4 January 2022 Current Affairs in Assamese language – Assamese GK 2022

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “4 January 2022 Current Affairs in Assamese language” ৰ এই তথ্যৰাজিত UPSC, APSC, SSC, Assam Police, TET আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে  অসমীয়া সাধাৰণ জ্ঞান ২০২২ ৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে।

ফেচবুক ইয়াত ক্লিক কৰক
টেলিগ্ৰাম ইয়াত ক্লিক কৰক
ইনষ্টাগ্ৰাম ইয়াত ক্লিক কৰক

4 January 2022 Current Affairs- Assamese GK 2022

4 January 2022 Current Affairs- Assamese GK 2022 – অসমীয়া গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ ২০২২

প্ৰশ্ন ১। কেন্দ্ৰীয় চৰকাৰে অৰ্থনৈতিকভাৱে দুৰ্বলৰ বাবে বিদ্যমান বাৰ্ষিক পাৰিবাৰিক উপাৰ্জনৰ সীমা কিমান পৰিমাণে ৰাখিবলৈ পৰামৰ্শ গ্ৰহণ কৰিছে? উত্তৰ:- কেন্দ্ৰীয় চৰকাৰে অৰ্থনৈতিকভাৱে দুৰ্বলৰ বাবে বিদ্যমান বাৰ্ষিক পাৰিবাৰিক উপাৰ্জনৰ সীমা আঠ লাখ টকা বা তাতকৈ কম পৰিমাণে ৰাখিবলৈ পৰামৰ্শ গ্ৰহণ কৰিছে। প্ৰশ্ন ২। ৰাজনৈতিক অচলাৱস্থাৰ বাবে কোন দেশৰ প্ৰধানমন্ত্ৰী আব্দুল্লাহ হামডোকে তেওঁৰ পদৰ পৰা পদত্যাগ কৰিছে? উত্তৰ:- চুদান দেশৰ প্ৰধানমন্ত্ৰী আব্দুল্লাহ হামডোকে ৰাজনৈতিক অচলাৱস্থাৰ বাবে তেওঁৰ পদৰ পৰা পদত্যাগ কৰিছে। প্ৰশ্ন ৩। শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ কোনখন ক্ৰীড়া বিশ্ববিদ্যালয়ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আধাৰশিলা স্থাপন কৰিছে? উত্তৰ:- উত্তৰ প্ৰদেশৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয় “মেজৰ ধ্যান চান্দ ক্ৰীড়া বিশ্ববিদ্যালয়“ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আধাৰশিলা স্থাপন কৰিছে। আৰু এই বিশ্ববিদ্যালয়খন মিৰাটত নিৰ্মাণ কৰা হৈছে। প্ৰশ্ন ৪।(4 January 2022 Current Affairs- Assamese GK 2022)

কোনখন ৰাজ্য দেশৰ প্ৰথম এলপিজি সমৃদ্ধ আৰু ধোঁৱামুক্ত ৰাজ্য হৈ পৰিছে? উত্তৰ:- হিমাচল প্ৰদেশ ৰাজ্যখন দেশৰ প্ৰথম এলপিজি সমৃদ্ধ আৰু ধোঁৱামুক্ত ৰাজ্য হৈ পৰিছে। প্ৰশ্ন ৫। আন্তৰ্জাতিক সংগঠন “ৰিপ’ৰ্ট উইদাউট বৰ্ডাৰ”ৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি ২০২১ চনত বিশ্বজুৰি কিমানজন সাংবাদিকক হাৰাশাস্তি কৰা হৈছে? উত্তৰ:- আন্তৰ্জাতিক সংগঠন “ৰিপ’ৰ্ট উইদাউট বৰ্ডাৰ“ৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি ২০২১ চনত বিশ্বজুৰি ৪৮৮ জন সাংবাদিক হাৰাশাস্তি কৰা হৈছে। তাৰে ভিতৰত চীনৰ ১২৭ জন।

4 January 2022 Current Affairs- Assamese GK 2022

প্ৰশ্ন ৬। হিমাচল প্ৰদেশ ক্ৰিকেট ব’ৰ্ডে বিজয় হাজাৰে ট্ৰফী বিজয়ী দলক কিমান পুৰস্কাৰৰ ধন ঘোষণা কৰিছে? উত্তৰ:- হিমাচল প্ৰদেশ ক্ৰিকেট ব’ৰ্ডে বিজয় হাজাৰে ট্ৰফী বিজয়ী দলক এক কোটি টকা পুৰস্কাৰৰ ধন ঘোষণা কৰিছে। প্ৰশ্ন ৭। ভাৰতীয় মূলৰ ব্ৰিটিছ শিক্ষাবিদ আৰু হাউচ অৱ লৰ্ডছৰ সদস্য ভগৱান অজয় কুমাৰ কক্কৰক কি সন্মানেৰে সন্মানিত কৰা হৈছে? উত্তৰ:- ভাৰতীয় মূলৰ ব্ৰিটিছ শিক্ষাবিদ আৰু হাউচ অৱ লৰ্ডছৰ সদস্য ভগৱান অজয় কুমাৰ কক্কৰক “নাইট কমাণ্ডাৰ অফ দা অৰ্ডাৰ অফ দ্য ব্ৰিটিছ আম্পায়াৰ” সন্মানেৰে সন্মানিত কৰা হৈছে। প্ৰশ্ন ৮। দেশৰ কোনখন প্ৰথম কাগজবিহীন আদালত হৈ পৰিছে? উত্তৰ:- দেশৰ কেৰালা উচ্চ ন্যায়ালয় প্ৰথম কাগজবিহীন আদালত হৈ পৰিছে প্ৰশ্ন ৯।

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ১০০ দিনীয়া যিটো কিতাপ পঢ়া অভিযান আৰম্ভ কৰিছে, সেই অভিযানখনক কি নামেৰে নামাকৰণ কৰা হৈছে? উত্তৰ:- কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ১০০ দিনীয়া যিটো কিতাপ পঢ়া অভিযান আৰম্ভ কৰিছে, সেই অভিযানখনক “ভাৰত পঢ়ক” নামেৰে নামাকৰণ কৰা হৈছে। প্ৰশ্ন ১০। কোন কোম্পানীয়ে বলীউডৰ অভিনেতা বিজয় ৰাজ আৰু বৰুণ শৰ্মাক তেওঁলোকৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি দিছে? উত্তৰ:- ইজি ট্ৰিপ প্লেনাৰলিমিটেড নামৰ কোম্পানীয়ে বলীউডৰ অভিনেতা বিজয় ৰাজ আৰু বৰুণ শৰ্মাক তেওঁলোকৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি দিছে। লগতে পঢ়ক 1 January, 2 January and 3 January Current Affairs 2022