GK in Assamese language / সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ
অসমীয়া সাধাৰণ জ্ঞান / সাধাৰণ জ্ঞান ২০২২ / নতুন কুইজ ২০২২ / ভাৰতৰ সাধাৰণ জ্ঞান ২০২২ / GK in Assamese language / Today GK in Assamese language / Assamese General Knowledge
JOIN NOW
Facebook:- ইয়াত ক্লিক কৰক!
Telegram:- ইয়াত ক্লিক কৰক!

Current Affairs Question Answers in Assamese language
প্ৰশ্ন ১। বিশ্ব ড’পিং প্ৰতিৰোধী সংস্থা (World Anti-Doping Agency) ৰ মতে, কোনবোৰ দেশক ড’পিং-বিৰোধী নিয়ম উলংঘা কৰি শীৰ্ষ তিনিস্থানত ৰখা হৈছে?
উত্তৰ:- বিশ্ব ড’পিং প্ৰতিৰোধী সংস্থা (World Anti-Doping Agency) ৰ মতে ড’পিং-বিৰোধী নিয়ম উলংঘা কৰি শীৰ্ষ তিনিস্থানত ৰাছিয়াক প্ৰথম, ইটালীক দ্বিতীয় আৰু ভাৰতক তৃতীয় স্থানত ৰখা হৈছে।
প্ৰশ্ন ২। তাচখন্দত জ্যেষ্ঠ পৰ্যায়ত কমনৱেলথ চেম্পিয়নশ্বিপত কোনগৰাকী ভাৰতীয় ভাৰোত্তোলকে সোণৰ পদক জিকিছে?
উত্তৰ:- তাচখন্দত জ্যেষ্ঠ পৰ্যায়ত কমনৱেলথ চেম্পিয়নশ্বিপত ভাৰতীয় ভাৰোত্তোলক পূৰ্ণিমাই সোণৰ পদক জিকিছে।
প্ৰশ্ন ৩। কোনটো ব্যক্তিগত খণ্ডৰ বেংকক ভাৰতীয় ৰিজাৰ্ভ বেংকে এজেন্সি বেংকেৰ মৰ্যাদা দিছে?
উত্তৰ:- চি.এছ.বি. (CSB) ব্যক্তিগত খণ্ডৰ বেংকক ভাৰতীয় ৰিজাৰ্ভ বেংকে এজেন্সি বেংকেৰ মৰ্যাদা দিছে।
প্ৰশ্ন ৪। ভাৰতীয় বৈদেশিক সচিব হৰ্ষ বৰ্ধন শ্ৰীংলাই দুদিনীয়া ভ্ৰমণসূচীৰে কোনখন দেশ ভ্ৰমণ কৰিছে?
উত্তৰ:- ভাৰতীয় বৈদেশিক সচিব হৰ্ষ বৰ্ধন শ্ৰীংলাই দুদিনীয়া ভ্ৰমণসূচীৰে ম্যানমাৰ দেশ ভ্ৰমণ কৰিছে।
প্ৰশ্ন ৫। তিব্বতীয় সমস্যাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা কোন ভাৰতবংশীক আমেৰিকা যুক্তৰাষ্ট্ৰৰ আহ্বায়ক হিচাপে নিযুক্তি দিয়া হৈছে?
উত্তৰ:- তিব্বতীয় সমস্যাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা ভাৰতবংশী উজৰা জয়াক আমেৰিকা যুক্তৰাষ্ট্ৰৰ আহ্বায়ক হিচাপে নিযুক্তি দিয়া হৈছে।
লগতে পঢ়ক
আমাৰ অসম বাতৰি কাকত আজিৰ / Today Amar Asom Newspaper
প্ৰশ্ন ৬। ২২ ডিচেম্বৰত সমগ্ৰ দেশতে কি দিৱস হিচাপে পালন কৰে?
উত্তৰ:- ২২ ডিচেম্বৰত সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় গণিত দিৱস হিচাপে পালন কৰে।
প্ৰশ্ন ৭। ইস্পাত মন্ত্ৰালয়ৰ অধীনৰ কোনটো বিভাগক ২০২১ ৰ সোণালী ময়ূৰ পৰিৱেশ ব্যৱস্থাপনা বঁটা প্ৰদান কৰা হৈছে?
উত্তৰ:- ইস্পাত মন্ত্ৰালয়ৰ অধীনৰ ষ্টীল অথৰিটি অফ ইণ্ডিয়া লিমিটেড বিভাগক ২০২১ ৰ সোণালী ময়ূৰ পৰিৱেশ ব্যৱস্থাপনা বঁটা প্ৰদান কৰা হৈছে।
প্ৰশ্ন ৮। ভাৰতৰ কোন খন ৰাজ্যত তিনিখন নতুন জিলা ঘোষণা কৰা হৈছে?
উত্তৰ:- ভাৰতৰ নাগালেণ্ড ৰাজ্যত তিনিখন নতুন জিলা ঘোষণা কৰা হৈছে।
প্ৰশ্ন ৯। শেহতীয়াকৈ দেশৰ শীৰ্ষ কিউ খেলুৱৈ পংকজ আদৱানীয়ে ১১ তম বাৰৰ বাবে কোন খিতাপ জিকিছে?
উত্তৰ:- শেহতীয়াকৈ দেশৰ শীৰ্ষ কিউ খেলুৱৈ পংকজ আদৱানীয়ে ১১ তম বাৰৰ বাবে ৰাষ্ট্ৰীয় বিলিয়ৰ্ডৰ শিৰোনাম খিতাপ জিকিছে।
প্ৰশ্ন ১০। শেহতীয়াকৈ মৃত্যু হোৱা বাঙালী ভাষাৰ কবি আৰু লেখকগৰাকীৰ নাম কি আছিল?
উত্তৰ:- শেহতীয়াকৈ মৃত্যু হোৱা বাঙালী ভাষাৰ কবি আৰু লেখকগৰাকীৰ নাম সৰত কুমাৰ মুখাৰ্জী আছিল।
লগতে পঢ়ক