Today 2 February 2022 Current Affairs in Assamese language PDF – Assamese GK 2022 PDF

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “Today 2 February 2022 Current Affairs in Assamese language” ৰ এই তথ্যৰাজিত UPSC, APSC, SSC, Assam Police, TET আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে অসমীয়া কুইজ ২০২২ ৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই প্ৰশ্নোত্তৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

যদি আপোনালোকে আমাৰ এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ সমূহৰ পৰা উপকাৰ পাইছে তথা উপকৃত হৈছে, তেনেহ’লে অনুগ্ৰহ কৰি আপোনালোকে আমৰ Assamesegk.com ৰ বিষয়ে বন্ধু-বান্ধবী তথা পঢ়ুৱৈ সমাজত শ্বেয়াৰ (Share) কৰিব।

Current Affair 2 February 2022 in Assamese

ফেচবুক ইয়াত ক্লিক কৰক
টেলিগ্ৰাম ইয়াত ক্লিক কৰক
ইনষ্টাগ্ৰাম ইয়াত ক্লিক কৰক

Today 2 February 2022 Current Affairs in Assamese language

আজিৰ দিটোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰসমূহ – অসমীয়া সাধাৰণ জ্ঞান ২০২২

প্ৰশ্ন ১। শেহতীয়াকৈ বিশ্ব ক্ৰীড়া এথলীট অফ দা ইয়েৰ বঁটা কোনজন খেলুৱৈয়ে লাভ কৰিছে, যিজনে এই বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈ হৈ পৰিছে?

উত্তৰ:- শেহতীয়াকৈ বিশ্ব ক্ৰীড়া এথলীট অফ দা ইয়েৰ বঁটা ভাৰতীয় খেলুৱৈ পিআৰ শ্ৰীজেশে লাভ কৰিছে। আৰু এই বঁটা লাভ কৰা তেখেতেই প্ৰথমজন ভাৰতীয় খেলুৱৈ হৈ পৰিছে।

প্ৰশ্ন ২। শেহতীয়াকৈ কোনজন জ্যেষ্ঠ অধিবক্তা আৰু অতিৰিক্ত ছলিচিটৰ জেনেৰেলৰ মৃত্যু হৈছে?

উত্তৰ:- শেহতীয়াকৈ জ্যেষ্ঠ অধিবক্তা আৰু অতিৰিক্ত ছলিচিটৰ জেনেৰেল ৰূপিন্দৰ সিং চুৰিৰ মৃত্যু হৈছে।

প্ৰশ্ন ৩। হণ্ডুৰাছ দেশৰ বৰ্তমান ৰাষ্ট্ৰপতি কোন? যিগৰাকী হৈছে দেশখনৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি।

উত্তৰ:- হণ্ডুৰাছ দেশৰ বৰ্তমান ৰাষ্ট্ৰপতি চিওমাৰা কাষ্ট্ৰ। আৰু চিওমাৰা কাষ্ট্ৰই হৈছে দেশখনৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি।

প্ৰশ্ন ৪। প্ৰতিৰক্ষা চোৰাংচোৱা সংস্থাৰ নতুন মুৰব্বী হিচাপে কাক নিযুক্তি দিয়া হৈছে?

উত্তৰ:- প্ৰতিৰক্ষা চোৰাংচোৱা সংস্থাৰ নতুন মুৰব্বী হিচাপে লেফটেনেণ্ট জেনেৰেল জিএভি ৰেড্ডীক নিযুক্তি দিয়া হৈছে।

প্ৰশ্ন ৫। আইচিচিৰ দুৰ্নীতি বিৰোধী গোটে জিম্বাবোৱেৰ কোন প্ৰাক্তন অধিনায়কৰ ওপৰত ৩.৫ বছৰৰ নিষেধাজ্ঞা আৰোপ কৰিছে?

উত্তৰ:- আইচিচিৰ দুৰ্নীতি বিৰোধী গোটে জিম্বাবোৱেৰ প্ৰাক্তন অধিনায়ক ব্ৰেণ্ডন টেইলৰৰ ওপৰত ৩.৫ বছৰৰ নিষেধাজ্ঞা আৰোপ কৰিছে।

প্ৰশ্ন ৬। কিৰণ বেদীৰ দ্বাৰা লিখা কোনখন কিতাপ শেহতীয়া মুকলি কৰা হৈছে?

উত্তৰ:- কিৰণ বেদীৰ দ্বাৰা লিখা “Fearless Governance” নামৰ কিতাপখন শেহতীয়া মুকলি কৰা হৈছে।

প্ৰশ্ন ৭। কোনটো প্ৰতিষ্ঠানৰ ৩০ তম প্ৰতিষ্ঠা দিৱস ৩১ জানুৱাৰীত সমগ্ৰ দেশতে উদযাপন কৰা হৈছিল?

উত্তৰ:- ৰাষ্ট্ৰীয় মহিলা আয়োগ প্ৰতিষ্ঠানৰ ৩০ তম প্ৰতিষ্ঠা দিৱস ৩১ জানুৱাৰীত সমগ্ৰ দেশতে উদযাপন কৰা হৈছিল।

প্ৰশ্ন ৮। নগদবিহীন লেনদেনৰ প্ৰচাৰৰ বাবে ভাৰতীয় ৰাষ্ট্ৰীয় পৰিশোধ নিগমৰ (National Payments Corporation of India) সৈতে কোনে অংশীদাৰীত্ব কৰিছে?

উত্তৰ:- নগদবিহীন লেনদেনৰ প্ৰচাৰৰ বাবে ভাৰতীয় ৰাষ্ট্ৰীয় পৰিশোধ নিগমৰ (National Payments Corporation of India) সৈতে TerraPay য়ে অংশীদাৰীত্ব কৰিছে।

প্ৰশ্ন ৯। আদানি টোটেল গেছ লিমিটেড (Adani Total Gas Limited) য়ে কোনটো কোম্পানীত ২০,০০০ কোটি টকা বিনিয়োগ কৰিব?

উত্তৰ:- আদানি টোটেল গেছ লিমিটেড (Adani Total Gas Limited) য়ে Clean Energy নামৰ কোম্পানীত ২০,০০০ কোটি টকা বিনিয়োগ কৰিব।

প্ৰশ্ন ১০। বেংগালুৰুক অতিক্ৰম কৰি ষ্টাৰ্টআপ ৰাজধানী হোৱাৰ গৌৰৱ কোনে অৰ্জন কৰিছে?

উত্তৰ:- বেংগালুৰুক অতিক্ৰম কৰি ষ্টাৰ্টআপ ৰাজধানী হোৱাৰ গৌৰৱ দিল্লীয়ে অৰ্জন কৰিছে।

Assamese GK Current Affairs PDF Download

লগতে পঢ়ক –

Assam GK PDF in Assamese language SET – 1

সাধাৰণ বিজ্ঞান কুইজ – General Science Mock Test in Assamese language PDF SET – 1

Assam History GK in Assamese language PDF SET – 2