Current Affairs in Assamese language (4 December 2021)

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ “Current Affairs” ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ Assam Police ৰ লিখিত পৰীক্ষা, অসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে। লগতে প্ৰতিদিনে Free Assamese Online Mock Test দিবলৈ এই লিংকত ক্লি’ক কৰক:- JOIN NOW

অসমীয়া সাধাৰণ জ্ঞান ২০২১-২০২২ / Assamese GK 2021-2022

Current Affairs in Assamese language (4 December 2021)

Assamese Current Affairs 2021 – অসমীয়া সাধাৰণ জ্ঞান ২০২১

প্ৰশ্ন ১। ৱৰ্ল্ড বেডমিণ্টন এছ’চিয়েশ্যনে বছৰটোৰ শ্ৰেষ্ঠ পুৰুষ আৰু মহিলা খেলুৱৈ হিচাপে কাক কাক বাছনি কৰিছে?

উত্তৰ:- ৱৰ্ল্ড বেডমিণ্টন এছ’চিয়েশ্যনে বছৰটোৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈ হিচাপে ভিক্টৰ এক্সেলসেনক আৰু শ্ৰেষ্ঠ মহিলা খেলুৱৈ টাই জু ইংক বাছনি কৰিছে।

প্ৰশ্ন ২। শেহতীয়াকৈ অন্ধ্ৰ প্ৰদেশ ৰাজ্যৰ কোন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ৮৮ বছৰ বয়সত মৃত্যু হৈছে?

উত্তৰ:- শেহতীয়াকৈ অন্ধ্ৰ প্ৰদেশ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কনিজেতি ৰোচয়াৰ ৮৮ বছৰ বয়সত মৃত্যু হৈছে।

প্ৰশ্ন ৩। বিশ্ব বিখ্যাত আলোচনী কস্মোপলিটানৰ দ্বাৰা কাক ইয়াৰ বিশেষ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে?

উত্তৰ:- বিশ্ব বিখ্যাত আলোচনী কস্মোপলিটানৰ দ্বাৰা পোলোমি পাভিনী শুক্লাক ইয়াৰ বিশেষ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

প্ৰশ্ন ৪। কোন কোম্পানীয়ে ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাক ইয়াৰ নতুন ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি দিছে?

উত্তৰ:- Shore Capital কোম্পানীয়ে ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাক ইয়াৰ নতুন ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি দিছে।

প্ৰশ্ন ৫। কোন খন দেশে ২০৩০ চনৰ ভিতৰত বাল্য বিবাহ সম্পূৰ্ণৰূপে বিলুপ্ত কৰাৰ কথা ঘোষণা কৰিছে?

উত্তৰ:- চুডান দেশে ২০৩০ চনৰ ভিতৰত বাল্য বিবাহ সম্পূৰ্ণৰূপে বিলুপ্ত কৰাৰ কথা ঘোষণা কৰিছে।

Current Affairs 2021-2022 in Assamese language

প্ৰশ্ন ৬। আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে গুজৰাট কংগ্ৰেছে কাক ইয়াৰ নতুন সভাপতি হিচাপে নিযুক্তি দিছে?

উত্তৰ:- আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে গুজৰাট কংগ্ৰেছে জগদীশ থাকাৰক  ইয়াৰ নতুন সভাপতি হিচাপে নিযুক্তি দিছে।

প্ৰশ্ন ৭। আন্তঃৰাষ্ট্ৰীয় দ্বিপাক্ষিক বাণিজ্যৰ ক্ষেত্ৰত কোনখন দেশ পুনৰ ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ হৈ পৰিছে?

উত্তৰ:- আন্তঃৰাষ্ট্ৰীয় দ্বিপাক্ষিক বাণিজ্যৰ ক্ষেত্ৰত আমেৰিকা দেশখন পুনৰ ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ হৈ পৰিছে।

প্ৰশ্ন ৮। কোন জন ফুটবলাৰ শীৰ্ষ টুৰ্ণামেণ্টত অভিলেখ ৮০০ গ’ল কৰা বিশ্বৰ প্ৰথম জন খেলুৱৈ হৈছে?

উত্তৰ:- পৰ্তুগাল ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰোনাল্দো শীৰ্ষ টুৰ্ণামেণ্টত অভিলেখ ৮০০ গ’ল কৰা বিশ্বৰ প্ৰথম জন খেলুৱৈ হৈছে।

প্ৰশ্ন ৯। কোনটো ঘূৰ্ণী বতাহ সন্দৰ্ভত উৰিষ্যা ৰাজ্যত সতৰ্কবাণী জাৰি কৰা হৈছে?

উত্তৰ:- জাৱাদ (Jawad) নামৰ ঘূৰ্ণী বতাহ সন্দৰ্ভত উৰিষ্যা ৰাজ্যত সতৰ্কবাণী জাৰি কৰা হৈছে।

প্ৰশ্ন ১০। আজিৰ দিনটোত অৰ্থাৎ ৪ ডিচেম্বৰত কি দিৱস হিচাপে পালন কৰা হয়?

উত্তৰ:- আজিৰ দিনটোত অৰ্থাৎ ৪ ডিচেম্বৰত নৌসেনা দিৱস হিচাপে পালন কৰা হয়।

লগতে পঢ়ক

অস্বীকাৰ: আমি আপোনালোকৰলৈ প্ৰশ্ন আৰু উত্তৰসমূহ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি প্ৰদান কৰোঁ। কেতিয়াবা যিকোনো প্ৰশ্নোত্তৰৰ ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আপোনালোকক আমাক অৱগত কৰিবলৈ অনুৰোধ জনোৱা হ’ল।