দক্ষিণ আফ্ৰিকাৰ জুনিয়ৰ মহিলা হকী বিশ্বকাপ প্ৰতিযোগিতাখন পিছুৱাই দিছে।
লগতে পঢ়ক
- Assam Current Affairs MCQ in Assamese language 2021 (26 November 2021)
- Current Affairs Of Assam in Assamese language (25 November 2021)
অস্বীকাৰ: আমি আপোনালোকৰলৈ প্ৰশ্ন আৰু উত্তৰসমূহ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি প্ৰদান কৰোঁ। কেতিয়াবা যিকোনো প্ৰশ্নোত্তৰৰ ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আপোনালোকক আমাক অৱগত কৰিবলৈ অনুৰোধ জনোৱা হ’ল।