Current Affairs in Assamese language 2021-2022

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ এই পোষ্টটিত অসমীয়া সাধাৰণ জ্ঞান ২০২১ ৰ ওপৰত ভিত্তি কৰি মুঠ ১০ টা অসমীয়া  Current Affairs সকলো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই Assamese GK Current Affairs কেইটা আপোনালোকৰ UPSC, APSC, SSC, APDCL, Assam TET, Assam Police পৰীক্ষাসমূহৰ বাবে সহায়ক হ’ব। লগতে Current Affairs in Assamese Online Mock Test ও আমাৰ টেলিগ্ৰামৰ গ্ৰুপৰটো সময় মতে হৈ থাকে। যদিহে আপুনি এতিয়ালৈকে আমাৰ টেলিগ্ৰামৰ গ্ৰুপত জৈন হোৱা নাই তেনেহ’লে তলত দিয়া লিংকৰ সহায়ত জৈন হয় ল’ব পাৰে।

আমাৰ টেলিগ্ৰাম – ইয়াত ক্লি’ক কৰক

Current Affairs in Assamese (30 November 2021)

Current Affairs in Assamese 2021 – অসমীয়া সাধাৰণ জ্ঞান ২০২১

প্ৰশ্ন ১। টুইটাৰৰ দ্বাৰা কোন ভাৰতীয়ক ইয়াৰ নতুন চিইঅ’ হিচাপে নিযুক্তি দিয়া হৈছে?

উত্তৰ:- টুইটাৰৰ দ্বাৰা ভাৰতীয় পৰাগ আগৰৱালাক ইয়াৰ নতুন চিইঅ’ হিচাপে নিযুক্তি দিয়া হৈছে।

প্ৰশ্ন ২। ৰাণী দ্বিতীয় এলিজাবেথৰ শাসনৰ সমাপ্তিৰ পিছত কোনখন দেশ সম্পূৰ্ণ গণৰাজ্যৰ দেশ হৈ পৰিছে, যিখনে এনেদৰে ইয়াক ব্ৰিটেইনৰ পৰা ৫৫ তম গণৰাজ্য দেশলৈ পৃথক কৰিছে?

উত্তৰ:- ৰাণী দ্বিতীয় এলিজাবেথৰ শাসনৰ সমাপ্তিৰ পিছত বাৰ্বাডোচ দেশখন সম্পূৰ্ণ গণৰাজ্যৰ দেশ হৈ পৰিছে, যিখনে এনেদৰে ইয়াক ব্ৰিটেইনৰ পৰা ৫৫ তম গণৰাজ্য দেশলৈ পৃথক কৰিছে।

প্ৰশ্ন ৩। ভাৰতৰ হৈ সৰ্বাধিক উইকেট দখল কৰা ক্ষেত্ৰত কোনজন স্পিনাৰে অনিল কুম্বলে আৰু কপিল দেৱৰ পিছত তৃতীয় স্থানলৈ আগবাঢ়িছে?

উত্তৰ:- ভাৰতৰ হৈ সৰ্বাধিক উইকেট দখল কৰা ক্ষেত্ৰত স্পিনাৰ আৰ অশ্বিন (৪১৯ উইকেট) য়ে অনিল কুম্বলে আৰু কপিল দেৱৰ পিছত তৃতীয় স্থানলৈ আগবাঢ়িছে।

প্ৰশ্ন ৪। ঋণ আৰু সূত পৰিশোধ কৰাত ব্যৰ্থ হোৱা অনিল আম্বানীৰ কোম্পানী ৰিলায়েন্স কেপিটেলৰ কাৰ্যকলাপ কোনে গ্ৰহণ কৰিছে?

উত্তৰ:- ঋণ আৰু সূত পৰিশোধ কৰাত ব্যৰ্থ হোৱা অনিল আম্বানীৰ কোম্পানী ৰিলায়েন্স কেপিটেলৰ কাৰ্যকলাপ ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI) য়ে গ্ৰহণ কৰিছে।

প্ৰশ্ন ৫। আম আদমী পাৰ্টিৰ কোন নেতাক ষ্টাইলিছ পলিটিচিয়ান অফ দা ইয়েৰ বঁটা প্ৰদান কৰা হৈছে?

উত্তৰ:- আম আদমী পাৰ্টিৰ নেতা ৰাঘৱ চাড্ডাক “ষ্টাইলিছ পলিটিচিয়ান অফ দা ইয়েৰ বঁটা” (Stylish Politician of the Year Award) প্ৰদান কৰা হৈছে।

Assamese GK 2022 / অসমীয়া সাধাৰণ জ্ঞান ২০২১-২০২২

প্ৰশ্ন ৬। কোনটো কোম্পানী দেশৰ ৪১ তম ইউনিকৰ্ণ হৈ পৰিছে?

উত্তৰ:- ফিনটেক ষ্টাৰ্টআপ শ্লাইচ নামৰ কোম্পানীটো দেশৰ ৪১ তম ইউনিকৰ্ণ হৈ পৰিছে।

প্ৰশ্ন ৭। শিৰোমণি গুৰুদ্বাৰা প্ৰবন্ধক সমিতিৰ ৪৪ তম মুৰব্বী হিচাপে কাক নিৰ্বাচিত কৰা হৈছে?

উত্তৰ:- শিৰোমণি গুৰুদ্বাৰা প্ৰবন্ধক সমিতিৰ ৪৪ তম মুৰব্বী হিচাপে অধিবক্তা এইচ.এছ. ধামীক নিৰ্বাচিত কৰা হৈছে।

প্ৰশ্ন ৮। মেৰী ৱেবষ্টাৰ অভিধানে “ৱৰ্ড অফ দা ইয়েৰ 2021” হিচাপে কোনটো শব্দ বাছনি কৰিছে?

উত্তৰ:- মেৰী ৱেবষ্টাৰ অভিধানে “ৱৰ্ড অফ দা ইয়েৰ ২০২১” (Word of the Year 2021) হিচাপে ভেকছিন শব্দটো বাছনি কৰিছে।

প্ৰশ্ন ৯। ইণ্ডিয়ান মাউন্টেনিয়াৰিং ফাউণ্ডেচনৰ প্ৰথম গৰাকী মহিলা সভাপতি কোন হৈছে?

উত্তৰ:- ইণ্ডিয়ান মাউন্টেনিয়াৰিং ফাউণ্ডেচনৰ প্ৰথম গৰাকী মহিলা সভাপতি পৰ্বতাৰোহী হৰ্ষৱন্তী বিষ্ট হৈছে।

প্ৰশ্ন ১০। শেহতীয়াকৈ চেক গণৰাজ্যৰ নতুন প্ৰধানমন্ত্ৰী কোন হৈছে?

উত্তৰ:- শেহতীয়াকৈ চেক গণৰাজ্য (Czech Republic Countries) ৰ নতুন প্ৰধানমন্ত্ৰী পেট্ৰ ফিয়ালা হৈছে।

প্ৰশ্ন ১১। চুডানৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে কাক নিৰ্বাচিত কৰা হৈছে?

উত্তৰ:- চুডানৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে আব্দুল্লাহ হামডকক নিৰ্বাচিত কৰা হৈছে।

লগতে পঢ়ক

অস্বীকাৰ: আমি আপোনালোকৰলৈ প্ৰশ্ন আৰু উত্তৰসমূহ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি প্ৰদান কৰোঁ। কেতিয়াবা যিকোনো প্ৰশ্নোত্তৰৰ ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আপোনালোকক আমাক অৱগত কৰিবলৈ অনুৰোধ জনোৱা হ’ল।